গণপতি মছজিদ ! একতা-ভাতৃত্ববোধৰ বাৰ্তা বিলাই ৪৫ বছৰে এটা মছজিদত চলি আহিছে গণেশ পূজা
এক ব্যতিক্ৰমী পৰম্পৰা । মছজিদত গণেশৰ পূজা । এখন গাঁৱৰ হিন্দু-মুছলমানে দিছে একতাৰ বাৰ্তা ।

Published : September 5, 2025 at 2:30 PM IST
ছাংলি/গোটখিন্দি : ইছলাম ধৰ্মাৱলম্বীৰ উপাসনাস্থলী মছজিদৰ ভিতৰত হিন্দু দেৱতাৰ পূজা ! কেতিয়াবা আপুনি কল্পনা কৰিব পাৰিবনে ? কিন্তু আপুনি শুনি আচৰিত হ'ব এইখন ভাৰতৰে এটা মছজিদত কৰা হয় হিন্দু দেৱতা গণেশৰ পূজা । বিগত ৪৫ বছৰ ধৰি মছজিদটোত গণেশ উৎসৱৰ আয়োজন হৈ আহিছে । হিন্দু, মুছলমানকে ধৰি বিভিন্ন ধৰ্মৰ লোকে একত্ৰিত হৈ মছজিদটোৰ চৌহদতে উপযাপন কৰে গণেশ পূজা যাক তেওঁলোক গণেশোৎসৱ নাম দিছে ।
গণেশ চতুৰ্থী উপলক্ষে ২৭ আগষ্টৰ পৰা আৰম্ভ হোৱা এইবাৰৰ গণেশোৎসৱৰ সময়তো পূৰ্বৰ বছৰবোৰৰ দৰে সমগ্ৰ অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে । এককথাত ক'বলৈ গ'লে গাঁওখনত দুয়োটা সম্প্ৰদায়ৰ লোকে সাম্প্ৰদায়িক সম্প্ৰীতিৰ আখ্যান পুনৰ লিখিছে । আপুনি জানেনে এই বিশেষ গাঁওখনৰ নাম ? দেশৰ ক'ত আছে এই গাঁওখন ? মছজিদত গণেশোৎসৱ আয়োজনৰ পৰম্পৰা কেনেদৰে আৰম্ভ হ'ল ?
এয়া হৈছে মহাৰাষ্ট্ৰৰ ছাংলিৰ গোটখিন্দি গাঁও । ১৯৬১ চনৰ কথা, সেই বছৰ গণেশ উৎসৱৰ সময়ত গাঁওখনত হঠাৎ প্ৰৱল বৰষুণ আহিছিল । স্থানীয় এটা মন্দিৰলৈ গণেশৰ প্ৰতিমা অনা হৈছিল যদিও বৰষুণৰ ফলত প্ৰতিমাটোৰ কিছু ক্ষতি হৈছিল । এনে অৱস্থা দেখি গোটখিন্দিৰ মুছলমান বাসিন্দাসকলে বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ সেই প্ৰতিমাটো ওচৰৰে গাৱতিল মছজিদলৈ লৈ যায় । সেই তেতিয়াৰে পৰা গাঁওখনত আৰম্ভ হ'ল এক নতুন পৰম্পৰা ।
পিছত এই পৰম্পৰাক বাস্তৱ ৰূপ দিয়া হ'ল ১৯৮০ চনত । যেতিয়া হিন্দু আৰু মুছলমান গাঁওবাসীয়ে মিলি নতুন ঝুঞ্জাৰ গণেশোৎসৱ মণ্ডল প্ৰতিষ্ঠা কৰে । নতুন ঝুঞ্জাৰ গণেশোৎসৱ মণ্ডলৰ প্ৰতিষ্ঠাপক সদস্য অশোক পাটিলে বৰ্ণনা কৰিলে কেনেদৰে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ।
তেতিয়াৰে পৰাই প্ৰতি বছৰে গাৱতিল মছজিদত গণেশ পূজাৰ আয়োজন কৰা হয় । এই গণেশোৎসৱ ১০ দিন ধৰি চলে । এই সময়ছোৱাত বিভিন্ন অনুষ্ঠানৰ লগতে সকলোৱে একেলগে প্ৰাৰ্থনাও কৰে । অশোক পাটিলে এই সন্দৰ্ভত কয়, "মছজিদত গণেশোৎসৱ এতিয়া বাৰ্ষিক পৰম্পৰাত পৰিণত হৈছে । ই গোটখিন্দিৰ হিন্দু আৰু মুছলমান বাসিন্দাসকলৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু একতাৰ প্ৰতীক ।"
তেওঁ লগতে কয় যে দেশখনে মাজে সময়ে ধৰ্মীয় উত্তেজনাৰ সাক্ষী হৈ থকাৰ সময়তো এই পৰম্পৰা কিন্তু গোটখিন্দিত অব্যাহত আছে । তেওঁ কয়, "ইয়াত আমি শান্তিপূৰ্ণ সহাৱস্থানৰ আৰ্হি প্ৰদৰ্শন কৰি ঐক্য আৰু প্ৰেমেৰে ইয়াক উদযাপন কৰো ।"
নতুন ঝুঞ্জাৰ গণেশ মণ্ডলৰ প্ৰাক্তন সভাপতি ইলাহি পাঠানে হিন্দু আৰু মুছলমান সম্প্ৰদায়ে কেৱল একেলগে গণেশোৎসৱ পালন কৰাই নহয় ইজনে সিজনৰ উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে বুলিও উল্লেখ কৰে ।
পাঠানে কয়, "আমি ঈদৰ পৰা গণেশ আৰতিলৈকে সকলো উৎসৱ একেলগে উদযাপন কৰো । এই উদযাপনে আমাৰ গাঁওখনৰ ঐক্য আৰু ভাতৃত্ববোধক শক্তিশালী কৰে ।" মহাৰাষ্ট্ৰৰ এই গাঁওখনত গণেশোৎসৱৰ লগতে ঈদ-ই-মিলাদো পালন কৰা হয় ।
লগতে পঢ়ক :এখন ৰূপৰ চকী... সিংহাসনৰ দৰে এই চকীখনৰো আছে অনেক কাহিনী - LDA OFFICE SILVER CHAIR

