অৰুণাচলৰ জিৰ' উৎসৱত এটা দিন জুবিন গাৰ্গৰ নামত উৎসৰ্গা
এইবাৰ মহোৎসৱৰ মুকলি দিনটো কিংবদন্তি শিল্পী, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হৈছে ৷

Published : September 24, 2025 at 7:25 PM IST
তেজপুৰ: অৰুণাচল প্ৰদেশৰ সেউজীয়া পাহাৰীয়া ভূমিত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ২০২৫ বৰ্ষৰ জিৰ' উৎসৱ ২৫–২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব । এইবাৰ মহোৎসৱৰ মুকলি দিনটো কিংবদন্তি শিল্পী, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হৈছে ৷ এগৰাকী স্বাধীন শিল্পী, যাৰ সংগীত আৰু মনোভাৱে সমগ্ৰ উত্তৰ-পূব আৰু ইয়াৰ বাহিৰৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল, তেওঁৰ নামত উৎসৰ্গা কৰা হৈছে এই মহোৎসৱৰ প্ৰথম দিনটো ৷
জিৰ' ফেষ্টিভেলৰ সহ-প্ৰতিষ্ঠাপক অনুপ কুট্টিয়ে জনায়, ‘‘জুবিন গাৰ্গ হৈছে এনে এজন শিল্পী যি পোনপটীয়াকৈ অনুৰাগীৰ ওচৰলৈ যাব পাৰে । আমি সকলোৱে তেওঁৰ বাবে উদযাপন কৰা উচিত আৰু ইয়াৰ পৰা শিকিব লাগে আমি ৷’’

জিৰ' ফেষ্টিভেলে সদায় সংগীতৰ উদযাপনতকৈও আৰু অধিক কামনা কৰে ৷ ই ভূমিৰ লগত জড়িত আৰু তাত বাস কৰা লোকসকলৰ বাবে উদযাপন কৰা এক বিশেষ সংস্কৃতিৰ অনুষ্ঠান । বিগত ২০১২ চনৰ আৰম্ভণিৰে পৰাই এই উৎসৱ পাতি অহা হৈছে ।

সহ-প্ৰতিষ্ঠাপক তথা উৎসৱৰ সঞ্চালক ববি হানোৱে কয়, “বহনক্ষমতাৰ প্ৰতি আমাৰ দায়বদ্ধতা সময়ৰ লগে লগে অধিক শক্তিশালী হৈ আহিছে । জিৰ’ই দেখুৱাইছে যে বৃহৎ সাংস্কৃতিক অনুষ্ঠানসমূহ তেওঁলোকে বাস কৰা ভূমিৰ যত্ন লোৱাৰ সময়ত অবিস্মৰণীয় হ’ব পাৰে । দায়িত্বশীল পৰ্যটন আৰু অসাধাৰণ অভিজ্ঞতা একেলগে চলিব পাৰে ।”

কলা, সম্প্ৰদায়, আৰু সহযোগিতা
সংগীতৰ বাহিৰেও জিৰ' হৈছে সৃষ্টি, পৰীক্ষা-নিৰীক্ষা আৰু সংযোগৰ স্থান ৷ ইণ্টাৰেক্টিভ ইনষ্টলেচন, পপি চাৰ্মিন ষ্টুডিঅ'ত মুকলি কৰ্মশালা আৰু উপত্যকাটোৰ পৰা অনুপ্ৰাণিত ৰান্ধনীশালৰ অভিজ্ঞতাই দৰ্শকক উৎসৱৰ সৈতে নতুন ধৰণে জড়িত হ'বলৈ আমন্ত্ৰণ জনায় ।
এই উৎসৱ ২০১৮ চনৰ পৰা বহনক্ষম ডিজাইন ৰেচিডেন্সিসমূহে শিল্পী, ডিজাইনাৰ আৰু স্থানীয় সম্প্ৰদায়সমূহক একত্ৰিত কৰি ভূমি, ইয়াৰ সামগ্ৰী আৰু ইয়াৰ কাহিনীসমূহৰ প্ৰতি সঁহাৰি জনাইছে - যিয়ে শিল্পৰ বাহিৰলৈ গৈ পৰিৱেশ, ঐতিহ্য আৰু কল্পনালৈ যোৱা সহযোগিতাৰ সূচনা কৰিছে ।

ডায়েজিঅ' ইণ্ডিয়াৰ উপ-সভাপতি তথা পৰ্টফলিঅ' মুৰব্বী বৰুণ কুৰিচে কয়, "এই বছৰ ছুইজাৰলেণ্ডৰ শিল্পী কেৰিন বুচাৰে উপস্থাপন কৰিছে বিইং উইথ নেচাৰ, মিথুনৰ এটা আপাটানি লোককথাৰ দ্বাৰা পৰিচালিত এক ইণ্টাৰেক্টিভ ইনষ্টলেশ্যন । সহযোগী জেনিফাৰ মেক ইনিছ আৰু চেমুৱেল নেফৰ সৈতে বুচাৰে কৰ্মশালা আৰু মেণ্টৰশ্বিপৰ জৰিয়তে দৰ্শকক জড়িত কৰিব, উৎসৱৰ সৃষ্টিশীলতাক সম্প্ৰদায় আৰু পৰিৱেশৰ সৈতে সংযোগ কৰাৰ পৰম্পৰা অব্যাহত ৰাখিব ।’’

