ETV Bharat / bharat

হৃদয় কঁপি যোৱা এক ঘটনা, চাৰিটা সন্তানৰ সৈতে আত্মঘাতী হ'ল মাতৃ

এটা বা দুটা নহয় । ফ্লেটটোৰ ভিতৰত একেলগে পৰি আছে পাঁচটা মৃত শৰীৰ ।

CRIME in Rajasthan
আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 11, 2025 at 7:36 PM IST

|

Updated : October 11, 2025 at 7:43 PM IST

3 Min Read
Choose ETV Bharat

ছিকাৰ: এক বিকট গোন্ধ । ক'তো থাকিব নোৱাৰি । ক'ৰ পৰা আহিছে এই গোন্ধ ? চাৰিওফালে বিয়পি পৰা এই গোন্ধত অস্বস্তিত ভুগিছে অনিৰুদ্ধ ৰেচিডেন্সিৰ বাসিন্দাসকল । এটা সময়ত অনিৰুদ্ধ ৰেচিডেন্সিৰ বাসিন্দাসকলে উদ্ধাৰ কৰিলে এই বিকট গোন্ধৰ উৎস ।

তাৰ পাছতে খবৰ দিয়া হ'ল আৰক্ষীক । আৰক্ষী উপস্থিত হৈ অনিৰুদ্ধ ৰেচিডেন্সিৰ সেই নিৰ্দিষ্ট ফ্লেটটোৰ দুৱাৰ খোলে । আৰু তাৰ পিছত... সকলো হতবাক হৈ পৰিল । এটা বা দুটা নহয় । ফ্লেটটোৰ ভিতৰত একেলগে পৰি আছে পাঁচটা মৃত শৰীৰ । পিছে কাৰ এই মৃতদেহকেইটা ?

পৰৱৰ্তী সময়ত গম পোৱা গ'ল যে এই মৃতদেহকেইটা হৈছে একেটা পৰিয়ালৰে । কিৰণ ওৰফে পিংকি চৌধুৰী নামৰ মহিলাগৰাকীয়ে নিজৰ চাৰিটা সন্তানৰ সৈতে অনিৰুদ্ধ ৰেচিডেন্সিৰ তেওঁলোকৰ ফ্লেটতে আত্মহনন কৰে । শনিবাৰে পোহৰলৈ অহা এই ঘটনা কেবাদিনো পূৰ্বে সংঘটিত হৈছে বুলি আৰক্ষীয়ে অনুমান কৰিছে । কাৰণ মৃতদেহকেইটাৰ পৰা দুৰ্গন্ধ ওলোৱাৰ লগতে পচিও গৈছে ।

অ' ৰৱ । এই ঘটনাটো অসমৰ নহয় । এই ঘটনাটো হৈছে ৰাজস্থানৰ ।

  • ফ্লেটটোৰ পৰা ওলাইছে প্ৰচণ্ড দুৰ্গন্ধ :

চি অ’ সুৰেশ শৰ্মাই কয় যে কেইবাদিনো ধৰি ফ্লেটটো বন্ধ হৈ আছিল । সেই লগতে ফ্লেটটোৰ পৰা উৎকট গোন্ধ ওলাবলৈ ধৰিছিল । কাষৰীয়াই যেতিয়া সেই গোন্ধ পাইছিল, তেতিয়া তেওঁলোকে আৰক্ষীক খবৰ দিছিল । এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ফ্লেটটোৰ দুৱাৰখন খুলি দিয়ে ।

আৰক্ষীৰ দলটোৱে ঘৰটোত প্ৰৱেশ কৰাৰ লগে লগে মজিয়াত পৰি থকা অৱস্থাত চাৰিটা শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে । পৰিস্থিতি ইমানেই ভয়ংকৰ আছিল যে ফ্লেটটোত প্ৰৱেশ কৰাটো বহু কঠিন আছিল বুলি উল্লেখ কৰে চি অ’গৰাকীয়ে ।

মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধ কমোৱাৰ বাবে আৰক্ষীয়ে ধূপ আৰু সুগন্ধি ব্যৱহাৰ কৰিছিল । তাৰ পাছতহে আৰক্ষীৰ দলটোৱে ঘৰটোত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ।

  • স্বামীৰ সৈতে হোৱা বিবাদৰ বাবে পৃথকে পৃথকে আছিল কিৰণ :

চি অ’ সুৰেশ শৰ্মাই কয়, ''প্ৰাথমিক তদন্তত গম পোৱা গৈছে যে কিৰণে স্বামীৰ সৈতে হোৱা বিবাদৰ বাবে কিছুদিনৰ পৰা সন্তানৰ সৈতে পৃথকে আছিল । কিৰণে ২০১৯ চনত প্ৰথম স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল । কিৰণৰ প্ৰথম স্বামীৰ পৰা এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান জন্ম হৈছিল । পৰৱৰ্তী সময়ত তেওঁ পুনৰ বিবাহপাশত আবদ্ধ হয়, তাৰ পাছত তেওঁৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা জন্ম হয় ।''

  • আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত :

এই ঘটনাৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে । ওচৰ-চুবুৰীয়াৰ মতে, প্ৰায় এসপ্তাহ ধৰি ফ্লেটটো বন্ধ হৈ আছিল আৰু কেইবাদিনো ধৰি পৰিয়ালটোৰ কোনো সদস্যক দেখা পোৱা নাছিল ।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে মৃত্যুৰ সঠিক সময় আৰু কাৰণ স্পষ্ট হ’ব বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে । এই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ উন্মোচন কৰিবলৈ আৰক্ষীয়ে পৰিয়ালৰ সদস্য আৰু চিনাকি লোকক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : প্ৰিয় শিল্পীগৰাকীৰ মৃত্যু সহিব নোৱাৰি চৰম পন্থা যুৱকৰ

লগতে পঢ়ক : আত্মঘাতী হ'ল হাৰিয়ানাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান: পত্নী মুখ্যমন্ত্ৰীৰ সৈতে জাপানত

Last Updated : October 11, 2025 at 7:43 PM IST