ETV Bharat / bharat

উদ্ধাৰ হোৱা ব্লেক বক্সে পোহৰলৈ আনিব বিমান দুৰ্ঘটনাৰ সমগ্ৰ সত্য - AHMEDABAD PLANE CRASH

বিমানৰ ডি ভি আৰ হৈছে বিমানত সংস্থাপিত কেমেৰাৰ ভিডিঅ’ ফুটেজ ধৰি ৰাখিবলৈ, সংৰক্ষণ কৰিবলৈ আৰু পৰিচালনা কৰিবলৈ ডিজাইন কৰা এটা বিশেষ ব্যৱস্থা ।

AHMEDABAD PLANE CRASH
এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ব্লেক বক্স উদ্ধাৰ (AFP)
author img

By ETV Bharat Assamese Team

Published : June 13, 2025 at 9:09 PM IST

3 Min Read

আহমেদাবাদ: বৃহস্পতিবাৰে বিয়লি আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ধ্বংসাৱশেষৰ পৰা গুজৰাট এণ্টি টেৰৰিজম স্কোৱাডে এটা ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ (ডি ভি আৰ) উদ্ধাৰ কৰিছে ৷

এ টি এছৰ এজন কৰ্মী সদস্যই সাংবাদিকৰ আগত এনেদৰে কয়- ‘‘এইটো এটা ডি ভি আৰ, যিটো আমি বিমানখনৰ ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰিছো । এফ এছ এলৰ দলটো অতি সোনকালে ইয়ালৈ আহিব ।’’

বিমানত ডি ভি আৰ হৈছে বিমানত সংস্থাপিত কেমেৰাৰ পৰা ভিডিঅ’ ফুটেজ ধৰি ৰাখিবলৈ, সংৰক্ষণ কৰিবলৈ আৰু পৰিচালনা কৰিবলৈ ডিজাইন কৰা এটা বিশেষ ব্যৱস্থা । এই ব্যৱস্থাসমূহ নিৰাপত্তা, প্ৰশিক্ষণ, কাৰ্যকৰী পৰ্যালোচনা আৰু বিমান সুৰক্ষাৰ মানদণ্ডসমূহ মানি চলাৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

ডি ভি আৰে ভিডিঅ'ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে পৰম্পৰাগত ফ্লাইট ডাটা ৰেকৰ্ডাৰ (এফ ডি আৰ) আৰু ককপিট ভইচ ৰেকৰ্ডাৰ (চি ভি আৰ)-এ দুৰ্ঘটনাজনিত তদন্তৰ বাবে যন্ত্ৰসমূহৰ মেট্ৰিক আৰু অডিঅ' ৰেকৰ্ড কৰি ৰাখে ।

আহমেদাবাদৰ এই ভয়াৱহ বিমান দুৰ্ঘটনাত বয়িং ৭৮৭-৮, এয়াৰ ইণ্ডিয়াৰ ১৭১ নং বিমানত থকা মুঠ ২৪১ জন লোকৰ মৃত্যু হোৱা বুলি শুকুৰবাৰে মাজনিশা এয়াৰ ইণ্ডিয়াই নিশ্চিত কৰে ।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিষয়াসকলে তেওঁক দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে । ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰে ৷

উল্লেখ্য যে, আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে লণ্ডন গেটৱিক অভিমুখী এ আই-১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ এদিন পিছত অৰ্থাৎ শুকুৰবাৰে গৃহৰাজ্যত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী ৷

সামাজিক মাধ্যম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এনেদৰে লিখে ‘‘আজি আহমেদাবাদৰ দুৰ্ঘটনাস্থলী ভ্ৰমণ কৰিলোঁ । ধ্বংসলীলাৰ দৃশ্যটো দুখজনক । উদ্ধাৰকাৰী বিষয়া আৰু দলসমূহে অক্লান্তভাৱে কাম কৰি আছে । এই অকল্পনীয় ট্ৰেজেডীত নিজৰ আপোনজনক হেৰুওৱাসকলৰ সৈতে আমি আছো ।’’

সমান্তৰালকৈ আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ত এয়াৰ ইণ্ডিয়া ১৭১ বিমানখনৰ মৃত যাত্ৰীসকলক চিনাক্তকৰণৰ বাবে ডি এন এ নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়া চলি আছে ।

বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক সাক্ষাৎ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত বিতং তথ্য লাভ কৰে । শ্বাহে কয় যে লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত কাকো বচাব পৰাৰ কোনো সম্ভাৱনা নাই ৷ কাৰণ বিমানখনত থকা প্ৰায় ১ লাখ ২৫ হাজাৰ লিটাৰ ইন্ধন জ্বলি যোৱাৰ ফলত বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হয় ৷’’

যাত্ৰীসকলৰ মৃত্যুত শোকপ্ৰকাশ কৰি শ্বাহে কয়- ‘‘ডি এন এ পৰীক্ষাৰ পিছতহে মৃত্যুৰ সঠিক সংখ্যা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ’ব । এতিয়ালৈকে প্ৰায় ১০০০ টা ডি এন এ পৰীক্ষা কৰা হৈছে ।’’

লগতে পঢ়ক: আহমেদাবাদৰ বিমান দুৰ্ঘটনা: চাৰিটাকৈ জ্বলি যোৱা অট্টালিকাই সোঁৱৰাই কৰুণ কাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.