ETV Bharat / bharat

এভাৰেষ্ট জয় কৰি নিজৰ সুকীয়া পৰিচয় সৃষ্টি কৰা অৰুণাচলৰ অখ্যাত নায়ক- 'মানৱ গুগল' টাকা তামুট

চিভিল ইঞ্জিনীয়াৰ হৈও লোভনীয় চাকৰিৰ আশাত বহি নাথাকি দুঃসাহসিক যাত্ৰা লোৱা অৰুণাচল প্ৰদেশৰ টাকা তামুটকলৈ ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন ।

Arunachal Unsung Hero Taka Tamut
'মানৱ গুগল' খ্যাত টাকা তামুট (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 12, 2025 at 4:48 PM IST

7 Min Read
Choose ETV Bharat

তেজপুৰ : অৰুণাচল প্ৰদেশত 'মানৱ গুগল' বুলিয়ে জানে তেওঁক । অভিযান্ত্ৰিক ক্ষেত্ৰত কাম কৰাৰ মানসেৰে পঢ়া-শুনা কৰি চিভিল ইঞ্জিনীয়াৰৰ ডিগ্ৰীও লাভ কৰিছিল । কিন্তু তেওঁৰ জীৱনৰ চকা ঘূৰিছিল আন দিশে । আজি তেওঁ ভাৰতৰ এগৰাকী সফল পৰ্বতাৰোহী । পৃথিৱীৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট আৰোহণ কৰি ইতিহাস সৃষ্টি কৰা তেওঁ হ'ল টাকা তামুট । পৰ্বতাৰোহণৰ জৰিয়তে আজি তেওঁ এক সুকীয়া পৰিচয় লাভ কৰিছে । কিন্তু চিভিল ইঞ্জিনীয়াৰৰ পৰা সফল পৰ্বতাৰোহীলৈ এই যাত্ৰা তেওঁৰ বাবে ইমান সহজ নাছিল । ইটিভি ভাৰতৰ সন্মুখত এই দুঃসাহসিক যাত্ৰাৰ বিষয়ে বিৱৰি ক'লে টাকা তামুটে ।

টাকা তামুটৰ কৃতিত্ব

টাকা তামুটৰ ঘৰ পূব অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ জ'মলো মংকু গাঁৱত । ২০১৮ চনত মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত উপনীত হোৱাৰ পিছতে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল তামুটে । ২০২০ চনত টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটাৰেও তেওঁক সন্মানিত কৰিছিল দেশৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ।

'মানৱ গুগল' খ্যাত টাকা তামুটৰ কাহিনী (ETV Bharat)

অৰুণাচল প্ৰদেশৰ এইগৰাকী যুৱ পৰ্বতাৰোহী টাকা তামুটে ভাৰতৰ দুঃসাহসিক ক্ৰীড়া আৰু মানৱীয় প্ৰচেষ্টাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে । তেওঁ ২০১৬ চনত ছিকিমৰ ককতং শিখৰ আৰু লাডাখৰ ষ্টক কাংৰি শিখৰ জয় কৰে । পৰৱৰ্তী সময়ত ২০১৭ত নেপালৰ মেৰা শিখৰ আৰু একে বছৰতে প্ৰথম মাউণ্ট এভাৰেষ্টত ৮৬৪০ মিটাৰ উচ্চতাত অৱৰ্তীৰ্ণ হ'বলৈ সক্ষম হয় । পৰৱৰ্তী বছৰত ২০১৮ চনত কোনো শ্বেৰ্পা নোহোৱাকৈয়ে মাউণ্ট এভাৰেষ্ট শিখৰত আৰোহণ কৰে । পৰ্বতাৰোহণ কৰাৰ উপৰিও তামুটে ২০১৯ চনৰ জুন মাহত ভাৰতীয় বায়ুসেনাৰ এণ্টনুভ এ এন ৩২(AN-32) বিমান দুৰ্ঘটনাত পতিত সকলৰ উদ্ধাৰ অভিযানৰ জৰিয়তে অতি জনপ্ৰিয়তা অৰ্জন কৰে ।

অভিযন্তাৰ পৰা পৰ্বতাৰোহীলৈ তামুটৰ যাত্ৰা

ছিয়াং জিলাৰ জ'মলো মংকু গাঁৱৰ বাসিন্দা ৩৩ বছৰীয়া যুৱক তামুটে ত্ৰিপুৰাৰ আইচিএফএআই বিশ্ববিদ্যালয়ত চিভিল ইঞ্জিনীয়াৰিং অধ্যয়ন কৰিছিল । পৰৱৰ্তী সময়ত ডিৰাঙৰ নেশ্যনেল ইনষ্টিটিউট অৱ মাউণ্টেইনিং এণ্ড এলাইড স্প'ৰ্টছ (নিমাছ)ত মৌলিক প্ৰশিক্ষণ আৰু দাৰ্জিলিঙৰ হিমালয়ান মাউণ্টেইনিং ইনষ্টিটিউটত উন্নত পাঠ্যক্ৰম গ্ৰহণ কৰে । কিন্তু অভিযন্তা হোৱাৰ সপোন দেখা তামুট কেনেকৈ হ'ল দেশৰ সফল পৰ্বতাৰোহী ?

Arunachal Unsung Hero Taka Tamut
টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটাৰে সন্মানিত টাকা তামুট (ETV Bharat)

এই সন্দৰ্ভত তেওঁ ইটিভি ভাৰতক এই পথৰ আঁৰত লুকাই থকা কথাবোৰ বৰ্ণনা কৰে । তেওঁ কয়, "মোৰ এটা সপোন আছিল আৰু সেই সপোন ৰাইজে পূৰণ কৰিলে । মোৰ এই কৃতিত্বৰ আঁৰত মোৰ গাঁৱৰ লগতে অৰুণাচল প্ৰদেশৰ সকলো দিশতে থকা কৰ্মৰত বিষয়াসকল আছে । কাৰণ এগৰাকী চিভিল ইঞ্জিনীয়াৰ হৈ বিনা উপাৰ্জনে এইবোৰ সম্ভৱ নাছিল । মোৰ হেঁপাহ আছিল পৰ্বত আৰোহণ কৰা । গাঁৱৰ আৰু লগৰীয়াই মোৰ বাবে ৰাজহুৱাকৈ আৰ্থিক সহায় আগবঢ়াই । মোক সহায় কৰিবলৈ বন্ধুসকলে অৰ্থ সংগ্ৰহ কৰিছিল । কিন্তু মই বৰ সৌভাগ্যবান যে মোক ইমান মানুহে সহায় কৰিছিল ।"

আৰ্থিক প্ৰত্যাহ্বানৰ কথা বৰ্ণনা কৰি তেওঁ কয়, "এটা সময় আছিল বিনা উপার্জনেৰে ঘৰত বহি থকাটো বৰ কঠিন তথাপিও মোৰ পৰিয়ালৰ পৰা সঁহাৰি পাইছিলোঁ । ইঞ্জিনীয়াৰ পাছ কৰাৰ পিছত বহুতো পৰীক্ষা দিছিলোঁ কিন্তু সেই সময়ত অৰুণাচল প্ৰদেশৰ চাকৰিৰ বাবে হোৱা পৰীক্ষাসমূহত বহুতো দুৰ্নীতি হৈছিল । কিন্তু মই মোৰ পথ বাছি ললোঁ । মোৰ বিভিন্ন বাতৰি পাইছিলো অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত বহুতো দুৰ্ঘটনা সংঘটিত হয় আৰু এই অঞ্চলত এনেধৰণৰ কাম কৰাৰ সুবিধা আছে আৰু পৰৱৰ্তী সময়ত ই মোৰ এক দৈনন্দিন জীৱনৰ আহিলা হৈ পৰিল ।"

Arunachal Unsung Hero Taka Tamut
বিশেষ অৱদানৰ বাবে টাকা তামুটক বিভিন্ন বঁটাৰে সন্মানিত কৰা হয় (ETV Bharat)

উল্লেখ্য যে অৰুণাচল প্ৰদেশত পৰ্বতাৰোহী টাকা তামুট 'মানৱ গুগল' বুলিও পৰিচিত । এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয়, "মই নাজানো কি কাৰণত মানুহে এই বুলি কয়, কেতিয়াবা কিবা কাম কৰিলে বৰ্তমান ইণ্টাৰনেটৰ যুগত সকলোতে বিয়পি পৰে, এইটো মই নাজানো মই মোৰ কাম কৰিছোঁ । মই এজন মানুহ হিচাপে সমাজৰ বাবে কাম কৰিছোঁ । কিন্ত এই এডভেঞ্চাৰ যাত্ৰা বৰ কষ্টকৰ যদিও মই আমেজ পাওঁ শান্তি লাভ কৰিছোঁ ।"

দুঃসাহসিক অভিযান

টাকা তামুটৰ জীৱনৰ বিভিন্ন অভিযানৰ কথা উল্লেখ কৰি তেওঁ কয়, "মই জীৱনত অৰুণাচল প্ৰদেশত কেবাটাও উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰোঁ । তাৰ ভিতৰত প্ৰথম পশ্চিম অৰুণাচল প্ৰদেশৰ জং অঞ্চলত আছিল । এজন ব্যক্তি নদীত সন্ধানহীন হোৱাত ৪ দিন উদ্ধাৰ অভিযান চলোৱা হয় যদিও তেওঁক বিচাৰি উলিয়াব পৰা নগ'ল । কিন্তু তাৰ উৎস লাভ কৰিছিলোঁ । পৰৱৰ্তী সময়ত অসমৰ ভৈৰৱকুণ্ডত উদ্ধাৰ অভিযান চলাও । মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল মেচুকা আৰু ছিয়াঙৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হোৱা ভাৰতীয় বায়ুসেনা বাহিনীৰ এন ৩২ বিমানৰ উদ্ধাৰ অভিযান । বায়ুসেনাৰ মুঠ ১৩ গৰাকী ইঞ্জিনীয়াৰৰ গ্ৰুপৰ এই বিমান ধ্বংসাৱশেষ বিচাৰি উলিয়াব লাগে । ২০১৯ চনৰ ৩ জুনত এই বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু পৰৱৰ্তী সময়ত ৯ জুনত মোৰ নেতৃত্বত বায়ুসেনা আৰু সেনাৰ এটা দল হেলিকপ্টাৰেৰে সেই স্থানত অৱতাৰণ কৰিছিলো । সেই সময়ত বহুতো বাতৰিয়ে জনসাধাৰণৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছিল । চীনে বিমানখন লৈ গ'ল নেকি ইত্যাদি । পৰৱৰ্তী সময়ত মোৰ নেতৃত্বত সকলো দল উদ্ধাৰৰ বাবে নামি পৰো, বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰি মৃতদেহ উদ্ধাৰ কৰা হয় । কিন্তু আমি বেয়াকৈ সেই স্থানত আৱদ্ধ হৈ পৰিছিলো । মোৰ ১৫ জনীয়া দলটোক লৈ সকলোৰে চিন্তা হৈছিল কাৰণ অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ বতৰৰ বাবে সেয়া বৰ কঠিন আছিল ।" মুঠ ১৮ দিনৰ এই অভিযানৰ বাবে বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ বিশেষ পদক লাভ কৰাৰ কথাও উল্লেখ কৰে তামুটে ।

Arunachal Unsung Hero Taka Tamut
বায়ু সেনাই বিশেষ সন্মান প্ৰদান কৰে টাকা তামুটক (ETV Bharat)

বিভিন্ন অভিযান :

  • ২০১৬ চন : মাউণ্ট ষ্টক কাংৰি (৬,১৫৩ মিটাৰ)
  • ২০১৭ চন : মাউণ্ট মেৰা শৃংগ (৬,৩০০ মিটাৰ)
  • ২০১৭ চন : মাউণ্ট লোট্চে (৮,৫১৬ মিটাৰ)
  • ২০১৮ চনত মাউণ্ট এভাৰেষ্ট (৮,৮৪৮ মিটাৰ) শ্বেৰ্পা অবিহনে

উল্লেখ্য যে পৰ্বতাৰোহণৰ কৃতিত্ব আৰু মানৱীয় অৱদানৰ বাবে তামুটক ২০১৯ চনৰ টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটাৰে সন্মানিত কৰা হয় । তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২০২০ চনৰ ২৯ আগষ্টত এক ভাৰ্চুৱেল অনুষ্ঠানত এই বঁটা প্ৰদান কৰে ।

ব্যক্তিগত কৃতিত্বৰ বাহিৰেও তামুটে অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীসকলৰ দুঃসাহসিক ক্ৰীড়াত সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়াই আহিছে । তেওঁ বিভিন্ন উৎসৱৰ সময়ত সজাগতা অভিযানৰ আয়োজন কৰে আৰু মাউণ্টেন বাইকিং আৰু পেৰাগ্লাইডিঙৰ দৰে কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰে । তেওঁৰ প্ৰচেষ্টাৰ লক্ষ্য হৈছে নিবনুৱা যুৱক-যুৱতীসকলক দুঃসাহসিক ক্ৰীড়াত জড়িত কৰোৱা, তেওঁলোকক জীৱিকাৰ সুযোগ প্ৰদান কৰা । তামুটৰ এই দুঃসাহসিক কৰ্মই আন বহুতৰ বাবে এক উদাহৰণ হৈ পৰিছে আৰু তেওঁৰ এই যাত্ৰা নিষ্কণ্টক হৈ থাকক সেয়াই সকলোৰে কামনা ।

Arunachal Unsung Hero Taka Tamut
বঁটাগ্ৰহণৰ সময়ত টাকা তামুট (ETV Bharat)

লগতে পঢ়ক :বিদ্ৰোহীৰ পৰা সমাজ সংস্কাৰকলৈ: ছত্তীশগড়ত প্ৰাক্তন নক্সালবাদীৰ শিক্ষা বিপ্লৱ - FROM REBELS TO REFORMERS