ETV Bharat / bharat

ৰুঢ়কিৰ হোটেলত আফগান মহিলাক ধৰ্ষণৰ অভিযোগ: তদন্তত আৰক্ষী

বিজিনেছ ভিছাত দিল্লীত ব্যৱসায় চলাই থকা অভিযুক্ত আৰু ভুক্তভোগী দুয়ো দুয়োৰে পৰিচিত । পাঁচ মাহতকৈও অধিক সময় ধৰি তেওঁলোকৰ মাজত চিনা-পৰিচয় আছে ।

Roorkee Hotel rape case
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 29, 2025 at 2:01 PM IST

2 Min Read
Choose ETV Bharat

ৰুঢ়কী: উত্তৰাখণ্ডৰ ৰুঢ়কিৰ ডেৰাডুন পথৰ এখন হোটেলত এগৰাকী আফগান মহিলাক চিনাকি ব্যক্তি এজনে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । শুকান ফলৰ ব্যৱসায় কৰা মহিলাগৰাকীয়ে জৰুৰীকালীন হেল্পলাইন ১১২ৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে । আফগানিস্তান আৰু তুৰস্কৰ দ্বৈত নাগৰিকত্ব থকা আছাফ’ইটিডা নামৰ অভিযুক্ত ব্যৱসায়ীজনে অপৰাধ সংঘটিত কৰাৰ পূৰ্বে তেওঁক ড্ৰাগছ সেৱন কৰাইছিল বুলিও মহিলাগৰাকীয়ে দাবী কৰে ।

ইফালে জৰুৰীকালীন ফোনকলৰ প্ৰতি সঁহাৰি জনাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত লোকজনক সোধা-পোছাৰ বাবে আটক কৰে । তাৰ পিছত মহিলাগৰাকীক ৰুঢ়কী অসামৰিক চিকিৎসালয়লৈ চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

আনহাতে, হৰিদ্বাৰৰ পৰা অহা এটা ফৰেনছিক দলে হোটেলখনৰ পৰা সাক্ষ্য সংগ্ৰহ কৰে । তেওঁলোকে তদন্তত সহায়ক হ'ব পৰা বিভিন্ন সৰু সৰু সামগ্ৰী, চিচি টিভিৰ ফুটেজ আৰু অন্যান্য সামগ্ৰী পৰীক্ষা কৰি আছে । উল্লেখ্য যে দুয়োগৰাকী ব্যক্তিয়েই বিজিনেছ ভিছাত দিল্লীত ব্যৱসায় চলাই আছে । তেওঁলোকৰ মাজত প্ৰায় পাঁচমাহ পূৰ্বে চিনাকি হৈছিল ।

আৰক্ষীৰ মতে, বুধবাৰে মহিলাগৰাকীয়ে দিল্লীৰ পৰা ৰুঢ়কীলৈ ৰে’লযোগে যাত্ৰা কৰিছিল । তাৰ পিছত মানুহজনে তেওঁক লগ কৰিবলৈ যোগাযোগ কৰে । ইফালে দুয়োৱে সাক্ষাৎ হোৱাৰ পাছত তেওঁলোকে স্থানীয় হোটেলখনত এটা কোঠা বুকিং কৰে আৰু তাতেই এই ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে ।

ইফালে, ৰুঢ়কিৰ আৰক্ষী চক্ৰ বিষয়া নৰেন্দ্ৰ পণ্টে এই গোচৰৰ তথ্যৰ অসামঞ্জস্যতাক লৈ উদ্বেগ প্ৰকাশ কৰে । "সোধা-পোছাৰ সময়ত মহিলাগৰাকীয়ে দিয়া বক্তব্যৰ সৈতে আমি চিচি টিভিৰ ফুটেজত যি দেখিছোঁ তাৰ সৈতে মিল নাই । পৰিস্থিতি সন্দেহজনক যেন লাগিছে ।" তেওঁ কয় ।

তেওঁ লগতে কয় যে চিকিৎসা পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছতহে সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা যাব । আৰক্ষীয়ে অভিযুক্তক বিতংভাৱে সোধা-পোছা চলাই থকাৰ বিপৰীতে ফৰেনছিক বিশেষজ্ঞসকলে উপলব্ধ সকলো প্ৰমাণ বিশ্লেষণ কৰি আছে ।

লগতে পঢ়ক :দেৱভূমিত প্ৰলয়; পাহাৰৰ ধ্বংসাৱশেষৰ তলত পোত গ’ল এটা দম্পতী - UTTRAKHAND DISASTER
লগতে পঢ়ক :অসম আৰক্ষীৰ এফ আই আৰ: সাংবাদিক অভিসাৰ শৰ্মালৈ উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন সকাহ - SUPREME COURT