ETV Bharat / bharat

RDXৰ সহায়ত তাজমহল উৰুৱাই দিয়াৰ ভাবুকি, কেৰালাৰ পৰা আহিছে এই ই-মেইল, ৩ ঘণ্টা ধৰি চলিল অনুসন্ধান

ভাবুকিপূৰ্ণ ইমেইল লাভ কৰাৰ পিছত তাজমহলৰ চাৰিওকাষত নিৰাপত্তা সংস্থাই হাই এলাৰ্ট জাৰি কৰিছে ৷ অৱশ্যে বৰ্তমান পৰ্যন্ত কোনো সন্দেহজনক বস্তু পোৱা নগ’ল ৷

Agra Taj Mahal bomb threat email sent from Kerala security agencies launched search operation
RDX ৰ সহায়ত তাজমহল উৰুৱাই দিয়াৰ ভাবুকি (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : May 25, 2025 at 9:54 AM IST

4 Min Read
Choose ETV Bharat

আগ্ৰা : পুৱাই হঠাৎ লাগি গ’ল হুলস্থূল ৷ চাৰিওফালে গঢ়ি তোলা হ’ল কটকটিয়া নিৰাপত্তা ব্যৱস্থা ৷ কিয়নো এইবাৰ আগ্ৰাৰ তাজমহল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰে পৰ্যটন বিভাগে ৷ জানিব পৰা মতে, শনিবাৰে পুৱাই ই-মেইলযোগে কেৰালাৰ পৰা আহিছে এই ভাবুকি ৷

এই ভাবুকি লাভ কৰাৰ পাচতেই চি আই এছ এফ, তাজ নিৰাপত্তা আৰক্ষী, বন প্ৰতিৰোধ দল, ড’গ স্কোয়াড, পৰ্যটন আৰক্ষী আৰু ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে প্ৰায় তিনি ঘণ্টা ধৰি তাজমহলৰ প্ৰতিটো কোণত চলাই তালাচী অভিযান । অৱশ্যে ক’তো সন্দেহজনক বস্তু পোৱা নগ’ল । এই ভাবুকিৰ পাচতে তাজমহলৰ পূব আৰু পশ্চিম দুৱাৰত পূৰ্বতকৈ অধিক সতৰ্কতা বৃদ্ধি কৰা হয় ।

তাজমহলৰ ভিতৰত পৰ্যটকে লগতে কলম কঢ়িয়াই নিয়াতো নিষেধাজ্ঞা আৰোপ কৰা হয় । প্ৰতিজন পৰ্যটকক চিচিটিভিৰ জৰিয়তে নিৰীক্ষণ কৰা হয় । ডিচিপি চিটি সোণম কুমাৰে কয়, ‘‘এইটো এটা মিছা ইমেইল, যিটো কেৰালাৰ পৰা আহিছিল । এই সন্দৰ্ভত চাইবাৰ চেল থানাত গোচৰ ৰুজু কৰা হৈছে । যিটো চাইবাৰ চেলে তদন্ত কৰি আছে ।’’

শনিবাৰে পুৱা প্ৰায় ৭ বজাত কেৰালাৰ পৰা সাৱভাকু শংকৰৰ ইমেইল আইডিৰ পৰা উত্তৰ প্ৰদেশ পৰ্যটন, দিল্লী আৰক্ষী আৰু অভয় শ্ৰীবাস্তৱৰ আইডিলৈ মেইল ​​প্ৰেৰণ কৰা হয় । য’ত বিয়লি ৩:৩০ বজাৰ ভিতৰত RDXৰ সৈতে তাজমহল উৰুৱাই দিয়াৰ ভাবুকি আহিছিল ।

নিৰাপত্তা সংস্থাসমূহ সজাগ হৈ আছে : RDX-ৰ সহায়ত তাজমহল উৰুৱাই দিয়াৰ ভাবুকি দিয়া ইমেইল পোৱাৰ লগে লগে নিৰাপত্তা সংস্থাসমূহ তৎপৰ হৈ পৰে । তাজ নিৰাপত্তা, পৰ্যটন, তাজগঞ্জ আৰু চক্ৰৰ বাহিনীৰ সৈতে চিআইএছএফে শনিবাৰে দিনৰ ১ বজাৰ পৰা আৰম্ভ কৰে অভিযান ।

স্নিফাৰ ড’গ আৰু বোমা নিষ্কাশন স্কোয়াডৰ সহায়ত তাজমহল কমপ্লেক্সৰ প্ৰতিটো কোণ-কোণত পুংখানুপুংখ তালাচী অভিযান চলোৱা হয় । চি আই এছ এফৰ কমাণ্ডেণ্ট বৈভৱ কুমাৰ ডুবেয়ে কয়, ‘‘তাজমহলৰ নিৰাপত্তাৰ বাবে মূল গম্বুজ, জেচমিনৰ মজিয়া, মছজিদ চৌহদৰ পৰা বাগিচা আৰু কৰিডৰলৈকে পৰীক্ষা কৰা হৈছিল । বিয়লি ৩ বজালৈকে তাজমহলত তালাচী অভিযান অব্যাহত থাকে । য’ত কোনো সন্দেহজনক বস্তু ক’তো পোৱা নগ’ল ।’’

পৰ্যটকক জনোৱা হৈছিল যে মকড্ৰিল চলি আছে : তাজমহলত চলি থকা নিবিড় অনুসন্ধান অভিযানৰ সময়ত নিৰাপত্তা সংস্থাসমূহ তৎপৰ হৈ আছে । নিৰাপত্তা সংস্থাই এই ভাবুকিৰ বিষয়ে কাকো জানিবলৈ দিয়া নাছিল । পৰ্যটকসকলে যেতিয়া চেকিঙৰ সময়ত এই বিষয়ে সোধে, তেতিয়া নিৰাপত্তা সংস্থাৰ বিষয়াসকলে কয়, ‘‘তাজমহলত ৰুটিন মকড্ৰিল চলি আছে । যাৰ বাবে দেশী-বিদেশী পৰ্যটকে কোনো আতংক নোহোৱাকৈ তাজমহলত ঘূৰি ফুৰিব পাৰিছে ।’’

তদন্ত চলি আছে : এচিপি তাজ নিৰাপত্তাৰক্ষী চৈয়দ আৰিব আহমেদে জনোৱা মতে, তাজমহলত সকলো নিৰাপত্তা সংস্থাৰ সহায়ত তালাচী অভিযান চলোৱা হৈছে । এই তালাচী অভিযানত নিৰাপত্তা সংস্থাৰ বিষয়াসকলো জড়িত আছিল । তাজমহলত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া ভুৱা ইমেইলটো আহিছিল কেৰালাৰ পৰা । দেশৰ বহু ঠাইলৈ একেলগে এনে মেইল ​​প্ৰেৰণ কৰা হৈছিল । যিটো চাইবাৰ চেলে তদন্ত কৰি আছে । চাইবাৰ আৰক্ষী থানাতো এটা গোচৰ ৰুজু কৰা হৈছে ।

ইয়াৰ আগতেও বহুবাৰ ভাবুকি লাভ কৰা হৈছিল -

  • ২৪ ডিচেম্বৰ-২০২৪ : তাজত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া এটা ইমেইল আহিছিল । তাৰ পিছত তাজমহলত এক অভিযান চলোৱা হয় । ইয়াৰ লগতে নিৰাপত্তাও বৃদ্ধি কৰা হয় ।
  • ৪ মাৰ্চ, ২০২০ : ফিৰোজাবাদৰ নৰখী থানা এলেকাৰ বাসিন্দা বিমলে বোমাৰে তাজমহল উৰুৱাই দিয়াৰ ভাবুকি দিছিল । তাৰ পাচতে তাজমহল পৰীক্ষা কৰা হৈছিল । ফিৰোজাবাদৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্তক ।
  • ২০০৮ চনৰ মাৰ্চ : তামিলনাডুৰ এজন ব্যক্তিয়ে ফোন কৰি তাজমহলত বোমা বিস্ফোৰণৰ কথা অৱগত কৰে । তাৰ পাচতে আৰক্ষীয়ে তেওঁক আটক কৰি জেললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : বি এছ এফৰ হাতত প্ৰাণ গ’ল পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ, সতৰ্কবাণী দিয়াৰ পিছতো বন্ধ কৰা নাছিল পদসঞ্চালন

লগতে পঢ়ক : Covid Jn.1 ৰ নতুন ভিন্নতা কিমান বিপজ্জনক ? বিশেষজ্ঞসকলে কি কয়