আহমেদাবাদ : বৃহস্পতিবাৰে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI171ৰ ব্লেক বক্স এতিয়াও উদ্ধাৰ হোৱা নাই । শুকুৰবাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে এই কথা প্ৰকাশ কৰে । ব্লেক বক্সৰ বিশ্লেষণে এয়াৰ ইণ্ডিয়াৰ ভয়াৱহ বিমান দুৰ্ঘটনাটো কিহৰ বাবে সংঘটিত হৈছিল তাৰ কাৰণৰ গুৰুত্বপূৰ্ণ সূত্ৰ প্ৰদান কৰিব ।
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ পিছদিনা আহমেদাবাদত অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, বৃহস্পতিবাৰে বিয়লি বয়িং ৭৮৭ ড্ৰীমলাইনাৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানবন্দৰৰ সমীপৰ মেঘনিগৰৰ দুৰ্ঘটনাস্থলীত ধ্বংসাৱশেষত থকা ব্লেক বক্সটো বিচাৰি উলিয়াবলৈ মেটেল কাটাৰৰ দৰে বিশেষ সঁজুলিৰে এটা দল নিয়োগ কৰা হৈছে । আৰক্ষী উপ আয়ুক্ত (জ'ন ৪) কানন দেশায়ে পিটিআইক জনোৱা মতে, ব্লেক বক্সটো বিচাৰি উলিওৱাৰ কাম অব্যাহত আছে ।
তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে বিমানখনৰ ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ বুলি কোনো বস্তু পোৱা হোৱা নাই । সূত্ৰই জনোৱা মতে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বি জে মেডিকেল কলেজৰ হোষ্টেলৰ চিচিটিভি কেমেৰাৰ ডি ভি আৰ (ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ) আৰক্ষীয়ে জিম্মাত লৈছে । ডি ভি আৰ হৈছে চিচিটিভি কেমেৰাৰ পৰা ভিডিঅ’ ফুটেজ ৰেকৰ্ড আৰু সংৰক্ষণ কৰিব পৰাকৈ ডিজাইন কৰা ইলেক্ট্ৰ'নিক ডিভাইচ ।
আনহাতে, অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, বিমানখনৰ ব্লেক বক্সটো বিচাৰি উলিয়াবলৈ তেওঁলোকৰ সহায় বিচৰা হৈছে । উপ-মুখ্য অগ্নিনিৰ্বাপক বিষয়া ধ্ৰুমিত গান্ধীয়ে জনোৱা মতে, "আমাৰ দলটোৱে ব্লেক বক্সটো উদ্ধাৰ কৰাত ফৰেনছিক আৰু অসামৰিক বিমান পৰিবহণ বিশেষজ্ঞসকলক সহায় কৰি আছে । দলটো মেটেল কাটাৰৰ দৰে বিশেষ সঁজুলিৰে সজ্জিত ।"
উল্লেখ্য যে ব্লেক বক্স হৈছে এটা সৰু যন্ত্ৰ, যিয়ে বিমান এখনৰ উৰণৰ সময়ত তথ্য লিপিবদ্ধ কৰে । ই বিমান দুৰ্ঘটনাৰ তদন্তত সহায় কৰে । আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু মিনিটৰ পিছতে দুপৰীয়া ১.৩৮ বজাত ২৪২ জন যাত্ৰী আৰু ক্ৰু কঢ়িওৱা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখন মেঘনিনগৰত দুৰ্ঘটনাগ্ৰস্ত হয় ।
দূৰৈৰ পৰা দেখা যোৱা বয়িং ৭৮৭ ড্ৰীমলাইনাৰ বিমানখনে (AI171) দ্ৰুতগতিত উচ্চতা হেৰুৱাই অগ্নিপিণ্ডত পৰিণত হৈ দুৰ্ঘটনাগ্ৰস্ত হয় আৰু আকাশত সৰ্পিলভাৱে ডাঠ ক’লা ধোঁৱাৰ ঢৌবোৰ ওপৰলৈ উঠি গৈছিল ।