শ্ৰীলংকাত গ্ৰেপ্তাৰ ৮জন ভাৰতীয় মাছমৰীয়া, কেন্দ্ৰৰ হস্তক্ষেপ দাবী তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ
সাগৰত মাছ মাৰিবলৈ গৈ বিপদত ৮জন ভাৰতীয় মাছমৰীয়া ৷ শ্ৰীলংকাৰ নৌসেনাৰ হাতত আজিও বন্দী তেওঁলোক ৷

Published : June 30, 2025 at 9:05 AM IST
চেন্নাই /কলম্বো : শ্ৰীলংকাত গ্ৰেপ্তাৰ হোৱা আঠজন ভাৰতীয় মাছমৰীয়াক নিৰাপদে ঘূৰাই আনিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ হস্তক্ষেপ বিচাৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কৰিছে এক আবেদন ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ লিখা এখন পত্ৰত ষ্টেলিনে কয়, "ভাৰতীয় মাছমৰীয়া বিশেষকৈ তামিলনাডুৰ মাছমৰীয়াসকলৰ সুৰক্ষা আৰু জীৱিকাৰ বাবে মই গভীৰভাৱে চিন্তিত । এই বিষয়ত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰাটো জৰুৰী ।"
তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে কয় যে শ্ৰীলংকাৰ নৌসেনাই ভূখণ্ডৰ জলসীমাত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত ২৯ জুনত ৰামেশ্বৰমৰ পৰা ৮ জন মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছিল । জব্দ কৰা হৈছে তেওঁলোকৰ ট্ৰলাৰ আৰু তেওঁলোকৰ সকলো মাছধৰা সামগ্ৰী ।
চিঠিখনত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, "এই ঘটনাৰ ফলত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়াললৈ আহিছে ভাবুকি ৷ তেওঁলোকে নিজৰ জীৱিকাৰ বাবে দেশত এৰিব লগা হৈছে । এই বিষয়ত আপোনালোকৰ হস্তক্ষেপৰ প্ৰয়োজন । অনুগ্ৰহ কৰি দেশৰ মাছমৰীয়াসকলে যাতে নিজৰ সা-সামগ্ৰী লৈ ঘৰলৈ উভতি যায় তাৰ প্ৰতি লক্ষ্য ৰাখিব ।"
ষ্টেলিনে লগতে কয় যে মাছ ধৰাৰ সময় মাত্ৰ আৰম্ভ হৈছেহে । এনে পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে মাছমৰীয়াৰ সুৰক্ষা সন্দৰ্ভত শ্ৰীলংকা চৰকাৰৰ সৈতে কূটনৈতিক আলোচনা কৰিব লাগে । তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে পত্ৰখনত আৰু কয় যে এই সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিব লাগে ।
উল্লেখ্য যে, শ্ৰীলংকাৰ নৌসেনাই দেওবাৰে এক বিবৃতিত ভাৰতীয় মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰে ৷ দেশৰ ভূখণ্ডৰ জলসীমাত অবৈধভাৱে মাছ মৰাৰ অপৰাধত ৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ জব্দ কৰা হৈছে মাছমৰীয়াসকলৰ ট্ৰ’লাৰ ।
শ্ৰীলংকাৰ নৌসেনাই বিবৃতিটোত কয় যে উত্তৰ মান্নাৰত তালাচী অভিযানৰ সময়ত ৮ জন ভাৰতীয়ক গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ কৰা লোকসকলক অধিক আইনী ব্যৱস্থাৰ বাবে মান্নাৰৰ মীন পৰিদৰ্শনালয়ক গতাই দিয়া হ’ব ।

