ETV Bharat / bharat

তিৰুপতি লাডু বিতৰ্ক : তদন্তৰ বাবে ৯ জনীয়া এছ আই টি গঠন - Tirupati Prasadam Row

Tirupati laddu controversy: দেশত তিৰুপতি লাডু বিতৰ্ক অব্যাহত আছে । বিষয়টোক লৈ কেউদিশে চৰ্চা চলিছে । তাৰ মাজতে গোচৰটোৰ তদন্তৰ বাবে চৰকাৰে ৯ জনীয়া এছ আই টি গঠন কৰা হৈছে ।

Tirupati Laddu Controversy
তিৰুপতি লাডু বিতৰ্ক: তদন্তৰ বাবে ৯ জনীয়া এছআইটি গঠন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 27, 2024 at 3:09 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক,২৭ ছেপ্টেম্বৰ : অন্ধ্ৰ প্ৰদেশৰ প্ৰসিদ্ধ তিৰুপতিৰ তিৰুমালা শ্ৰী ভেঙ্কটেশ্বৰ মন্দিৰৰ প্ৰসাদৰ লাডুক লৈ দেশজুৰি বিতৰ্ক অব্যাহত আছে । লাডু প্ৰস্তুত কৰোতে ব্যৱহৃত ঘিউৰ মিশ্ৰণত জন্তুৰ চৰ্বি থকা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে বিষয়টোৱে অত্যধিক চৰ্চা লাভ কৰে । ঘিউৰ ভেজাল পৰীক্ষণৰ বাবে ইতিমধ্যে বিভিন্ন পক্ষই দাবী উত্থাপন কৰিছে । ইয়াৰ মাজতে চৰকাৰ তিৰুমালা শ্ৰী ভেঙ্কটেশ্বৰ স্বামী প্ৰসাদম (লাডু) প্ৰস্তুত কৰাৰ সময়ত ব্যৱহৃত ঘিউৰ ভেজালৰ তদন্তৰ বাবে সাজু হৈছে ।

তিৰুপতিৰ লাডুৰ ভেজাল

অন্ধ্ৰ প্ৰদেশ চৰকাৰে বিষয়টো তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিছে । গুন্টুৰ ৰেঞ্জৰ আই জি সৰ্বশ্ৰেষ্ঠ ত্ৰিপাঠীৰ নেতৃত্বত চৰকাৰে এই বিশেষ তদন্তকাৰী দলটো গঠন কৰিছে । দলটোৰ আন আন সদস্যসকল হৈছে বিচাখা ৰেঞ্জৰ ডি আই জি গোপীনাথ জেট্টি, ৱাই এছ আৰ জিলাৰ আৰক্ষী অধীক্ষক হৰ্ষবৰ্ধন ৰাজু, তিৰুপতিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (Admin) ভেঙ্কট ৰাও, ডি এছ পি জি সীতাৰাম ৰাও, শিৱনাৰায়ণ স্বামী, অন্নমাইয়া জিলাৰ এছ বি পৰিদৰ্শক টি সত্য নাৰায়ণ, এন টি আৰ আৰক্ষী আয়ুক্তালয়ৰ পৰিদৰ্শক কে উমামহেশ্বৰ, চিট্টা জিলা কাললুৰ আই এম সূৰ্য নাৰায়ণ । অনুসন্ধানৰ অংশ হিচাপে এছ আই টিয়ে চৰকাৰী বিভাগৰ পৰা বিভিন্ন তথ্য বিচাৰিব পাৰে ।

মুঠ ৯ জনীয়া সদস্যৰে এই বিশেষ তদন্তকাৰী দলটো গঠন কৰা হৈছে । ইফালে এছ আই টিৰ দলটোৱে ইতিমধ্যে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান দ্বাৰকা তিৰুমালা ৰাওক সাক্ষাৎ কৰিছে আৰু তিৰুমালা লাডু গোচৰটোৰ পৰ্যালোচনা কৰিছে । জানিব পৰা মতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে দলৰ সদস্যসকলক কেইবাটাও নিৰ্দেশনা দিছে । ইয়াৰ মাজতে ভক্তসকলে উক্ত গোচৰটো সন্দৰ্ভত পুংখানুপুংখ অনুসন্ধানৰ দাবী জনাইছে ।

লগতে পঢ়ক :তিৰুপতি লাডু বিতৰ্ক; পুৰীৰ জগন্নাথ মন্দিৰত ব্যৱহৃত ঘিউ পৰীক্ষা কৰিব প্ৰশাসনে - Tirupati prasadam row