ETV Bharat / bharat

অৱশেষত উদ্ধাৰ দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানৰ ককপিট ভইচ ৰেকৰ্ডাৰ - AHMEDABAD PLANE CRASH

ককপিট ভইচ ৰেকৰ্ডাৰ উদ্ধাৰৰ লগে লগে তদন্তকাৰী সংস্থাসমূহৰ বাবে বিমান দুৰ্ঘটনাৰ বিশ্লেষণ আৰু অলপ সহজ হ'ব ।

Ahmedabad Plane Crash
আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানৰ ককপিট ভইচ ৰেকৰ্ডাৰ উদ্ধাৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : June 16, 2025 at 1:54 PM IST

2 Min Read

আহমেদাবাদ : এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ তদন্ত কৰি থকা বিষয়াসকলে নিশ্চিত কৰিছে যে ককপিট ভইচ ৰেকৰ্ডাৰ উদ্ধাৰ হৈছে । যিয়ে দুৰ্ঘটনাৰ সম্ভাৱ্য কাৰণ নিৰ্ণয় কৰাত সহায় কৰিব । এই ককপিট ভইচ ৰেকৰ্ডাৰে নিশ্চিত কৰিব ২৭৫ ৰো অধিক লোক নিহত বিমান দুৰ্ঘটনাটোৰ কাৰণ । ইয়াৰ পূৰ্বে বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰ'ৱে নিশ্চিত কৰিছিল যে বিমানখনৰ ফ্লাইট ডাটা ৰেকৰ্ডাৰ (এফডিআৰ) উদ্ধাৰ কৰা হৈছে ।

উল্লেখ্য যে, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান সচিব ড৹ পি কে মিশ্ৰই দেওবাৰে আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে । সেই সময়ত বিমানৰ 'ব্লেক বক্স' উদ্ধাৰৰ কথাটো মিশ্ৰক অৱগত কৰিছিল বিষয়াসকলে ।

দেওবাৰে এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে মিশ্ৰই আৱৰ্ত ভৱনত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকৰ সভাপতিত্ব কৰে । য'ত তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ, এএআইবি আৰু ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে চলি থকা সাহায্য, উদ্ধাৰ আৰু তদন্তৰ বিষয়ে আলোচনা কৰে ।

বিবৃতিটোত কোৱা হৈছে যে বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰ'ৱে বিশদ তদন্ত আৰম্ভ কৰিছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব'ৰ্ডে আন্তঃৰাষ্ট্ৰীয় প্ৰট'কলৰ অধীনত সমান্তৰাল তদন্ত চলাই আছে । কিয়নো বিমানখন আমেৰিকাত নিৰ্মিত আছিল । বিবৃতিত কোৱা হৈছে যে বিষয়াসকলে ড৹ মিশ্ৰক জনোৱা হৈছে যে ফ্লাইট ডাটা ৰেকৰ্ডাৰ (এফডিআৰ) আৰু ককপিট ভইচ ৰেকৰ্ডাৰ (চিভিআৰ)ৰ সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে ।

ইফালে বিবৃতিটোত কোৱা হৈছে যে মিশ্ৰই মেঘানী নগৰৰ বি জে মেডিকেল কলেজৰ সমীপৰ দুৰ্ঘটনাস্থলীটো পৰিদৰ্শন কৰে । য'ত ৰাজ্য চৰকাৰ, এএআইবি আৰু ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁক পৰিস্থিতিৰ ক্ৰম আৰু তাৎক্ষণিক সঁহাৰিৰ ব্যৱস্থাৰ বিষয়ে অৱগত কৰে ।

আহমেদাবাদ অসামৰিক চিকিৎসালয় ভ্ৰমণৰ সময়ত তেওঁ শোকসন্তপ্ত পৰিয়ালসমূহক সাক্ষাৎ কৰে, ডি এন এৰ নমুনাৰ মিল পৰ্যবেক্ষণ কৰে আৰু কৰ্তৃপক্ষক সম্পূৰ্ণ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে । তেওঁ আহত লোকসকলৰ সৈতেও মত বিনিময় কৰে ।

লগতে পঢ়ক :পুনেত দলং ভাঙি মৃত্যুৰ হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি, আহত ৫১ জন, স্থগিত উদ্ধাৰ অভিযান - PUNE BRIDGE COLLAPSE

লগতে পঢ়ক :আহমেদাবাদ বিমান দুৰ্ঘটনা; বিজয় ৰূপানীসহ ৪৭ টা ডি এন এ মিলিছে - AHMEDABAD PLANE CRASH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.