ETV Bharat / bharat

চিন্ময় কৃষ্ণ প্ৰভুক আদালতত আইনী মেৰপাকৰ পৰা ৰক্ষা কৰাই দোষ হ’ল ৰমেন ৰয়ৰ : কলকাতা ইস্কনৰ মুখপাত্ৰ

হিন্দু সন্ন্যাসীক ৰক্ষা কৰাৰ বাবে বাংলাদেশত ইছলামপন্থীৰ আক্ৰমণ হ’ল অধিবক্তা ৰমেন ৰয় ৷ এই দাবী কলকাতা ইস্কনৰ মুখপাত্ৰৰ ৷

Advocate Ramen Roy attacked in B'desh for defending Hindu monk, claims ISKCON Kolkata spokesman
অধিবক্তা ৰমেন ৰয় (X/@RadharamnDas))
author img

By PTI

Published : December 3, 2024 at 11:59 AM IST

2 Min Read
Choose ETV Bharat

কলকাতা : অধিবক্তা ৰমেন ৰায়ক চুবুৰীয়া বাংলাদেশত নৃশংসভাৱে আক্ৰমণ কৰা হৈছিল ৷ বৰ্তমান চিকিৎসালয়ৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে ৰমেন ৰায় ৷ বাংলাদেশৰ হিন্দু সন্ন্যাসী চিন্ময় কৃষ্ণ প্ৰভুক আইনী গোচৰৰ সকলো কাম তেওঁ তদাৰক কৰাৰ অপৰাধতে অধিবক্তা ৰমেন ৰায়ক চুবুৰীয়া দেশত নৃশংসভাৱে আক্ৰমণৰ বলি হ’ব লগা হৈছিল ৷ সোমবাৰে এই দাবী কৰে কলকাতা ইস্কনৰ মুখপাত্ৰ ৰাধাৰমন দাসে ৷

দাসৰ মতে, অধিবক্তা ৰয়ৰ একমাত্ৰ ‘দোষ’ আছিল চিন্ময় কৃষ্ণ প্ৰভুক আদালতত আইনী মেৰপাকৰ পৰা ৰক্ষা কৰা ৷ লগতে ইছলামপন্থীৰ এটা দলে তেওঁৰ ঘৰো ভাঙি লণ্ডভণ্ড কৰে বুলি তেওঁ উল্লেখ কৰে । এই আক্ৰমণৰ ফলতে ৰয় গুৰুতৰভাৱে আহত হয় আৰু বৰ্তমান তেওঁ হাস্পতালৰ ICU ত আছে বুলি কলকাতা ইস্কনৰ মুখপাত্ৰই দাবী কৰে ।

ৰাধাৰমন দাসে ICU ত থকা ৰয়ৰ এখন ফটো X ত পোষ্ট কৰি লিখে -

“অধিবক্তা ৰমেন ৰয়ৰ বাবে প্ৰাৰ্থনা কৰক । তেওঁৰ একমাত্ৰ ‘দোষ’ আছিল আদালতত চিন্ময় কৃষ্ণ প্ৰভুৰ পক্ষত থিয় হোৱা । ইছলামপন্থীৰ লোকে তেওঁৰ ঘৰত লুটপাত কৰি নিৰ্মমভাৱে আক্ৰমণ কৰে, যাৰ বাবে তেওঁ ICU ত জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে । #SaveBangladeshiHindus #FreeChinmoyKrishnaPrabhu.”

সংবাদ সংস্থা PTI ৰ বাতৰিত উল্লেখ কৰা মতে, বাংলা নিউজ চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কলকাতা ইস্কনৰ উপ-সভাপতি দাসে কয়, ‘‘অধিবক্তা ৰয়ৰ ওপৰত কৰা এই নৃশংস আক্ৰমণ চিন্ময় কৃষ্ণ প্ৰভুৰ আইনী প্ৰতিৰক্ষাৰ প্ৰত্যক্ষ পৰিণতি । ইয়াৰ দ্বাৰা বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ ৰক্ষা কৰাসকলে সন্মুখীন হোৱা বিপদৰ প্ৰতিফলন ।”

বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ জোটৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা চিন্ময় কৃষ্ণক সোমবাৰে ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক সমাৱেশত অংশগ্ৰহণ কৰিবলৈ চট্টগংলৈ গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় ।মঙলবাৰে বাংলাদেশৰ আদালতে তেওঁৰ জামিন নাকচ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

ঐতিহাসিকভাৱে ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধ সময়ত বাংলাদেশৰ জনসংখ্যাৰ প্ৰায় ২২ শতাংশ হিন্দু আছিল । এটা সময়ত বাংলাদেশৰ জনগাঁথনি হিচাপে পৰিগণিত হিন্দু জনসংখ্যা যোৱা দশকবোৰত যথেষ্ট হ্ৰাস পাইছে, এতিয়া সংখ্যালঘু সম্প্ৰদায়টোৱে দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮ শতাংশহে গঠন কৰিছে । এই হ্ৰাসৰ মূল কাৰণ হৈছে আৰ্থ-ৰাজনৈতিক প্ৰান্তীয়কৰণ, প্ৰব্ৰজন আৰু যোৱা কেইবছৰ মানৰ পৰা হৈ থকা বিক্ষিপ্ত হিংসা ৷

লগতে পঢ়ক : আগৰতলাত বাংলাদেশ মিছনত প্ৰৱেশ শতাধিক প্ৰতিবাদকাৰী, নমোৱা হ’ল পতাকা