আহমেদাবাদ বিমান দুৰ্ঘটনা; বিজয় ৰূপানীসহ ৪৭ টা ডি এন এ মিলিছে
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহতসকলৰ ৪৭ টা মৃতদেহ ডি এন এ পৰিয়ালৰ সৈতে মিলিছে । ২৪ টা মৃতদেহ পৰিয়ালক হস্তান্তৰ ।

Published : June 15, 2025 at 8:43 PM IST
আহমেদাবাদ : ১২ জুনত আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ আহমেদাবাদ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে । য'ত মৃতদেহ আৰু মৃতকৰ আত্মীয়ৰ ডি এন এ নমুনা লোৱা হৈছে । ডি এন এৰ নমুনাসমূহ মিলাই থকা হৈছে আৰু ডি এন এ মিলা পৰিয়ালৰ লোকসকলক মৃতদেহ হস্তান্তৰ কৰা হৈছে । এতিয়ালৈকে কিমান মৃতদেহ হস্তান্তৰ কৰা হৈছে আৰু কিমান নমুনা মিলিছে তাৰ সবিশেষ জানো আহক ।
জানিব পৰা মতে এতিয়ালৈকে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ ডি এন এৰ নমুনাকে ধৰি ৪৭ টা ডি এন এৰ নমুনা মিলিছে ।
৪৭ টা ডি এন এ নমুনাৰ মিল
এই সন্দৰ্ভত আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ অতিৰিক্ত চিকিৎসা অধীক্ষক ডাঃ ৰজনীশ পেটেলে কয়, "আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত উদ্ধাৰ হোৱা মৃতদেহৰ ভিতৰত এতিয়ালৈকে ৪৭ টা ডি এন এৰ নমুনাৰ মিলিছে । ৪৭ টাৰ ভিতৰত ৪৪ টা মৃতদেহ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে । এতিয়ালৈ ২৪ টা মৃতদেহ আত্মীয়ক হস্তান্তৰ কৰা হৈছে ।
বিদেশী নাগৰিকৰ পৰিয়ালৰ সৈতে যোগাযোগ
গুজৰাটৰ সাহায্য আয়ুক্ত আলোক পাণ্ডেই কয়, "মৃতকৰ ভিতৰত ১১ গৰাকী বিদেশী নাগৰিক আছে, তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে । সোমবাৰে বিয়লিৰ ভিতৰত তেওঁলোক আহমেদাবাদত উপস্থিত হ'ব । দেওবাৰে ব্ৰিটিছ নাগৰিকৰ ডি এন এ নমুনা লোৱা হ'ব ।"
উল্লেখ্য যে দুৰ্ঘটনাত মৃত লোকসকলৰ ডি এন এ মিল খোৱা সকলো মৃতদেহ আত্মীয়ক হস্তান্তৰ কৰা হৈছে । মৃতদেহ হস্তান্তৰ কৰিবলৈ ২৩০ টা দল গঠন কৰা হৈছে । প্ৰতিগৰাকী মৃতকৰ আত্মীয়ৰ বাবে এটা সুকীয়া দলক দায়িত্ব দিয়া হৈছে । এই দলটোত এজন জ্যেষ্ঠ বিষয়া, এজন আৰক্ষী আৰু এজন পেছাদাৰী পৰামৰ্শদাতা আছে ।
বিজয় ৰূপানীৰ অন্তেষ্টিক্ৰিয়া
ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্তেষ্টিক্ৰিয়া সন্দৰ্ভত গুজৰাটৰ স্বাস্থ্য মন্ত্ৰী ঋষিকেশ পেটেলে কয় যে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে তথ্য লাভ কৰাৰ লগে লগে বিজয় ৰূপানীৰ ডি এন এ নমুনাৰ মিলাৰ বিষয়ে বিজয় ৰূপানীৰ পৰিয়ালক অৱগত কৰে । সোমবাৰে পুৱা ১১.৩০ বজাত অসামৰিক চিকিৎসালয়ৰ পৰা বিজয় ৰূপানীৰ মৃতদেহ গ্ৰহণ কৰিব পৰিয়ালটোৱে । মৃতদেহটো বিমানযোগে ৰাজকোটলৈ লৈ যোৱা হ'ব আৰু দুপৰীয়া ২ বজাত গৈ পাব । সন্ধিয়া ৫ বজাত অন্তিম ৰীতি-নীতি আৰু সন্ধিয়া ৬ বজাত ৰাজ্যিক সন্মানেৰে অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব ।

