কৈঠাল: ৰামায়ণত যেনেদৰে ভগৱান ৰামে পত্নী সীতা আৰু ভাতৃ লক্ষ্মণৰ সৈতে ১৪ বছৰ বনবাস খাটিছিল, ঠিক তেনেদৰে হাৰিয়ানাৰ এজন ব্যক্তিয়েও আন এক ধৰণৰ বনবাসৰ মাজেৰে ধৈৰ্যৰে জীয়াই আছিল ।
২০১১ চনত ৰামপাল কাশ্যপ নামৰ ব্যক্তিজনে গাঁওবাসীৰ সৈতে হোৱা এক সাধাৰণ বাৰ্তালাপৰ সময়ত প্ৰতিজ্ঞা কৰিছিল যে সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী নোহোৱালৈকে আৰু তেওঁক ব্যক্তিগতভাৱে সাক্ষাৎ নকৰালৈকে তেওঁ খালি ভৰিৰে জীৱন নিৰ্বাহ কৰি থাকিব ।
কিন্তু সেই সময়ত বহুতে তেওঁৰ এই প্ৰতিজ্ঞাক ভেঙুচালি কৰি কৈছিল যে কাশ্যপে এক অসম্ভৱ প্ৰতিজ্ঞা কৰিছে । কিন্তু কাশ্যপে সম্পূৰ্ণ একাগ্ৰতাৰে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিছিল । কৈঠাল জিলাৰ খেৰী গুলামালী গাঁৱত শ্ৰমিক হিচাপে কঠোৰ পৰিশ্ৰম কৰি তেওঁ খালি ভৰিৰেই জীৱন অতিবাহিত কৰিছিল । ৰ'দ-বৰষুণ তথা বিভিন্ন বাধা-বিঘিনিক হেলাৰঙে আওকাণ কৰি কাশ্যপে নিজৰ প্ৰতিজ্ঞাত অটল হৈ আছিল । আৰু এনেদৰেই তেওঁৰ দুভৰিয়ে এক নতুন বাস্তৱতাৰ সৈতে অভ্যস্ত হৈ পৰিছিল ।
आज प्रधानमंत्री श्री @narendramodi जी ने यमुनानगर में कैथल के रामपाल कश्यप जी से मुलाकात की। रामपाल जी ने 14 वर्ष पहले एक व्रत लिया था कि ‘मोदी जी जब तक प्रधानमंत्री नहीं बन जाते और मैं उनसे मिल नहीं लेता, तब तक जूते नहीं पहनूंगा।’
— Nayab Saini (@NayabSainiBJP) April 14, 2025
आज प्रधानमंत्री जी ने उन्हें जूते पहनाए।… pic.twitter.com/B6zidFDmOk
অৱশ্যে ইয়াৰ চাৰি বছৰ পিছত ৰামপাল কাশ্যপৰ প্ৰতিজ্ঞাৰ আধা অংশ পূৰণ হৈছিল । কিয়নো ২০১৪ চনত ৰাষ্ট্ৰীয় নিৰ্বাচনত মোদীয়ে বিশাল বিজয়েৰে দিল্লীৰ মচনদ দখল কৰিছিল । কিন্তু তেতিয়াও কাশ্যপৰ প্ৰতিজ্ঞা পূৰণ আধৰুৱা হৈ আছিল । কিয়নো তেওঁৰ ইচ্ছাৰ বাকী অংশ পূৰণৰ বাবে আৰু 10 বছৰতকৈ অধিক সময় অপেক্ষা কৰিবলগা হৈছিল । অৱশেষত যোৱা সোমবাৰে 55 বছৰীয়া ৰামপাল কাশ্যপে তেওঁৰ ভগৱানৰ সাক্ষাৎ লাভ কৰে ।

কেৱল প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ লাভ কৰাই নহয়, কাশ্যপে জীৱনত ভাবিব নোৱৰা, কল্পনা কৰিব নোৱৰা এক উপহাৰ মোদীৰ পৰা লাভ কৰে । কাশ্যপ সম্ভৱতঃ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছে, যাক প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল জোতা উপহাৰ দিয়াই নহয়, বৰ্তমান সময়ৰ বিশ্বনেতাগৰাকীয়ে নিজেই তেওঁক জোতাযোৰ পিন্ধাত সহায় কৰিছিল । প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কাশ্যপক এযোৰ অত্যাধুনিক স্পৰ্টছ জোতা উপহাৰ দি নিজে পিন্ধাত সহায় কৰি দিয়ে । যাৰ ফলত ইমান বছৰ খালি ভৰিৰে জীয়াই থকাৰ পিছত কাশ্যপে এক সম্পূৰ্ণ বেলেগ অভিজ্ঞতা লাভ কৰে ।

আনহাতে, জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ মুহূৰ্তৰ কিছু সময় পিছতে ই টিভি ভাৰতৰ সৈতে বাৰ্তালাপত কাশ্যপে কয় যে তেওঁ গুজৰাটত মোদী আৰু তেওঁৰ নেতৃত্বৰ দ্বাৰা অনুপ্ৰাণিত । লগতে তেওঁ বিশ্বাস ব্যক্তি কৰি কয়, "এই ব্যক্তিজনে আমাৰ দেশক আগবঢ়াই নিব ।"
"মই অতি গৌৰৱ অনুভৱ কৰিছোঁ... এইটো এনেকুৱা অভিজ্ঞতা যেন মই অৱশেষত মোৰ ভগৱানক লগ পাইছোঁ...।" অতি উচ্ছ্বাসেৰে কাশ্যপে তেওঁৰ গৃহ জিলাত ইটিভি ভাৰতৰ আগত কয় ।
আনহাতে, মোদীৰ সৈতে তেওঁৰ সাক্ষাতৰ প্ৰসংগ উল্লেখ কৰি কাশ্যপে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সৈতে বিতংভাৱে কথা পাতিছিল আৰু তেওঁৰ প্ৰতিজ্ঞাৰ বিষয়ে সুধিছিল । আনহাতে, তেওঁক কাম কৰিবলৈ আৰু নিজৰ যত্ন ল'বলৈ পৰামৰ্শ দিছিল । ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে কাশ্যপক তেওঁৰ ব্যক্তিগত ফোন নম্বৰ দিয়াৰ লগতে কাশ্যপৰ ফোন নম্বৰো লৈছিল । তেওঁৰ অনুভূতিক গভীৰ সন্মান প্ৰদানৰ বাবে তেওঁৰ সৈতে ফোন নম্বৰ আদান-প্ৰদান কৰা বুলিও মোদীয়ে উল্লেখ কৰা বুলি কয় ।

"আজি মই আপোনাক জোতা পিন্ধাই আছোঁ, কিন্তু পিছত আৰু এই কাম নকৰিবা। কাম কৰিব লাগে, এনেকুৱা কৰি নিজক নিজে কিয় ইমান কষ্ট দিছা ।" প্ৰধানমন্ত্ৰী মোদীয়ে কাশ্যপক জোতা পিন্ধাই পিন্ধাই এনেদৰে কয় । আনহাতে, তেওঁৰ ভগৱানে এই কাম কৰাৰ বাবে কাশ্যপ আচৰিত হৈ পৰা বুলিও উল্লেখ কৰে ।
আনহাতে, সামাজিক মাধ্যমৰ এক পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "কাশ্যপৰ অনুভূতিক সন্মান কৰোঁ । লগতে এনে সকলো বন্ধুক সামাজিক বা ৰাষ্ট্ৰীয় সেৱাত অৰিহণা যোগোৱা প্ৰতিজ্ঞা কৰিবলৈ আহ্বান জনাওঁ ।"
কাশ্যপ এজন আগশাৰীৰ বিজেপি কৰ্মী নহ'লেও প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি তেওঁৰ মৰম আৰু সমৰ্থনৰ লগতে তেওঁৰ প্ৰতিশ্ৰুতিৰ প্ৰতি কেইবা বছৰৰ অধ্যৱসায়ে অৱশেষত তেওঁৰ সপোন পূৰণ কৰে ।