ETV Bharat / bharat

মাজত আছে চাৰিদিন, টিকট নাপাই 'আপ'কেই এৰি দিলে ৭ বিধায়কে

চাৰিদিনৰ পিছত দিল্লী বিধানসভা নিৰ্বাচন । কেজৰিৱালক সৰিয়হ ফুল দেখুৱাইছে প্ৰাৰ্থিত্ব বঞ্চিতই ৷

ARVIND KEJRIWAL AAP
আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 31, 2025 at 7:31 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ৭০ জনীয়া দিল্লী বিধানসভাৰ কাৰ্যকাল অহা ২৩ ফেব্ৰুৱাৰীত অন্ত পৰিব । ইয়াৰ প্ৰায় এমাহ পূৰ্বেই আৰম্ভ হৈছে ভোটযুদ্ধ । দিল্লী বিধানসভাৰ নিৰ্বাচনক লৈ বিগত প্ৰায় এমাহ ধৰি বিজেপি,আপ আৰু কংগ্ৰেছৰ মাজত চলি থকা আক্ৰমণ-প্ৰত্য়াক্ৰমণ তুংগত উঠিছে । ইয়াৰ মাজতেই ভোটদানলৈ মাত্ৰ চাৰিটা দিন থকা অৱস্থাতেই আম আদমী পাৰ্টী (আপ)ৰ মজিয়াত জোকাৰণিৰ সৃষ্টি হৈছে ।

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ চাৰিদিন পূৰ্বে আম আদমী পাৰ্টীয়ে (আপ) এক ডাঙৰ প্ৰত্য়াহ্বানৰ সন্মুখীন হয় শুক্ৰবাৰে । কিয়নো শুক্ৰবাৰে দলটোৰ ৭ গৰাকী বিধায়কে আপ ত্যাগ কৰিছে । দলটোৱে বৰ্তমানৰ এই ৭ গৰাকী বিধায়কক টিকট প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতেই অসন্তুষ্ট বিধায়ক কেইগৰাকীয়ে আপ ত্য়াগ কৰে ।

দলীয় প্ৰাৰ্থিত্ব লাভ কৰাত ব্য়ৰ্থ হৈ আজি আপ ত্য়াগ কৰা বিধায়ককেইগৰাকী হৈছে- ভাৱনা গৌড় (পালম), বিএছ জুন (বিজৱাচান),পৱন শৰ্মা (আদৰ্শ নগৰ), মদনলাল (কস্তুৰবা নগৰ), ৰাজেশ ঋষি (জনকপুৰী ), ৰোহিত মেহৰাউলিয়া (ত্ৰিলোকপুৰী) আৰু নৰেশ যাদৱ (মেহৰৌলি) ।

আম আদমী পাৰ্টী নিজেই দুৰ্নীতিত আবদ্ধ :

তেওঁলোকে দলটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ দুই পৃষ্ঠাৰ এখন পত্ৰ লিখি তেওঁলোকৰ পদত্যাগৰ কাৰণ উল্লেখ কৰিছে । নৰেশ যাদৱে অৰবিন্দ কেজৰিৱাললৈ লিখা পত্ৰখনত উল্লেখ কৰে যে আম আদমী পাৰ্টিৰ উত্থান হৈছে দুৰ্নীতিৰ বিৰুদ্ধে, আন্না আন্দোলনৰ জৰিয়তে ভাৰতীয় ৰাজনীতিক দুৰ্নীতিৰ পৰা মুক্ত কৰিবলৈ । অৱশ্যে এতিয়া আম আদমী পাৰ্টী নিজেই দুৰ্নীতিত আবদ্ধ হৈ পৰিছে । ইয়াত সৎ ৰাজনীতিৰ বাবে যোগদান কৰা হৈছিল, কিন্তু আজি দলটোত সততাৰ কোনো লক্ষণ নাই ।

মেহৰৌলি বিধানসভাত তেওঁৰ যোৱা দুবছৰৰ কথা উল্লেখ কৰি নৰেশ যাদৱে লিখিছে যে তেওঁ ১০০ শতাংশ সততাৰে কাম কৰিছে । মেহৰৌলিৰ মানুহে জানে যে তেওঁ সৎ ৰাজনীতি কৰিছে । কিন্তু এতিয়া দলটোৰ পৰিস্থিতি আৰু দুৰ্নীতিৰ সৈতে জড়িত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

আম আদমী পাৰ্টীত এতিয়াও কিছুমান লোক আছে যি সৎ ৰাজনীতিত বিশ্বাস কৰে আৰু তেওঁলোকে সদায় তেওঁলোকৰ সৈতে বন্ধুত্ব বজাই ৰাখিব । মেহৰৌলিৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে আম আদমী পাৰ্টীৰ দুৰ্নীতিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে দল ত্যাগ কৰি এই দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিব বিচাৰে আৰু ইয়াক দলৰ নেতৃত্বই গ্ৰহণ কৰা উচিত ।

উল্লেখ্য় যে আম আদমী পাৰ্টীয়ে এই বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত নৰেশ যাদৱক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল যদিও পিছত তেওঁক টিকটৰ পৰা বঞ্চিত কৰা হয় । তেওঁৰ পৰিৱৰ্তে মহেন্দ্ৰ চৌধুৰীক মেহৰৌলি বিধানসভা আসনৰ প্ৰাৰ্থী ঘোষণা কৰা ।

লগতে পঢ়ক:দিল্লী বিধানসভা নিৰ্বাচন 2025: 'দিল্লী কা দিল' জিকাৰ দৌৰত ৰাজনৈতিক দলবোৰৰ কুচকাৱাজ - DELHI ELECTIONS 2025

দিল্লীতকৈ গুৱাহাটীৰ ৰাস্তাবোৰ ভাল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - DELHI ASSEMBLY ELECTIONS 2025