ETV Bharat / bharat

৫০ হাজাৰ টকাৰ ধাৰৰ সুত হ’লগৈ ১০ লাখ টকা, জীৱন শেষ কৰি দিয়াই ভাল বুলি চৰম সিদ্ধান্ত ব্যৱসায়ীৰ

ধাৰ আৰু সুদখোৰৰ বাবে নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হ’ল এজন ব্যক্তিয়ে ৷ পঢ়ক সবিশেষ খবৰ…

Deaths Due To Debt
ফাইল ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 27, 2025 at 1:03 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: দিল্লীৰ গান্ধীনগৰৰ এজন ব্যৱসায়ীয়ে ঋণত বিৰক্ত হৈ অৱশেষত গ্ৰহণ কৰে জীৱনৰ চূড়ান্ত সিদ্ধান্ত ৷ আত্মহত্যাৰ পূৰ্বে ব্যৱসায়ীজনে এটা ভিডিঅ’ প্ৰস্তুত কৰে ৷ এই ভিডিঅ’টোত তেওঁৰ মৃত্যুৰ বাবে কোন দায়ী, সেয়া স্পষ্টকৈ উল্লেখ আছে ৷

আৰক্ষীয়ে মৃত ব্যক্তিজনৰ ম’বাইলত লাভ কৰিছে এই বিশেষ ভিডিঅ’টো ৷ য’ত ব্যৱসায়ীজনে নিজৰ মৃত্যুৰ বাবে এজন সুদখোৰ ব্যক্তিক জগৰীয়া কৰিছে । আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰিছে ।

ডি চি পি প্ৰশান্ত গৌতমে জানিবলৈ দিয়া মতে, মৃত যুৱকজন নতুন দিল্লীৰ কৈলাশ নগৰৰ বাসিন্দা ৷ ৪২ বছৰীয়া ব্যক্তিজন পেছাত এগৰাকী ব্যৱসায়ী বুলি আৰক্ষীয়ে চিনাক্ত কৰে । ডি চি পিয়ে জনোৱা মতে, ২৪ মাৰ্চত এল এন জে পি হাস্পতালৰ পৰা এজন ব্যক্তিৰ মৃত্যুৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল ৷

এই তথ্য লাভ কৰাৰ লগে লগে গান্ধীনগৰ আৰক্ষীৰ এটা দল হাস্পতালখনত উপস্থিত হয় । জেৰাৰ সময়ত জানিব পৰা গৈছে যে, লোকজনক পত্নীয়ে এল এন জে পি হাস্পতালত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক গতাই দিয়ে লোকজনৰ মৃতদেহ । প্ৰাৰম্ভিক তদন্তৰ সময়ত মৃতকৰ ম’বাইলৰ পৰা এটা ভিডিঅ’ উদ্ধাৰ কৰে আৰক্ষীয়ে, য’ত তেওঁ মৃত্যুৰ সম্পূৰ্ণ কাৰণ উল্লেখ কৰিছে । মৃত ব্যক্তিগৰাকীয়ে ম’বাইলৰ ব্যৱসায় কৰে বুলি জানিব পৰা গৈছে ৷

২০১৪ চনত তেওঁ এজন সুদখোৰৰ পৰা কিছু টকা ধাৰে লৈছিল যদিও অবিৰতভাৱে সুত দি থকাৰ পিছতো সম্পূৰ্ণ সুত আদায় কৰা হোৱা নাছিল । সুদখোৰগৰাকীক বাৰে বাৰে সুতৰ সলনি মূলধন ল’বলৈ অনুৰোধ কৰাৰ পিছতো তেওঁ ব্যৱসায়ীগৰাকীৰ কথাত মান্তি নহ’ল আৰু টকা নিদিলে ঘৰলৈ গৈ হুলস্থুলৰ সৃষ্টি কৰিব বুলি ভাবুকি প্ৰদান কৰে ৷

মৃতকৰ ফোনত উদ্ধাৰ হোৱা ভিডিঅ’টোত সুদখোৰগৰাকীয়ে কেনেদৰে ব্যৱসায়ীজনৰ ওপৰত মানসিক আতিশয্য চলাই আহিছিল, তাৰ উল্লেখ কৰা হৈছে এনেদৰে, ‘‘মই মোৰ সন্মান হেৰুওৱাৰ ভয়ত সদায় সুদখোৰক টকা দি থাকিলো ৷ এতিয়ালৈকে লোৱা ৫০ হাজাৰ টকাৰ ধনৰ ওপৰত ১০ লাখ টকাৰ সুদ দিয়া হৈছে । মই প্ৰতিমাহে 25000 টকা দিও যদিও সুদ শেষেই হোৱা নাই ৷ সুদখোৰজনক সুতৰ সলনি মূলধন ল’বলৈ অনুৰোধ কৰাৰ পিছতো তেওঁ মান্তি নহ’ল আৰু টকা নিদিলে ঘৰলৈ গৈ হুলস্থুলৰ সৃষ্টি কৰিব বুলি বাৰে বাৰে ভাবুকি দিলে । সুদখোৰজনক পইচা দিবলৈ যথাসম্ভৱ সকলোৰে পৰা পইচা ধাৰে লওঁ, কিন্তু এতিয়া আৰু মোৰ হাতত টকা নাই । সেইবাবেই মই মোৰ জীৱনটো শেষ কৰিব বিচাৰো, মোৰ মৃত্যুৰ বাবে সুদখোৰজনেই দায়ী’’ ।

ইয়াৰ লগতে ব্যৱসায়ীজনে পত্নীক ল’ৰা-ছোৱালীকেইটাৰ যত্ন ল’বলৈ কৈছে । অৱশ্যে বৰ্তমান অধিক তদন্তত ব্যস্ত হৈ পৰিছে আৰক্ষী ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক: কোনেও একো তলকিবই নোৱাৰিলে; নিজকে গুলীয়াই শেষ কৰিলে জীতেন শইকীয়াই - MAN COMMITS SUICIDE