ETV Bharat / bharat

অপ্ৰাকৃতিক যৌন সম্ভোগেৰে হত্যা ১০ বছৰীয়া ল'ৰাক

Jubilee Hills Murder Case : ১৩ ফেব্ৰুৱাৰীৰ নিশা হায়দৰাবাদৰ জুবিলি হিলছত এজন ব্যক্তিৰ বিকৃত যৌনতাৰ বলি হয় এটি ১০ বছৰীয়া শিশু । অপ্ৰাকৃতিক যৌন সম্ভোগেৰে হত্যা কৰা হয় শিশুটিক ।

অপ্ৰাকৃতিক যৌন সম্ভোগেৰে হত্যা ১০ বছৰীয়া ল'ৰাক
অপ্ৰাকৃতিক যৌন সম্ভোগেৰে হত্যা ১০ বছৰীয়া ল'ৰাক
author img

By ETV Bharat Assamese Team

Published : February 20, 2024 at 1:46 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী : এজন ব্যক্তিৰ বিকৃত মানসিকতাৰ বলি হ'বলগা হয় এটি ১০ বছৰীয়া ল'ৰা । ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদৰ জুবিলি হিলছত । জুবিলি হিলছ আৰক্ষীয়ে সন্দেহজনক পৰিস্থিতিত এজন ল'ৰাৰ মৃত্যুৰ গোচৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, হায়দৰাবাদৰ ৫ নং জুবিলি হিলছৰ দুৰ্গাভৱনী নগৰত বাস কৰা মুদাৱত ৰমেশ আৰু কবিতাৰ পুত্ৰ কাৰ্তিক ওৰফে পাণ্ডু (১০) ১৩ ফেব্ৰুৱাৰীৰ নিশা খেলিবলৈ ওলাই যায় । কিন্তু সেই নিশা শিশুটি ঘৰলৈ উভতি নাহে । জানিব পৰা মতে, বুধবাৰে পুৱা ৫ নং জুবিলি হিলছ ৰোডৰ জিএইচএমচি পাৰ্কৰ নৰ্দমাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয় ।

আনহাতে, আৰক্ষীয়ে এই ঘটনাত গুৰুত্বপূৰ্ণ তথ্য-প্ৰমাণ সংগ্ৰহ কৰিছে । নগৰকুৰনুল জিলাৰ থিম্মাজিপেটৰ বাসিন্দা মান্যম নায়েকক (৫৩) চিচিটিভি কেমেৰাৰ ওপৰত ভিত্তি কৰি অভিযুক্ত হিচাপে চিনাক্ত কৰা হয় আৰু সোধা-পোছা কৰা হয় । আৰক্ষীৰ জেৰাত অভিযুক্তই প্ৰকাশ কৰে যে তেওঁ ল'ৰাটো পাৰ্কখনলৈ লৈ গৈছিল ।

আৰক্ষীৰ সূত্ৰ মতে, অভিযুক্তই নিজৰ গাঁৱত আন এজন ব্যক্তিৰ সৈতে অপ্ৰাকৃতিক যৌন সম্ভোগ কৰিছিল । তাৰ পিছত অভিযুক্ত মান্যম নায়েক 15 দিন পূৰ্বে উক্ত কলনীটোলৈ আহে । তেওঁ কাৰ্তিকৰ সৈতে কেইবা দিন ধৰি বন্ধুত্ব কৰি আহিছে । ঘটনাটোৰ নিশা তেওঁ কাৰ্তিকক সুৰাৰ নিচাত পাৰ্কলৈ লৈ যায় আৰু দুৰ্ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে । কিন্তু অত্যাচাৰত যেতিয়া ল'ৰাটোৱে চিঞৰি উঠে, তেতিয়া তেওঁৰ মুখ আৰু নাকত সোপা মাৰি ধৰি নৰ্দমাটোলৈ ঠেলি দিয়ে । সেই সময়ত মূৰত পোৱা আঘাতৰ বাবে ল'ৰাটোৱে প্ৰাণ হেৰুৱায় ।

উল্লেখ্য যে মৃত শিশুটিৰ পিতৃ ৰমেশে মান্যম নায়েকৰ পুত্ৰ মল্লেশক এখন অটো দিছিল আৰু তেওঁলোকক নিজৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰিছিল । কিন্তু মান্যম নায়কে ইমানৰ পিছতো পৰিয়ালটোৰ প্ৰতি কোনো সদিচ্ছা প্ৰদৰ্শন কৰা নাছিল । বৰঞ্চ শিশুটিক অপ্ৰাকৃতিক কাৰ্য সিদ্ধি কৰি হত্যা কৰাৰ পিছতো অনুশোচনাৰ লেখমানো চিন নাছিল অভিযুক্তৰ অভিব্য়ক্তিত । অভিযুক্তৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :মানহানি গোচৰ, ৰাহুল গান্ধীক জামিন প্ৰদান