কৰ্তব্যৰ প্ৰতি নিষ্ঠা প্ৰদৰ্শনৰ এক অনন্য কাহিনী: ৯৪ বছৰ বয়সতো বিলাইছে বাতৰি কাকত
জীৱনৰ চকৰি ঘূৰি ঘূৰি পালেহি বিয়লি বেলাত, পিছে বাতৰি কাকত লৈ আজিও ঘূৰি আছে চাইকলৰ পেডেল । পঢ়ক চি হুছেইনৰ এক প্ৰতিবেদন ।

Published : August 21, 2025 at 7:31 PM IST
চেন্নাই: এয়া এক চিৰপৰিচিত চিনেমাৰ স্ক্ৰিপ্টৰ বিপৰীত কাহিনী । দুখীয়া নায়কে নিজৰ কঠোৰ চেষ্টা আৰু দৃঢ় সংকল্পৰ মাধ্যমৰে জনপ্ৰিয়তা লাভ কৰে, প্ৰায়েই আৰম্ভণিতে নায়কে দুৱাৰে দুৱাৰে গৈ বাতৰি কাকত বিলাই ফুৰে । কিন্তু সচৰাচৰ কোৱাৰ দৰেই, বাস্তৱ জীৱন চিনেমাতকৈ পৃথক । চেন্নাইৰ শানমুগ সুন্দৰমৰ কাহিনী- যি সৰুৰে পৰা বাতৰি কাকত বিলাই আহিছে আৰু বৰ্তমান ৯৪ বছৰ বয়সতো এই কাম অব্যাহত ৰাখিছে ।
শানমুগ সুন্দৰম ওৰফে 'পেপাৰ থথা' ৰ কাহিনী মুখে মুখে প্ৰচলিত, কিয়নো তেওঁৰ বন্ধুবৰ্গৰ মাজত তেওঁৰ কৰ্মনীতিৰ কথা সততে চৰ্চা চলি আহিছে । সেয়ে ই টিভি ভাৰতৰ প্ৰতিবেদন প্ৰস্তুত কৰোতাই তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ প্ৰথমতে অসফল হৈছিল । ফোনযোগে তেওঁক কেইবাবাৰো যোগাযোগ কৰা হৈছিল যদিও ফোন হ'ল্ড কৰি ৰাখিছিল বা কেতিয়াবা কাটি দিছিল । অৱশেষত তেওঁক কামাৰাম আৰংগমৰ বিপৰতে থকা বাতৰি কাকত বিতৰণ কেন্দ্ৰ টেনাম্পেটত পুৱা ৫ বজাত লগ পোৱা গৈছিল ।
তেওঁ লগ পাবলৈ দৃঢ় সংকল্পবদ্ধ প্ৰতিবেদন প্ৰস্তুত কৰোতাই পুৱা ৪ বজাতে উপস্থিত হৈছিল । শিৱকুমাৰে শানমুগ সুন্দৰমৰ নিষ্ঠাৰ বিৱৰণ দিছিল এইদৰে,"বান, বৰষুণ, ধুমুহা একোৱে এই বুঢ়া মানুহজনক বাধা দিব পৰা নাই, তেওঁ সময়মতে উপস্থিত হয়, যাৰ ফলত প্ৰায়ে তেওঁ তিতি থাকে, যিসময়ত অন্য মানুহে বৰষুণৰ বাবে নিৰাপদ স্থানত আশ্ৰয় লয় । বাঢ়ি অহা বয়সৰ বাবে এতিয়া শানমুগে কম কাকত লৈ ওলাই যায়, যাতে গ্ৰাহকৰ ঘৰত বিতৰণ কৰিব পাৰে । যাৰ ফলত তেওঁৰ প্ৰতিশ্ৰুতি অটুট থাকে ।"

যেতিয়াই টেনাম্পেট পেপাৰ ডেম্পত দিনটোৰ প্ৰথম পোহৰ পৰিছিল, তেতিয়াই তাত উপস্থিত হৈছিলহি শানমুগ সুন্দৰম । তেওঁ বুজাই দিছিল যে গাখীৰ বিতৰণ কৰাৰ বাবে তেওঁ কিছু পলমকৈ উপস্থিত হৈছিলহি । লগে লগে ওলাই যোৱাৰ পূৰ্বে তেওঁ সযত্নে চাইকেলত বাতৰি কাকতবোৰ জাপিছিল ।
তেওঁক যেতিয়া সোধা হৈছিল যে এই কাম তেওঁ কিয় অব্যাহত ৰাখিছে, তেতিয়া তেওঁ উত্তৰ দিয়ে, "মই ১৯৩১ ত জন্মগ্ৰহণ কৰিছিলোঁ আৰু এতিয়া মই প্ৰায় ৯৪ বছৰীয়া ।" তেওঁ অতীত ৰোমন্থন কৰিবলৈ কিছু বছৰ পিছুৱাই গৈ উল্লেখ কৰে যে, ১৯৫০ চনত তেওঁ অটোম'বাইল উদ্যোগত ১০ গৰাকীৰ ভিতৰত চাকৰি লাভ কৰিছিল । কিছুদিনৰ পিছত তেওঁ বেলেগ বেলেগ চাকৰি কৰিবলৈ ল'লে, কিয়নো উদ্যোগটো লোকচানত চলি আছিল ।
ইয়াৰ মাজতে শানমুগে ১৯৬৩ চনত বিবাহ পাশত আবদ্ধ হয় । তেওঁ ৬৩ বছৰ ধৰি বৰ্তমান বিবাহিত জীৱন কটাই আহিছে আৰু তেওঁ পাঁচগৰাকী কন্যা সন্তান লাভ কৰিছে । বৰ্তমান আটাইকেইগৰাকীকে বিয়া দিয়া হৈছে । তেওঁ ২০০০ চনত চাকৰি বাদ দিলে, যেতিয়া তেওঁ ঘৰে ঘৰে বাতৰি কাকত বিতৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু বিতৰণসূচীত কলাইনাৰ কৰুণানিধি আৰু দয়ানিধি মাৰণৰ দৰে প্ৰমুখ ব্যক্তিসকল জড়িত আছিল ।

ক'ভিড মহামাৰীৰ সময়ত, যেতিয়া ব্যৱসায় বেয়া হৈছিল তেতিয়া তেওঁ গাখীৰ আৰু পানীৰ কেন ডেলিভাৰী কৰাৰো প্ৰয়াস কৰে । শানমুগে কয়,"মই প্ৰতিদিনে পুৱা ৩:৩০ বজাত শোৱাৰ পৰা উঠো, সাজু হওঁ আৰু ৪ বজাত ঘৰৰ পৰা ওলাই যাও । সৰ্বপ্ৰথমে মই গাখীৰৰ পেকেট বিতৰণ কৰোঁ, তাৰ পিছত মই বাতৰি কাকত বিতৰণ কৰোঁ । ২০০০ চনত যেতিয়া মই বাতৰি কাকত বিতৰণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া মই ৫০০ খনকৈ কাকত বিতৰণ কৰিছিলোঁ । কিন্তু এতিয়া মই কেৱল ৫০ খন কাকতহে বিক্ৰী কৰিব পাৰোঁ ।"
ইয়াৰ মাজতে তেওঁ 'কলেংকাৰ' এম. কৰুণানিধিৰ সৈতে হোৱা কথা-বতৰা মনত পেলাই, যিগৰাকীয়ে দিনমণি বাতৰি কাকতখন পঢ়ে । বৰষুণৰ দিনৰ কথা উল্লেখ কৰি তেওঁ উল্লেখ কৰে যে যেতিয়া তিতিবুৰি বাতৰি কাকত দিবলৈ গৈছিল তেতিয়া কৰুণানিধিয়ে তেওঁক টাৱেল দিছিল ।
কৰুণানিধিয়ে তেওঁক বৃদ্ধ পেঞ্চন দিবলৈ বিচাৰিছিল, কিন্তু তেওঁ শাৰিৰীকভাৱ মজবুত হৈ আছে বুলি কৈ মানা কৰিলছিল । তেওঁ কয়,"মোৰ পত্নী আৰু মই এতিয়ালৈ বৃদ্ধ পেঞ্চন লাভ কৰা নাই । আমাক ইয়াৰ প্ৰয়োজনো নাই ।"

শানমুগ সুন্দৰমে প্ৰতিদিনে প্ৰায় ৫০০ টকা উপাৰ্জন কৰে, যিখিনি তেওঁৰ নাতি-পুতিক দিয়ে । যেতিয়া তেওঁ ৪ নৱেম্বৰ,২০২৫ ত ৯৫ বছৰীয়া হ'ব তেতিয়া তেওঁ বাতৰি কাকত বিতৰণ বন্ধ কৰাৰ পৰিকল্পনা কৰি আহিছে আৰু তেতিয়া তেওঁ বৃদ্ধ পেঞ্চনৰ বাবে আবেদন কৰাৰ বাবে চিন্তা-চৰ্চা কৰিব ।
"আহা, চাহ খোৱা"-যেতিয়া শানমুগে প্ৰতিবেদন প্ৰস্তুত কৰোতাৰ বাবে চাহৰ অৰ্ডাৰ দিয়ে, তেতিয়া তেওঁলোক সকলো মৌন হৈ পৰে । তেওঁ দয়ালু স্বভাৱে হৃদয় চুই গৈছিল । এইগৰাকী ৯৪ বছৰীয়া ব্যক্তিয়ে নিজৰ নিষ্ঠা আত্মাৰ পৰা উলিয়াই আনি সেৱা আগবঢ়াই গৈছে ।

