ETV Bharat / bharat

আহমেদাবাদৰ বিমান ট্ৰেজেডি : ৮০টা DNA-ৰ নমুনা মিল, আত্মীয়ৰ হাতত অৰ্পণ ৪৭টা মৃতদেহ - AHMEDABAD PLANE CRASH

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত লোকসকলৰ চিনাক্ত কৰাৰ কাম চলি আছে । লগতে কেবাটাও মৃতদেহ আত্মীয়ৰ হাতত গতাই দিয়া হৈছে ।

AHMEDABAD PLANE CRASH
বিমান দুৰ্ঘটনা (AP)
author img

By ETV Bharat Assamese Team

Published : June 16, 2025 at 2:06 PM IST

3 Min Read

আহমেদাবাদ : দেশৰ ইতিহাসত আটাইতকৈ ভয়াৱহ বিমান দুৰ্ঘটনা হিচাবে বিবেচিত আহমেদাবাদৰ এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনা ৷ ধ্বংসস্তুপৰ মাজৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বহু মৃতদেহ ৷ অধিকাংশ মৃতদেহৰ পৰিচয় বৰ্তমানেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ অৱশ্যে নিহতসকলক চিনাক্ত কৰিবলৈ চিকিৎসকেও যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷

শেহতীয়াকৈ লাভ কৰা তথ্য মতে, আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত লোকক চিনাক্ত কৰিবলৈ সংগ্ৰহ কৰা ডি এন এৰ নমুনাৰ ভিতৰত মুঠ ৮০টা মিল খাইছে । ইয়াৰ ভিতৰত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ ডি এন এৰ নমুনাও আছে । এই ক্ৰমত ৪৭ টা মৃতদেহ স-সন্মানেৰে আত্মীয়ৰ হাতত গতাই দিয়া হৈছে । আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ অতিৰিক্ত অধীক্ষক ডাঃ ৰাজনীশ পেটেলে যোৱা নিশা ১০:১৫ বজাত এই তথ্য দিয়ে ।

ইতিমধ্যে সকলোৰে জ্ঞাত যে, লণ্ডন অভিমুখী বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানখন চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে কাৰিকৰীক বিজুতিৰ ফলত দুৰ্ঘটনাত পতিত হয় ৷ ফলত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীকে ধৰি ২৪১জন যাত্ৰী আৰু ক্ৰু মেম্বাৰ নিহত হয় ।

ডিএনএ পৰীক্ষাৰ জৰিয়তে মৃতক চিনাক্তকৰণৰ বাবে গুজৰাটৰ চৰকাৰ আৰু চিকিৎসালয় প্ৰশাসনে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ডাঃ ৰজনীশ পেটেলে কয়, ‘‘মুঠতে ৮০টা ডি এন এ নমুনাৰ মিল পোৱা গৈছে । ইয়াৰে ৪৭টা মৃতদেহ স-সন্মানেৰে পৰিয়ালৰ হাতত গতাই দিয়া হৈছে ।’’

তেওঁ কয়, ‘‘সোমবাৰে নিশা আৰু দুজন নিহত লোকৰ আত্মীয় আহি পোৱাৰ সম্ভাৱনা আছে আৰু মঙলবাৰে ১৩টা পৰিয়ালে মৃতদেহ ল’বলৈ অহাৰ কথা আছে । ২১ জন নিহত লোকৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালৰ সদস্যই অধিক আলোচনাৰ অন্তত মৃতদেহকেইটা সংগ্ৰহ কৰিব পাৰিব । ১১ জন ভুক্তভোগীৰ ক্ষেত্ৰত তেওঁলোকৰ আত্মীয়ও এই দুৰ্ঘটনাত পতিত লৈছিল ৷ বাকী থকা ডি এন এ-ৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতহে অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

ইফালে মৃতদেহ গতাই দিয়াৰ কামো চলি আছে । এই পৰ্যন্ত বহু নিহত লোকৰ মৃতদেহ গতাই দিয়া হৈছে । ইয়াৰ ভিতৰত আছে-

  • আহমেদাবাদৰ ১২ জন
  • বৰোদাৰ ৫ জন
  • মেহছানাৰ ৪ জন
  • আনন্দৰ ৪ জন
  • খেডাৰ ২ জন
  • ভাৰুচৰ ২ জন
  • উদয়পুৰৰ এজন
  • যোধপুৰৰ এজন
  • বোটাডৰ এজন আৰু
  • আৰৱল্লীৰ এজন

ডাঃ পেটেলৰ মতে, ৰাজ্য চৰকাৰে প্ৰতিজন মৃতকৰ পৰিয়ালৰ বাবে এটা বিশেষ দলক নিযুক্ত কৰা হৈছে । এই দলটোত এজন জ্যেষ্ঠ বিষয়া, এজন আৰক্ষী বিষয়া আৰু এজন পেছাদাৰী পৰামৰ্শদাতা আছে । এই দলসমূহক চিনাক্তকৰণ আৰু হস্তানান্তৰ প্ৰক্ৰিয়াৰ সময়ত পৰিয়ালসমূহক সহায় কৰাৰ দায়িত্ব দিয়া হৈছে । মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া আগবাঢ়ি যোৱাৰ লগে লগে বিষয়াসকলে আশ্বাস দিয়ে যে প্ৰতিটো মৃতদেহ সম্পূৰ্ণ স-সন্মানেৰে গতাই দিয়া হ’ব ।

ইফালে এই ভয়াৱহ দুৰ্গটনাত জীৱিত একমাত্ৰ ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশ বৰ্তমানো চিকিৎসাধীন হৈ আছে ৷ আনহাতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ চিকিৎসকৰ হোষ্টেলত পৰাৰ ফলত স্থানীয় বাসিন্দা আৰু MBSS-ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি কমেও ৩৩জন লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক : আসন 11A-ৰ চমৎকাৰ : দুটা বিমান দুৰ্ঘটনা, মৃত্যুক জয় কৰা দুজন যাত্ৰীৰ কাহিনী

লগতে পঢ়ক : ধ্বংসস্তুপৰ মাজৰ পৰা মৃতদেহ উদ্ধাৰৰ প্ৰক্ৰিয়া অব্যাহত, নিহতৰ সংখ্যা ২৭৮ গৰাকীলৈ বৃদ্ধি

লগতে পঢ়ক : মানুহেই নহয়, জীৱ-জন্তুও জ্বলি ছাইত পৰিণত হৈছিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত

লগতে পঢ়ক : অৱশেষত উদ্ধাৰ দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানৰ ককপিট ভইচ ৰেকৰ্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.