ETV Bharat / bharat

ৰাম মন্দিৰৰ এটা অধ্যায়ৰ সমাপ্তি: মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ দেহাৱসান

আচার্য সত্যেন্দ্ৰ দাস দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । লক্ষ্ণৌ পি জি আইত চিকিৎসাধীন অৱস্থাত মগজুৰ ৰক্তক্ষৰণৰ ফলত তেওঁৰ মৃত্যু হয় ।

Acharya Satyendra Das Dies
ৰাম মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ দেহাৱসান (ETV Bharat Archive)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 11:22 AM IST

3 Min Read
Choose ETV Bharat

লক্ষ্ণৌ/অযোধ্যা : শ্ৰীৰাম জন্মভূমিৰ মুখ্য পুৰোহিত আচার্য সত্যেন্দ্ৰ দাসৰ বুধবাৰে পৰলোক প্ৰাপ্তি ঘটে । আচার্য সত্যেন্দ্ৰ দাস দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । তেওঁ লক্ষ্ণৌৰ পি জি আইত চিকিৎসাধীন হৈ আছিল । চিকিৎসাধীন অৱস্থাতে মগজুৰ ৰক্তক্ষৰণৰ বাবে বুধবাৰে পুৱা তেওঁৰ মৃত্যু হয় । ৮৭ বছৰীয়া আচার্য সত্যেন্দ্ৰ দাসৰ মৃত্যুত শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্রাষ্টে গভীৰ শোক প্ৰকাশ কৰিছে । উল্লেখ্য যে আচার্য সত্যেন্দ্ৰ দাসে ৩৪ বছৰ ধৰি ৰামলালাৰ সেৱা কৰিছিল ।

আচার্য সত্যেন্দ্ৰ দাসৰ স্বাস্থ্যৰ অৱস্থা বিগত কিছু মাহ ধৰি বেয়া হৈ আছিল । ২৯ জানুৱাৰীত মগজুৰ ষ্ট্ৰোকৰ বাবে তেওঁক অযোধ্যাৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । তাৰ পৰা ৪ ফেব্ৰুৱাৰীত তেওঁক লক্ষ্ণৌ পি জি আইলৈ স্থানান্তৰ কৰা হৈছিল । তেতিয়াৰ পৰা তেওঁৰ চিকিৎসা পি জি আইত চলি আছিল । ৪ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁক সাক্ষাৎ কৰি স্বাস্থ্যৰ অৱস্থাৰ বুজ লৈছিল । তেওঁ চিকিৎসকৰ সৈতে চিকিৎসাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিছিল আৰু প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিছিল ।

এছ জি পি জি আইৰ নিৰ্দেশক ডাঃ আৰ কে ধীমানে জনাইছে যে তেওঁ মধুমেহ আৰু উচ্চ ৰক্তচাপৰ দৰে গুৰুতৰ ৰোগত আক্রান্ত আছিল । তেওঁক নিউৰ'লজী আই চি ইউত ৰাখা হৈছিল । চিকিৎসকৰ পৰ্যবেক্ষণত তেওঁৰ চিকিৎসা চলি আছিল । তাৰ মাজতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চিকিৎসালয়ত উপস্থিত হৈ আচার্য সত্যেন্দ্ৰ দাসৰ স্বাস্থ্যৰ বিষয়ে তথ্য লৈছিল । আচার্যগৰাকীৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হৈ আছিল । তেওঁৰ বয়স আৰু অন্যান্য ৰোগৰ পৰিপ্ৰেক্ষিতত চিকিৎসকে বিশেষ সাৱধানতা অৱলম্বন কৰিছিল ।

শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ সংবাদ কেন্দ্ৰ অযোধ্যা ধামৰ পৰা প্ৰকাশিত বিজ্ঞপ্তিত জনোৱা হৈছে যে শ্ৰীৰাম জন্মভূমি মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাস মহাৰাজৰ দেহাৱসান ঘটিছে । মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনত পুৱা প্ৰায় সাত বজাত তেওঁ পি জি আই লক্ষ্ণৌত শেষ নিশ্বাস ত্যাগ কৰে । তেওঁ ১৯৯৩ চনৰ পৰা ৰামলালাৰ সেৱা তথা পূজা কৰি আছিল । শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ মহামন্ত্ৰী চম্পত ৰায় আৰু মন্দিৰ ব্যৱস্থাপনাৰ সৈতে জড়িত অন্যান্য লোকসকলে মুখ্য অৰ্চকগৰাকীৰ দেহাৱসানত গভীৰ সমবেদনা জনাইছে ।

জানিব পৰা মতে, বুধবাৰে বিয়লি লক্ষ্ণৌ পি জি আইৰ পৰা আচার্য সত্যেন্দ্ৰ দাসৰ পাৰ্থিৱ শৰীৰ অযোধ্যালৈ নিয়া হ'ব । তাৰ পাছত বৃহস্পতিবাৰে অযোধ্যাৰ সৰযূৰ তীৰত তেওঁৰ অন্তিম সংস্কাৰ কৰা হ'ব ।

লগতে পঢ়ক :আম্বানী পৰিয়ালৰ চাৰি পুৰুষে একেলগে পাপ খণ্ডালে: কেইবাটাও ডুব মাৰিলে অনন্ত আম্বানীয়ে - MAHA KUMBH 2025
লগতে পঢ়ক :মনুস্মৃতি সম্পৰ্কে মন্তব্য কৰি ধৰ্ম সংসদৰ ৰোষত ৰাহুল গান্ধী; হিন্দু ধৰ্মৰ পৰা বহিষ্কাৰৰ হুংকাৰ ধৰ্মীয় নেতাৰ - RAHUL GANDHI MANUSMRITI REMARKS