ETV Bharat / bharat

জনজাতীয় লোকৰ ভূমি ক্ৰয় কৰিব বিচাৰিছে ! যদিহে আপুনি অজনজাতীয় লোক তেনেহ’লে সেই আশা বাদ দিয়ক - AGRICULTURAL LAND OF TRIBALS

আনকি কৃষিৰ বাবে বিচাৰিলেও সেই ভূমি ক্ৰয় কৰিবলৈ অনুমতি দিয়া নহ'ব । উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ।

Bombay High Court
জনজাতীয় লোকৰ ভূমি ক্ৰয় কৰিব নোৱাৰিব অজনজাতীয় লোকে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 9:43 AM IST

2 Min Read

মুম্বাই : এতিয়াৰে পৰা জনজাতীয় লোকৰ কৃষিভূমি ক্ৰয় কৰিব নোৱাৰিব অজনজাতীয় লোকে । আনকি সেই ভূমিত কৃষি কৰিব বিচাৰিলেও অজনজাতীয় লোকৰ তাত বিক্ৰী কৰিব নোৱাৰিব । এই গুৰুত্বপূৰ্ণ ৰায়দান বোম্বে উচ্চ ন্যায়ালয়ৰ । মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ জৱাহৰৰ বাসিন্দা মহেন্দ্ৰসিং দিগ্বিজয় সিং মুকনেই ২০২৫ চনৰ ২৬ মে'ত দাখিল কৰা এক ৰিট আবেদন খাৰিজ কৰি আদালতে এই ৰায় প্ৰদান কৰে । ন্যায়াধীশ এ এছ চন্দুৰকাৰ আৰু ৰাজেশ পাটিলৰ বিচাৰপীঠে এই ঐতিহাসিক ৰায় প্ৰদান কৰে ।

মুকনেয়ে ১৯৭৫ চনৰ মহাৰাষ্ট্ৰ ভূমি ৰাজহ (জনজাতিসকলৰ পৰা অজনজাতিলৈ দখল হস্তান্তৰ) নিয়মৰ ৪(১)(ক) নিয়মৰ বৈধতাক প্ৰত্যাহ্বান জনাইছিল । বিচাৰপীঠে ৰায়দানত কয়, "এজন জনজাতীয় লোকে নিজৰ দখলত থকা ভূমি আন এজন জনজাতীয় লোকলৈ কৃষিৰ উদ্দেশ্যে হস্তান্তৰ কৰিব পাৰে, তাত কোনো বাধা নাই । কিন্তু একেটা কাৰণতে অজনজাতীয় লোকৰ তাত এই ভূমি বিক্ৰী বা হস্তান্তৰ কৰিব নোৱাৰিব । ১৯৭৫ চনৰ নিয়ম ৪(১)(ক) প্ৰত্যাহ্বান জনোৱা আবেদন গ্ৰহণ কৰিব নোৱাৰি ।"

ইয়াৰ উপৰিও বিচাৰপীঠে কয়, "এই সকলোবোৰ কাৰণতে আমি ১৯৭৫ চনৰ নিয়মৰ ৪(১)(ক)ৰ বৈধতাক উত্থাপন কৰা প্ৰত্যাহ্বানৰ কোনো ধৰণৰ যোগ্যতা বিচাৰি নাপাওঁ । সেয়েহে ৰিট আবেদন খাৰিজ কৰা হৈছে । খৰচৰ ক্ষেত্ৰত কোনো আদেশ নোহোৱাকৈ নিয়মটো ডিছচাৰ্জ কৰা হৈছে ।"

মুকনেয়ে দাবী কৰিছিল যে মাটিখিনি অনা কৃষিৰ কামৰ বাবে জনজাতীয় লোকে অজনজাতীয় লোকলৈ হস্তান্তৰ কৰাৰ অনুমতি দিলে অবৈধ শ্ৰেণীবিভাজনৰ সৃষ্টি হয় । মুকনেয়ে নিজৰ কৃষিভূমি এজন অজনজাতীয় লোকৰ হাতত বিক্ৰী কৰিব বিচাৰিছিল । পালগাৰ জিলা উপায়ুক্ত আৰু ৰাজহ বিভাগৰ বিষয়াসকলে তেওঁক প্ৰচলিত নিয়মৰ বাবে অনুমতি দিয়া নাছিল । মুকনেয়ে মহাৰাষ্ট্ৰ চৰকাৰ আৰু পালঘৰ জিলা উপায়ুক্তৰ বিৰুদ্ধে বোম্বাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ।

মহাৰাষ্ট্ৰৰ মহাধিবক্তা বীৰেন্দ্ৰ চৰাফে উচ্চ ন্যায়ালয়ত কয় যে ৰাজ্য চৰকাৰে সংশ্লিষ্ট সমিতিৰ পৰা এক প্ৰতিবেদন লাভ কৰিছে যে যদিহে অজনজাতীয় লোকক কৃষিৰ বাবে জনজাতীয় ভূমি বিক্ৰীৰ অনুমোদন দিয়া হয় তেন্তে জনজাতীয় লোকক শোষণ কৰা হ'ব পাৰে । উচ্চ ন্যায়ালয়ে সেয়েহে আবেদনকাৰীক কোনো ধৰণৰ সকাহ দিবলৈ অস্বীকাৰ কৰে ।

লগতে পঢ়ক :মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত বিজয় শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাৰ্যবিধি বন্ধ - COLONEL SOFIA QURESHI CONTROVERSY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.