ETV Bharat / bharat

সৰোজনী নাইডুৰ ৭৫ সংখ্যক মৃত্যুবাৰ্ষিকীত দেশবাসীৰ সশ্ৰদ্ধ স্মৰণ

Nightingale of India : সৰোজনী নাইডুক 'নাইটিংগেল অব ইণ্ডিয়া' বা 'ভাৰত কোকিলা' বুলি জনা গৈছিল । তেওঁ এগৰাকী প্ৰখ্যাত কবি, স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু মহান বক্তা আছিল । তেওঁ সংবিধান সভাৰো এগৰাকী সদস্য আছিল ।

সৰোজনী নাইডুৰ ৭৫ সংখ্যক মৃত্যুবাৰ্ষিকী
সৰোজনী নাইডুৰ ৭৫ সংখ্যক মৃত্যুবাৰ্ষিকী
author img

By ETV Bharat Assamese Team

Published : March 2, 2024 at 9:41 AM IST

4 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২ মাৰ্চ : দেশৰ মহীয়সী নাৰী সৰোজনী নাইডুৰ মৃত্যুবাৰ্ষিকী হিচাপে ২ মাৰ্চৰ দিনটোক সমগ্ৰ দেশতে স্মৰণ কৰা হয় । 'নাইটিংগেল অব ইণ্ডিয়া' বা 'ভাৰত কোকিলা' নামেৰেও তেওঁক জনা গৈছিল । ১৯৪৯ চনৰ ২ মাৰ্চত তেওঁৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ।

সৰোজনী নাইডু আছিল একেধাৰে এগৰাকী বিখ্যাত কবি, স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু তদানীন্তন সময়ৰ মহান বক্তা । তেওঁ আছিল ব্ৰিটিছ ভাৰতৰ প্ৰথমগৰাকী মহিলা গভৰ্ণৰ ।

সৰোজনী নাইডুৱে শৈশৱতে 'মাহেৰ মুনীৰ' নামৰ এখন নাটক ৰচনা কৰিছিল আৰু তাৰ বাবে তেওঁ বৃত্তি অৰ্জন কৰিছিল আৰু পৰৱৰ্তী অধ্যয়নৰ বাবে বিদেশলৈ গৈছিল । তেওঁক দেশৰ এগৰাকী মহান নেতা হিচাপে স্মৰণ কৰা হয় । উল্লেখ্য যে দেশৰ সংবিধান সভাৰ তেওঁ অন্যতম সদস্যও আছিল ।

সৰোজনী নাইডুৰ জন্ম হায়দৰাবাদত । এগৰাকী বিজ্ঞানী, দাৰ্শনিক তথা শিক্ষাবিদ অঘোৰনাথ চেটাৰ্জী আৰু বাংলা কবি বৰাদা সুন্দৰী দেৱীৰ জ্যেষ্ঠ কন্যা আছিল তেওঁ । তেওঁৰ পিতৃ হায়দৰাবাদৰ নিজাম মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল আৰু তেওঁৰ বন্ধু মোল্লা আব্দুল কাইয়ুমৰ সৈতে হায়দৰাবাদত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সদস্য আছিল । উৰ্দু, তেলেগু, ইংৰাজী, পাৰ্চী আৰু বাংলা ভাষা সৰোজনী নাইডুৱে অধ্যয়ন কৰিছিল ।

12 বছৰ বয়সতে তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ত যোগদান কৰাৰ বাবে ৰাষ্ট্ৰীয় সন্মান লাভ কৰে । ১৬ বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ যায় । প্ৰথমতে তেওঁ লণ্ডনৰ কিংছ কলেজত আৰু তাৰ পিছত কেমব্ৰিজৰ গিৰটন কলেজত পঢ়িবলৈ বিলাতলৈ গৈছিল । ১৯০৫ চনত তেওঁৰ প্ৰথম কবিতা পুথি 'দ্য গ'ল্ডেন থ্ৰেছহ'ল্ড' প্ৰকাশিত হয় । ১৯০৫ চনত বংগ বিভাজনৰ প্ৰতিবাদত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে । তেওঁ নাৰী অধিকাৰৰ এগৰাকী শক্তিশালী অধিবক্তা, সকলোৰে বাবে শিক্ষাৰ প্ৰবক্তা আৰু হিন্দু-মুছলমানৰ একতাৰ প্ৰবক্তা আছিল ।

সৰোজনী নাইডুৰ উল্লেখযোগ্য সাহিত্যকৰ্মৰ ভিতৰত হৈছে কবিতা সংকলন 'দ্য গ'ল্ডেন থ্ৰেছহ'ল্ড', 'দ্য বাৰ্ড অব টাইম' (১৯১২ চনত প্ৰকাশিত), 'দ্য ব্ৰ'কেন উইং', 'দ্য চেপ্ট্ৰেড ফ্লুট' (১৯২৮), 'গানছ অব ইণ্ডিয়া', 'দ্য ফেডাৰ অব দ্য ডন' (১৯৬১ চনত প্ৰকাশিত) আদি ।

সৰোজনী নাইডুক গোপাল কৃষ্ণ গোখলেয়ে প্ৰথম স্বাধীনতা আন্দোলনলৈ অনাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁৰ আদৰ্শ আৰু নিষ্ঠাৰ দ্বাৰা অনুপ্ৰাণিত হৈ নাইডুৱে ভাৰতৰ স্বাধীনতাৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰাৰ সিদ্ধান্ত লয় ।

১৯০৫ চনত বংগ বিভাজন বিৰোধী সময়ত তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় আন্দোলনত যোগদান কৰে । সেই সময়ত মহাত্মা গান্ধীৰ সৈতে তেওঁৰ সান্নিধ্যৰ ফলত স্বাধীনতা সংগ্ৰামত তেওঁ উদ্বুদ্ধ হৈছিল ।

সৰোজনী নাইডুৱে 1920 চনত আৰম্ভ কৰা অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল । অসহযোগ আন্দোলনৰ সময়ত তেওঁক কেইবাবাৰো গ্ৰেপ্তাৰ কৰা হৈছিল ।

ভাৰতীয় স্বাধীনতা আন্দোলনত তেওঁৰ ভূমিকাৰ স্বীকৃতি স্বৰূপে সৰোজনী নাইডুক 1925 চনৰ কানপুৰ অধিবেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্ত কৰা হৈছিল । তেওঁ প্ৰথম ভাৰতীয় মহিলা আৰু সামগ্ৰিকভাৱে দ্বিতীয়গৰাকী মহিলা (এনি বেচাণ্টৰ পিছত) সভাপতি হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছত সেৱা আগবঢ়াইছিল ।

নাইডুৱে মহাত্মা গান্ধীৰ সৈতে ১৯৩১ চনত অনুষ্ঠিত দ্বিতীয় ঘূৰণীয়া মেজমেলৰ বাবে লণ্ডনলৈ গৈছিল । সৰোজিনী নাইডুৱে ১৯৪২ চনত আৰম্ভ কৰা ভাৰত ত্যাগ আন্দোলনতো অংশগ্ৰহণ কৰিছিল ।

তেওঁ ভাৰতত নাৰী অধিকাৰৰ বাবে অহোপুৰোষাৰ্থ কৰাৰ বাবে জনাজাত । আনহাতে, স্বাধীনতা সংগ্ৰামৰ বাবে সমৰ্থন সংগ্ৰহ কৰিবলৈ তেওঁ বিভিন্ন দেশ ভ্ৰমণ কৰিছিল । তেওঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । তাত তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলন আৰু নাৰী অধিকাৰৰ ওপৰত সবল যুক্তি দাঙি ধৰিছিল ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীক লগ পোৱাৰ সপোন : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম লিপিবদ্ধ 6 বছৰীয়া শিশুৰ