ETV Bharat / bharat

অভিশপ্ত ড্ৰীমলাইনাৰ: কালৰূপী বিমানখনৰ কেবিন ক্ৰুত আছিল মণিপুৰৰ এয়াৰ হোষ্টেজ - AHMEDABAD CRASH

ছাই হৈ যোৱা লণ্ডনমুখী এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত বিমানখনে দুই শতাধিক পৰিয়ালৰ লগতে কন্দুৱাইছে মণিপুৰৰ এখন ঘৰকো ৷

Manipuri Woman Among Crew Of London-Bound Air India Flight
শোকত ভাগি পৰিছে মণিপুৰী কেবিন ক্ৰুগৰাকীৰ পৰিয়াল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 13, 2025 at 8:12 AM IST

2 Min Read

ইম্ফল: লণ্ডনলৈ উৰা মাৰিবলৈ লওতেই চকুৰ পচাৰতে ধ্বংস হৈ গ'ল এয়াৰ ইণ্ডিয়াৰ বিমানখন । ২৪১ গৰাকী দুৰ্ভগীয়া যাত্ৰীৰ প্ৰাণ গ'ল নিমিষতে । আহমেদাবাদৰ মেঘানীনগৰ আই জি কমপ্লেক্সত দুৰ্ঘটনাত পতিত হোৱা বিমানখনৰ কেবিন ক্ৰু আছিল ১০ গৰাকী ৷ এই কেবিন ক্ৰুৰে অংশ আছিল মণিপুৰৰ থৌবালৰ কংব্ৰাইলাতপাম ঙানথৈ শৰ্মা নামৰ অষ্টাদশী যুৱতীগৰাকী । এই খবৰ বিয়পি পৰাৰ পিছতে পৰিয়ালৰ লোক, তদন্তকাৰী বিষয়া, চৰকাৰী বিষয়া আদিয়ে শৰ্মাৰ বিষয়ে তথ্য গোটোৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ । কিয়নো স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি তেওঁৰ শেহতীয়া স্থিতি সম্পৰ্কত কোনো তথ্য নাছিল ।

মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে এই বিমান দুৰ্ঘটনাক গভীৰ শোক প্ৰকাশ কৰিছে । ৰাজভৱনে X মাধ্যমত প্ৰকাশ কৰে, "মণিপুৰৰ মহামান্য ৰাজ্যপালে আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰাৰ সময়ত সংঘটিত হোৱা হৃদয়বিদাৰক বিমান দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে । তেওঁ এই দুৰ্ভাগ্যজনক ঘটনাত আহত সকলো লোকৰ সুস্বাস্থ্য কামনা কৰিছে ।"

ইফালে বিৰেণ সিঙে সামাজিক মাধ্যম X ত কয়, "মই আজি দুপৰীয়া আহমেদাবাদৰ মেঘানীনগৰত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাক লৈ শোকত ভাগি পৰিছো । লণ্ডনলৈ যাবলগীয়া ব'য়িং ৭৮৭ ড্ৰীমলাইনাৰত ২৪২ গৰাকী যাত্ৰী আছিল ।"

এই হৃদয়বিদাৰক ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে । এই অকল্পনীয় কঠোৰ সময়চোৱাত নিহতসকলৰ বাবে সকলোৱে দুখ প্ৰকাশ কৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যৰ মুখ্যমন্ত্ৰী অসমৰ হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মাণিক সাহা, অৰুণাচলৰ পেমা খাণ্ডু, মেঘালয়ৰ কনৰাড চাংমা, নাগালেণ্ডৰ নেফিঅ' ৰিঅ', মিজোৰামৰ লাল দুহোমাই আদিয়ে নিজৰ নিজৰ X হেণ্ডেলত বেলেগ বেলেগ প'ষ্টত বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ।

ব'য়িং ৭৮৭ ড্ৰীমলাইনাৰ, যিখনে লণ্ডনলৈ যাত্ৰা কৰিছিল, বিমানখনত ২৪২ গৰাকী যাত্ৰী আছিল । দুগৰাকী পাইলট, ১০ গৰাকী কেবিন ক্ৰু আছিল । আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰা মৰাৰ কেইমিনিটমানৰ পিছতে দুৰ্ঘটনাত পতিত হৈছিল বিমানখন । ঘটনা সংঘটিত হোৱাৰ পিছতে বিমান বন্দৰৰ সঞ্চালন কিছুসময়ৰ বাবে নিলম্বন কৰা হৈছিল যদিও কিছুসময়ৰ পিছতে পুনৰ আৰম্ভ কৰা হয় ।

লগতে পঢ়ক: এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : যাত্ৰীৰ ৰূপত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী - AIR INDIA PLANE CRASH

বিমান দুৰ্ঘটনাৰ পৰা জীৱন বচাবলৈ এই আসন সকলোতকৈ সুৰক্ষিত - PLANE CRASH IN AHMEDABAD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.