ETV Bharat / bharat

ইটোৰ পিছত সিটোকৈ ভাবুকি, দুষ্কৃতিকাৰীয়ে উৰুৱাই দিব নেকি জয়পুৰ চহৰ ?

জয়পুৰত ধাৰাবাহিকভাৱে আহি আছে বোমা বিস্ফোৰণৰ ভাবুকি । এইবাৰ এখন হোটেল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে কৰ্তৃপক্ষই ।

JAIPUR BOMB THREAT
এখন ব্যক্তিগত হোটেল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 7:39 PM IST

2 Min Read
Choose ETV Bharat

জয়পুৰ: ধাৰাবাহিকভাৱে ৰাজস্থানৰ জয়পুৰৰ বিভিন্ন স্থান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি পোৱা গৈ আছিল । শুকুৰবাৰে জয়পুৰৰ দুখন আদালতত বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ পিছতে শনিবাৰে বৈছ গোডাম চৌহদত অৱস্থিত এখন ব্যক্তিগত হোটেল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহে । হোটেল কৰ্তৃপক্ষই এই ভাবুকি লাভ কৰিছিল ই-মেইলৰ জৰিয়তে ।

এই তথ্য পোৱাৰ লগে লগে আৰক্ষী, বোমা স্কোৱাড, এ টি এছ আদি নিৰাপত্তাৰক্ষী সষ্টম হোৱা দেখা যায় । লগে লগে হোটেলখনত তালাচী অভিযান চলোৱা হয়, কিন্তু কোনো সন্দেহজনক বস্তু পোৱা নগ’ল হোটেলখনত ।

jaipur hotel received bomb threat dog squad team reached spot
ভাবুকি লাভ কৰাৰ পিছতে তৎপৰ নিৰাপত্তা বাহিনী (ETV Bharat)

জানিব পৰা মতে, এই ভাবুকিৰ সময়ত হোটেলখনত উপস্থিত আছিল অতিৰিক্ত ডি চি পি দক্ষিণ ললিত শৰ্মা, ৰাজস্থানৰ গৃহ ৰাজ্যিক মন্ত্ৰী জৱাহৰ সিং বেধাম, দুজন মন্ত্ৰী আৰু এজন বিধায়ক । এই বিষয়ে গম পোৱাৰ পাছতে গৃহ ৰাজ্য মন্ত্ৰীয়ে হোটেলখন শীঘ্ৰে খালী কৰাৰ কথা ঘোষণা কৰে ।

jaipur hotel received bomb threat dog squad team reached spot
বোমা বিস্ফোৰণৰ ভাবুকিৰ পাছতে সষ্টম আৰক্ষী (ETV Bharat)

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, ''হোটেল পৰিচালনা সমিতিয়ে এটা ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰিছিল, তাৰ পিছত হোটেল কৰ্তৃপক্ষৰ খবৰৰ ভিত্তিত নিৰাপত্তা বাহিনীক উক্ত স্থানলৈ মাতি অনা হয় । ডগ স্কোৱাড আৰু বোমা স্কোৱাডৰ সৈতে সমগ্ৰ হোটেলখন ভালদৰে তালাচী চলোৱা হয় যদিও কোনো বিস্ফোৰক বা সন্দেহজনক সামগ্ৰী পোৱা নগ’ল ।''

jaipur hotel received bomb threat dog squad team reached spot
হোটেললৈ আহিল বোমা বিস্ফোৰণৰ ভাবুকি (ETV Bharat)

ইয়াৰ পূৰ্বেও ভাবুকি পোৱা গৈছিল :

ভাবুকিক গুৰুত্বসহকাৰে লৈ আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে আৰু চাইবাৰ বিশেষজ্ঞৰ সহায় লোৱা হৈছে । মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বেও জয়পুৰ বিমানবন্দৰ, এছ এম এছ ষ্টেডিয়াম, স্কুল-কলেজ, আদালত আদি ঠাইত বোমা বিস্ফোৰণৰ ভাবুকি আহিছিল ।

jaipur hotel received bomb threat dog squad team reached spot
বোমা বিস্ফোৰণৰ ভাবুকিৰ পাছতে প্ৰশাসনৰ অভিযান আৰম্ভ (ETV Bharat)

শুকুৰবাৰে বিয়লি ২ বজাত পৰিয়াল আদালত (Family Court) আৰু মেট্ৰ’ ক’ৰ্টক বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছিল, তাৰ পিছত ৪ৰ পৰা ৫ ঘণ্টা ধৰি তালাচী অভিযান চলাইছিল যদিও একো পোৱা নগ’ল । যোৱা কেইসপ্তাহমানৰ পৰা ৮ মে’, ৯ মে’, ১২ মে’ আৰু ১৩ মে’তো এছ এম এছ ষ্টেডিয়াম আৰু জয়পুৰ মেট্ৰ’ক লক্ষ্য কৰি লোৱাৰ ভাবুকি পোৱা গৈছে, যিবোৰ তদন্তত ভুৱা বুলি ধৰা পৰিছে । এতিয়া এই ধাৰাবাহিক ভাবুকিবোৰে জয়পুৰ আৰক্ষী আৰু প্ৰশাসনক অধিক সতৰ্ক কৰি তুলিছে ।

লগতে পঢ়ক : নৌসেনাই অপাৰেশ্যন সেন্দূৰত অংশ ল’লে চাৰিভাগত বিভক্ত হ’লহেতেন পাকিস্তান: ৰাজনাথ সিং

লগতে পঢ়ক : এনকাউণ্টাৰত নিহত লৰেন্স বিষ্ণৈই গেঙৰ শ্বাৰ্প শ্বুটাৰ