ভাৰতৰ এনে এটা ৰে'ল ষ্টেচন, য'ত বছৰৰ মাত্ৰ ১৫ দিনহে ৰয় ৰে'ল
ভাৰতৰ ৰে'ল ষ্টেচনৰ কাহিনী অনেক । এনে এটা ৰে'ল ষ্টেচনৰ বিষয়েই এই প্ৰতিবেদন ৷

Published : September 10, 2025 at 4:44 PM IST
ঔৰংগাবাদ: ভাৰতীয় ৰে'লৱেৰ প্ৰায় ৭৫০০ টা ষ্টেচনৰ ভিতৰত ঔৰংগাবাদৰ অনুগ্ৰহ নাৰায়ণ ৰোড ঘাট ষ্টেচনৰ আছে এক সুকীয়া বৈশিষ্ট, কিয়নো ইয়াত বছৰৰ ৩৬৫ দিনৰ ভিতৰত ১৫ দিনহে ৰে'ল ৰয় । এই অনুগ্ৰহ ৰে'লৱে ষ্টেচনত কেৱল পিতৃপক্ষৰ সময়তহে ৰে'ল ৰয় ।
১৫ দিনহে ৰয় ৰে'ল:
বৰ্তমান যিহেতু পিতৃপক্ষ আৰম্ভ হৈছে, গতিকে এই সময়ত পণ্ডিত দীন দয়াল উপাধ্যায়-গয়া ৰে'লখণ্ডৰ অনুগ্ৰহ নাৰায়ণ ৰোড ঘাট ষ্টেচন আকৌ এবাৰ উজ্জীৱিত হৈ উঠিছে । আগন্তুক দুই সপ্তাহলৈ ইয়াত যাত্ৰীসকলৰ ভিৰ দেখা যাব । এই ১৫ দিনলৈকে দেশ-বিদেশৰ পিণ্ডদাতাসকলে ইয়াত নামি পিণ্ডদান কৰিব । বাকী ৩৫০ দিনেই এই ষ্টেচনত দেখা যাব কেৱল নিস্তব্ধতা । এখনো ৰে'ল আৰু এই ষ্টেচনটোত ৰোৱা দেখা নাযাব ৷
কেতিয়াৰ পৰা কেতিয়ালৈ ৰ'ব ৰে'ল:
৭ ছেপ্টেম্বৰৰ পৰা পিতৃপক্ষ আৰম্ভ হৈছে । গতিকে ৭ ছেপ্টেম্বৰৰ পৰা অনুগ্ৰহ নাৰায়ণ ৰোড ঘাট ষ্টেচনত ৰে'ল ৰ'বলৈ আৰম্ভ হৈছে । এই মাহৰ ২১ তাাৰিখলৈকে এই ষ্টেচনত ৰে'ল ৰ'ব, ইয়াৰ পাছত পুনৰ ৰে'ল ৰোৱা বন্ধ হ'ব ।
এইবাৰ ৮ যোৰা ৰে'লৰ পৰিচালনা হ'ব:
পিতৃপক্ষৰ বাবে এইবাৰ অনুগ্ৰহ নাৰায়ণ ৰোড ঘাট ষ্টেচনত ৮ যোৰা ৰে'ল ৰ'ব । এই সকলোবোৰ যাত্ৰীবাহী ৰে'ল, যিসমূহ ৰে'ল পণ্ডিত দীনদয়াল উপাধ্যায় ৰে'লৱে জংচনৰ পৰা আৰম্ভ হৈ পোনে পোনে গয়া জংচনলৈ যায় । ইয়াৰ মাজতে অনুগ্ৰহ নাৰায়ণ ৰোড ঘাট ষ্টেচনলৈ আহে, য'ত যাত্ৰীসকল নামি পুনপনত পিণ্ডদান কৰে আৰু তাৰ পাছত গয়ালৈ যায় ।

