তেজপুৰ: ভাৰত-চীন সীমান্তৰ অন্তিমখন গাঁও অৰুণাচল প্ৰদেশৰ জেমিথাঙত কেইগৰাকীমান মহিলাই আত্মনির্ভৰশীলতাৰ এক নিৰ্দশন দাঙি ধৰিছে । আত্মনির্ভৰ ভাৰতৰ মূল লক্ষ্যৰে সীমান্তৰ গাঁও অঞ্চলত জিলিকিছে কম'ছ কেফে ।
সীমান্তৰ গাঁৱত সচৰাচৰ উপলব্ধ নোহোৱা কিছুমান সামগ্ৰী নিজাকৈ প্ৰস্তুত কৰি তাৰে চাহিদা পূৰণ কৰি নিজক স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে তেওঁলোক । কিন্তু যি ঠাইত যোগাযোগ ব্যৱস্থা একমাত্ৰ ব্যক্তিগত বাহনৰ বাহিৰে আন কোনো ধৰণৰ ব্যৱস্থা নাই, তাত এই কাম কেনেকৈ সম্ভৱ হৈছে ? আমি ক'বলৈ লোৱা এই মহিলাসকলে ভাৰতীয় সেনাৰ সহায়ত আৰম্ভ কৰিছে এখন কেফেটেৰিয়া । অৰ্থাৎ স্ব-নিৰ্ভৰ প্ৰতিষ্ঠান 'কম'ছ কেফে' ।
সেনাৰ সহযোগিতাত স্বাৱলম্বী
ভাৰতীয় সেনাৰ গজৰাজ ক'ৰ্পছৰ দ্বাৰা জেমিথাঙৰ কেইগৰাকীমান উদ্যমী মহিলাক সেনাৰ তৰফৰ পৰা এই কেফেটেৰিয়াৰ বাবে প্ৰদান কৰিছে প্ৰয়োজনীয় সা-সুবিধা আৰু খাদ্য প্ৰস্তুত কৰাৰ সঁজুলি তথা প্ৰশিক্ষণ । য়েহমৎস্বৰ্গৱেলিং আত্মসহায়ক গোটৰ (Yehmotsorgyeling self help group) মুঠ ৯ গৰাকী মহিলা সদস্যই এই অনুষ্ঠানটো পৰিচালনা কৰে ।
সদস্যসকলৰ ভিতৰত শ্বেং চোনঝুম (Teswang Chonzom) হৈছে পঞ্চম শ্ৰেণীতে শিক্ষা সমাপ্ত কৰি এগৰাকী গৃহিণী হিচাপে পৰিচিত মহিলা । তেওঁৰ লগত সহযোগিতা আগবঢ়োৱা মহিলাসকল হৈছে তেনজিং ছেৰিং, ডেচিন পেমা, কৰ্মা দেৰমা, পেমা চটন, লবচং পেমা, যৌ টসমূ, ৱানচু ড্ৰেমা আৰু য়েঞ্চেন ।

য়েহমৎস্বৰ্গৱেলিং হৈছে জেমিথাঙৰ ভিতৰৰ এখন সৰু গাঁও আৰু গাঁওখনৰ নামেৰে এই আত্মসহায়ক গোটটো আৰম্ভ কৰিছে । 'কম'ছ (komo's) কেফে'ৰ কম'ছ মানে হৈছে জেমিথঙৰ ছোৱালী (গাভৰু) । কেফেখনৰ পৰিচালনা কৰা শ্বেং চোনঝুমে কয়, "আমি ভাৰতীয় সেনাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁলোকে স্থাপন কৰি দিয়া এই অনুষ্ঠানটো চলাই আছোঁ । সেনাই আমাক ইয়াত ব্যৱহাৰ কৰা সামগ্ৰী অ'ভেন, ফ্ৰীজ, বেকাৰীৰ সামগ্ৰী, চকী-টেবুল সকলো সামগ্ৰী প্ৰদান কৰি আমাক স্বাৱলম্বী হ'বলৈ এই সুবিধা প্ৰদান কৰিছে । এতিয়া আমি নিজে কেক প্ৰস্তুত কৰি ইয়াত বিক্ৰী কৰোঁ । কফি আৰু চাহৰ লগতে ম'ম' আৰু বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰি গ্ৰাহকৰ মনোগ্ৰাহী হোৱাকৈ প্ৰদান কৰোঁ ।"
তেওঁ লগতে কয়, "পূৰ্বতে আমি ঘৰৰ ভিতৰত একমাত্ৰ গৃহিণী হৈ আছিলোঁ । বৰ্তমান আমি নিজে লুমলাৰ বজাৰৰ পৰা সামগ্ৰী কিনি আনি ইয়াত প্ৰস্তুত কৰি বিক্ৰী কৰোঁ । আমাৰ মুঠ ৯ গৰাকী মহিলা । তাৰ ভিতৰত এটা মাহত আমি তিনিগৰাকী থাকোঁ আৰু বিক্ৰী কৰি পোৱা ধন আমি জমা কৰোঁ আৰু সেই ধনেৰে আমি নিজে প্ৰত্যেকেই নিজৰ পাৰিতোষিক লওঁ ।"

এই ৯ গৰাকী মহিলাৰ দলটোৱে তেওঁলোকৰ পৰিচালনা কৰা পদ্ধতিৰ এক সুকীয়া বৈশিষ্ট্য আছে । গোটটোৰ তিনিগৰাকী মহিলাই এটা মাহ পৰিচালনা কৰে । দ্বিতীয়বাৰ অন্য তিনিগৰাকী আৰু তাৰ পিছৰ মাহত অন্য তিনিগৰাকী অৰ্থাৎ যি তিনিগৰাকীয়ে প্ৰথম মাহত আছিল তেওঁলোকে পুনৰ দুটা মাহৰ পিছত সুবিধা লাভ কৰে । এই সমিলমিল অতি আকৰ্ষণীয় । এইবাৰ বৰ্তমান এপ্ৰিল মাহত শ্বেং চোনঝুম আৰু তেওঁৰ লগৰ দুগৰাকীয়ে এই কফি হাউছত কৰ্মৰত আছে ।
তেওঁ কয়, "আমাৰ দুগৰাকীয়ে মাত্ৰ মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে । বাকী সকলোৱে বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছে । আমি জেমিথাঙলৈ পৰ্যটকক আহিবলৈ স্বাগতম জনাইছোঁ । কিন্তু আমাৰ এই অঞ্চলত যোগাযোগ ব্যৱস্থাৰ সমান্তৰালভাৱে মোবাইল ফোনৰ নেটৱৰ্ক যথেষ্ট পৰিমাণে কম । নিৰ্দিষ্ট কিছুমান ঠাইৰ বাহিৰে আমি নেটৱৰ্ক নাপাওঁ । তথাপিও আমি আমাৰ অতিথিক 'টাছি ডালিক' জনাওঁ ।"

জেমিথাং এলেকা
অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুমলা মহকুমাৰ অন্তৰ্গত এটা ৰাজহ চক্ৰ হৈছে জেমিথাং । ৰাজ্যখনৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি, ইয়াৰ জনসংখ্যা ২,৪৯৮ গৰাকী । ১৮ খন গাঁও লগলাগি অঞ্চলটো সংযোগ হৈছে । ইয়াৰ দক্ষিণে থকা জেমিথাং আৰু দুডুনঘৰ একেলগে এটা সম্প্ৰদায় উন্নয়নৰ ব্লক আছে । নামকা-চু আৰু সুমডোৰং-চু উপত্যকাৰ কাষেৰে তিব্বতৰ সৈতে জেমিথাঙৰ সীমান্ত চীনৰ সৈতে বিবদমান এলেকাৰ সমীপত অৱস্থিত ।
ভাৰতীয় সেনাই কেন্দ্ৰীয় চৰকাৰৰ ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ অন্তৰ্গত এই গাঁও অঞ্চলত স্থানীয় লোকক এনেধৰণৰ সুবিধা প্ৰদান কৰি আহিছে । সেনাই এই কাৰ্যসূচীৰ অধীনত খোৱাপানী যোগান, কৃষিজাত সামগ্ৰী প্ৰদান কৰি আহিছে ।
ভাইব্ৰেণ্ট ভিলেজ কি
ভাইব্ৰেণ্ট ভিলেজ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এক বিশেষ কাৰ্যসূচী । বিগত ২০২২ চনত কেন্দ্ৰীয় বাজেটত ইয়াৰ দ্বাৰা বহন কৰিবলগীয়া ধনৰাশিৰ নিৰ্ধাৰণ কৰা হয় । ইয়াৰ অধীনত দেশৰ উত্তৰপাৰৰ সীমান্তৰ গাঁওসমূহ সামৰি লোৱা হয় । কাৰণ এই গাঁওসমূহৰ উন্নয়ন সাধনৰ বাবে যোগাযোগ ব্যৱস্থা অতিকৈ শোচনীয় আছিল আৰু সেইসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰই বিশেষ পুঁজি নিৰ্ধাৰণ কৰে ।
এই কাৰ্যসূচী গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৩ চনৰ ১০ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ অত্যন্ত ভিতৰুৱা গাঁও কিবেটুৰ পৰা আৰম্ভ কৰে দেশৰ । এই কাৰ্যসূচী মুঠ ৪৬ টা ব্লকত ভাগ কৰা হয় চাৰিখন সীমান্তৰ ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত ৰাজ্যত ।

ভাইব্ৰেণ্ট ভিলেজৰ অধীনত থকা ৰাজ্যসমূহৰ ভিতৰত আছে অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড আৰু কেন্দ্ৰীয়শাসিত ৰাজ্য লাডাখ । মুঠ ৬৬২ খন গাঁৱৰ ভিতৰত একমাত্ৰ অৰুণাচল প্ৰদেশত ১১ খন জিলাত ৪৫৫ খন গাঁও সামৰি লোৱা হৈছে ।
এই ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীয়ে পৰ্যটন আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ জৰিয়তে জীৱিকা উৎপাদনৰ সুযোগ সৃষ্টিৰ বাবে নিৰ্বাচিত গাঁওসমূহত সকলো দিশতে সহায় কৰে । বিশেষকৈ কৃষি, উদ্যানশস্য, ঔষধি উদ্ভিদ,বনৌষধি আদিৰ খেতিকে ধৰি সমবায় সমিতিসমূহৰ উন্নয়নৰ বাবে হস্তক্ষেপসমূহৰ ভিতৰত অসংলগ্ন গাঁওসমূহ, গৃহ নিৰ্মাণ আৰু আন্তঃগাঁথনি, নবীকৰণযোগ্য শক্তি, টেলিভিছন আৰু টেলিকম সংযোগকে ধৰি সৌৰশক্তি প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা হাতত লৈছে । এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে নিৰ্বাচিত গাঁওসমূহত মানুহক জীৱন নিৰ্বাহৰ পৰ্যাপ্ত পৰিমাণৰ সুবিধাৰ সৃষ্টি কৰা ।
শ্বেং চোনঝুমৰ এই স্বনিৰ্ভৰশীল অৰ্থাৎ আত্মসহায়ক গোটটোৱে এতিয়া মাহে প্ৰায় ২৫-৩০ হাজাৰ টকা উপাৰ্জন কৰে । কিন্তু সকলো সময়তে এই উপাৰ্জন সম্ভৱ নহয়, কাৰণ পৰ্যটকৰ সংখ্যা সীমিত । এই উপাৰ্জনৰ টকাৰে তেওঁলোকে নিজৰ মাজত লাভ ভাগ কৰি বাকী ধন জমা কৰে আৰু বেকাৰীৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাত ব্যৱহাৰ কৰে ।