ETV Bharat / bharat

পহলগামৰ নৰসংহাৰ: 'ধন্যবাদ পাকিস্তান' লিখি গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ যুৱক

পহলগামত সন্ত্রাসী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হয় । দেশজুৰি শোকৰ ছাঁ । এই ঘটনাৰ পিছত পাকিস্তানক ধন্যবাদ দিছিল এজনে ৷

Pahalgam Attack
পহলগামত নিহতলৈ শ্ৰদ্ধাঞ্জলি গৃহমন্ত্ৰী অমিত শ্বাহৰ (X@AmitShah)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 2:36 PM IST

2 Min Read
Choose ETV Bharat

বোকাৰো: পুনৰ নিৰীহৰ তেজেৰে ৰাঙলী হ'ল কাশ্মীৰ উপত্যকা । কাশ্মীৰৰ পেহলগামত এক নৃশংস সন্ত্রাসবাদী আক্ৰমণত মঙলবাৰে ২৬ জন লোকে অকালতে প্ৰাণ হেৰুৱায় । এই ঘটনাই এতিয়া সমগ্ৰ দেশকে ম্ৰিয়মাণ কৰি তুলিছে । দেশজুৰি শোকৰ ছাঁ । আনহাতে, বিশ্ব সম্প্ৰদায়েও এই বৰ্বৰ হত্যাকাণ্ডক গৰিহণা দি দুখ ব্যক্ত কৰিছে ।

কিন্তু তাৰ মাজতে এজন যুৱকৰ এক কাণ্ডই সকলোকে হতচকিত কৰাই নহয়, প্ৰতিগৰাকী দেশবাসীক ক্ৰোধান্বিতও কৰি তুলিছে । পহলগাম হত্যাকাণ্ডৰ পাছত ঝাৰখণ্ডৰ বোকাৰোৰ বালিদিহৰ মিল্লত নগৰৰ বাসিন্দা মহম্মদ নৌচাদে 'ধন্যবাদ পাকিস্তান' লিখি ছ’চিয়েল মিডিয়াত প'ষ্ট কৰে । ইয়াৰ পাছতে এই ঘটনাই তীব্ৰ ৰূপ ধাৰণ কৰে । আনহাতে, দেশদ্ৰোহিতাৰ চৰম নিদৰ্শন প্ৰদৰ্শন কৰা যুৱকজনক বোকাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে কাশ্মীৰৰ পহলগাম চহৰৰ কাষত অৱস্থিত পৰ্যটনস্থলী বৈছাৰণত মঙলবাৰে সংঘটিত হয় সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ ঘটনা ।

Pahalgam Attack
মহম্মদ নৌচাদৰ বিতৰ্কিত ছ'চিয়েল মিডিয়া পোষ্ট (ETV Bharat)

প্ৰাপ্ত তথ্য মতে, গ্ৰেপ্তাৰ হোৱা মহম্মদ নৌচাদৰ পিতৃৰ নাম হৈছে মহম্মদ মোস্তাক আৰু তেওঁ মিল্লত নগৰৰ বাসিন্দা । বৰ্তমান বোকাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহম্মদ নৌচাদক সোধা-পোছা কৰি আছে ।

এই সন্দৰ্ভত মহানগৰ ডি এছ পি তথা জিলা আৰক্ষী অধীক্ষক আলোক ৰঞ্জনে কয়, "ছ'চিয়েল মিডিয়াত এনেধৰণৰ পোষ্টৰ বিষয়ে অভিযোগ লাভ কৰা হৈছিল । ইয়াৰ পিছতে এজন যুৱকক এই ঘটনাত গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰি থকা হৈছে । ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ কাম চলি আছে । আৰক্ষীয়ে তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টৰো তদন্ত কৰি আছে । ইয়াৰ উপৰি তেওঁৰ বিষয়ে সম্পূৰ্ণ তথ্য উদ্ধাৰৰ প্ৰচেষ্টা চলি আছে ।"

উল্লেখযোগ্য যে পহলগামৰ এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ উপৰি আন ১৩ জন লোক আহত হৈছে । নিহতসকল দেশৰ বিভিন্ন ৰাজ্যৰ বাসিন্দা । ইফালে এই আক্ৰমণৰ ঘটনাৰ পিছতে সমগ্ৰ দেশজুৰি লোকসকল ক্ৰোধান্বিত হৈ পৰিছে ।

লগতে পঢ়ক :কাশ্মীৰ এৰি যোৱাৰ চেষ্টা আতংকিত পৰ্যটকৰ: হোৰাহোৰে বাঢ়িছে বিমানভাৰা - PAHALGAM TERROR ATTACK
লগতে পঢ়ক :শ্ৰীনগৰ বিমানবন্দৰত নিৰীহ পৰ্যটকৰ নশ্বৰদেহ; জম্মুত তীব্ৰতৰ অভিযান - PAHALGAM TERROR ATTACK