ETV Bharat / bharat

দেৱস্নান পূৰ্ণিমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, ৭০ টা আৰক্ষী বাহিনীয়ে সুৰক্ষা দিব ভক্তসকলক - DEBASNAN PURNIMA 2025

দেৱস্নান পূৰ্ণিমা অনুষ্ঠানৰ সময় নিৰ্ধাৰণ ৷ আবেলি ৪.৩০ বজাত অনুষ্ঠিত হ’ব প্ৰসাদ বিতৰণ অনুষ্ঠান । কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সুৰক্ষা ব্যৱস্থা গ্ৰহণ ৷

DEBASNAN PURNIMA 2025
পুৰীৰ মহাপ্ৰভু জগন্নাথ মন্দিৰৰ ফাইল ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 12:10 PM IST

5 Min Read

ওড়িশা: ১১ জুনত পুৰীৰ জগন্নাথ মন্দিৰত পূৰ্ণিমা উপলক্ষে অনুষ্ঠিত হ’ব পবিত্ৰ দেৱস্নান ৷ যাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ ওড়িশা আৰক্ষীয়ে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে যান-বাহনৰ ব্যৱস্থাপনা নিশ্চিত কৰাৰ বাবে এক নিৰাপত্তা পৰিকল্পনা যুগুত কৰিছে ।

আই জি (চেণ্ট্ৰেল ৰেঞ্জ) এছ প্ৰবীণ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰস্তুতিমূলক সভাত ঘোষণা কৰা হয় যে এই অনুষ্ঠানৰ সময়ত ভক্তৰ ভিৰ চম্ভালিবলৈ ৭০ টা আৰক্ষী বাহিনী, ৪ এ চি পি ৰেংকৰ কমাণ্ডেণ্ট, আৰু ৪৫০ গৰাকী নিৰাপত্তা বিষয়া নিয়োগ কৰা হ’ব । এই বৈঠকত পুৰীৰ আৰক্ষী অধীক্ষক বিনীত আগৰৱালাকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

স্নান পূৰ্ণিমা, যাক স্নান যাত্ৰা বুলিও কোৱা হয়, ইয়াত ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাক ১০৮ টা পাত্ৰৰ পবিত্ৰ পানীৰে আনুষ্ঠানিকভাৱে স্নান কৰোৱা হয় ৷ তাৰপিছত হাতী বেছা (হাতী সাজ) ত তেওঁলোকৰ অলংকাৰ কৰা হয় । পবিত্ৰ ৰীতি-নীতিৰ পিছত দেৱতাসকলে অনাসৰা নামেৰে জনাজাত আৰোগ্যৰ সময় পাৰ কৰে, যাৰ ফলত ৰথ যাত্ৰাৰ সময়ত তেওঁলোকৰ বহু প্ৰত্যাশিত পুনৰ আবিৰ্ভাৱ হয় ।

বিষয়াসকলে দৃঢ়ভাৱে কয় যে নিৰাপত্তাৰক্ষীসকলে এই উৎসৱৰ সময়ত ভিৰ নিয়ন্ত্ৰণ কৰাত গুৰুত্ব আৰোপ কৰিব ৷ তেওঁলোকে অতিমাত্ৰা ভিৰ ৰোধ কৰাৰ লগতে সামগ্ৰিক নিৰাপত্তা বৃদ্ধি কৰিব । পুৰী ভ্ৰমণলৈ অহা ভক্তসকলে যাতে কোনো অসুবিধা নাপায়, তাৰ বাবে যান-বাহনৰ চলাচলৰ নিয়মৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়া হ’ব ।

আধ্যাত্মিকতাৰে পূৰ্ণ এই অনুষ্ঠানটোৰ বাবে ওড়িশা চৰকাৰ ইতিমধ্যে সাজু হৈ উঠিছে ৷ যাতে ভক্তসকলে শান্তিপূৰ্ণভাৱে আৰু নিৰাপদে স্নান পূৰ্ণিমা উদযাপন কৰিব পাৰে ৷

পুৰীৰ ৰথ যাত্ৰা ২০২৫ ৰ বাবে কোভিড নিৰ্দেশনা জাৰি স্বাস্থ্য বিভাগৰ

দেশত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশা চৰকাৰে কোভিড সম্বন্ধীয় নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷

ওড়িশাৰ জনস্বাস্থ্য সঞ্চালক নীলাকান্ত মিশ্ৰই ৰাইজক যদি কাৰোবাৰ দেহত কোভিডৰ দৰে লক্ষণ দেখা দিয়ে, তেন্তে তাৰ সমীপলৈ নাযাবলৈ আহ্বান জনায় ৷ বিশেষকৈ চৰ্দি আৰু ফ্লুত আক্ৰান্ত লোক, বয়সীয়াল লোক বা অন্যান্য আনুষংগিক ৰোগত আক্ৰান্ত লোকসকলক ৰথ যাত্ৰাত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ৷ একেদৰে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা লোকসকলকো ৰথ যাত্ৰাত উপস্থিত নাথাকিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে ৷

তদুপৰি সাধাৰণ লোকসকলক বিশুদ্ধ খোৱাপানী ব্যৱহাৰ কৰাৰ লগতে মাস্ক পৰিধান আৰু হাত চেনিটাইজ কৰিবলৈ কোৱা হৈছে । সমান্তৰালকৈ সেই সময়ত পুৰীস্থিত ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ) কাৰ্যকৰী কৰা হ’ব আৰু এই সকলো প্ৰস্তুতিৰ তদাৰক কৰিব স্বাস্থ্য সচিব অশ্বথী এছে ।

একেদৰে পুৰীৰ চিকিৎসালয়তো বিচনাৰ সংখ্যা বৃদ্ধি কৰা হ’ব । এম্বুলেন্সৰ সুবিধা আৰু স্বাস্থ্য বিষয়াৰ লগতে সকলো যন্ত্ৰপাতি আৰু আই চি ইউ কাৰ্যকৰী কৰা হ’ব ।

ৰাজ্যখনত সম্প্ৰতি কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩০ গৰাকী । বৰ্তমান ৭ গৰাকী সম্পূৰ্ণ সুস্থ হোৱাৰ বিপৰীতে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৩ গৰাকী । কৰ’ণাত আক্ৰান্ত ৰোগীসকলে ঘৰতে চিকিৎসাধীন হৈ থকা বুলি ওড়িশাৰ জনস্বাস্থ্য সঞ্চালক নীলাকান্ত মিশ্ৰই জানিবলৈ দিয়ে ।

‘‘মহিলাসকলক সহায় কৰিবলৈ নৰ্থ গেটত পুৰী আৰক্ষীয়ে স্থাপন কৰিব এখন পিংক হেল্প ডেস্ক । এতিয়ালৈকে তাত ১৯৮ গৰাকী মহিলা ভক্তই অভিযোগ দাখিল কৰিছে । পুৰী জিলাৰ বিভিন্ন থানাত একেধৰণৰ পিংক হেল্প ডেস্কৰ জৰিয়তে যোগাযোগ কৰা হৈছে আৰু বিষয়বোৰ সমাধান কৰা হৈছে । এই পবিত্ৰ স্নান উৎসৱটোক শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ কৰি তোলাৰ বাবে পুৰী আৰক্ষী প্ৰতিশ্ৰুতিবদ্ধ"- এই ভাষ্য শীৰ্ষ আৰক্ষী বিষয়া বিনীত আগৰৱালৰ ।

নিৰাপত্তা ব্যৱস্থাৰ তদাৰক আৰু যাতায়াত ব্যৱস্থাপনা

এই উৎসৱৰ দিনা দৰ্শনাৰ্থীয়ে যাতে কোনো ধৰণৰ অসুবিধা নাপায়, তাৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী বাহিনী । আনুষ্ঠানিকভাৱে এই স্নান প্ৰক্ৰিয়াৰ সময়ত ভক্তসকলে যাতে ভগৱানৰ দৰ্শন কৰিব পাৰে তাৰ বাবে আৰক্ষীয়ে বেৰিকেড স্থাপন কৰিছে ।

উদযাপনস্থলীত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে স্থাপন কৰা হৈছে উন্নত প্ৰযুক্তিসম্পন্ন এ আই নিৰীক্ষণ কেমেৰা ৷ এই কেমেৰাসমূহ বাস্তৱ সময়ৰ তদাৰকীৰ বাবে এটা কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযুক্ত কৰা হৈছে।

এ আই প্ৰযুক্তিসম্পন্ন নিৰীক্ষণ ব্যৱস্থা

এ আই চালিত কেমেৰাই উৎসৱ উদযাপন হ’বলগীয়া সমগ্ৰ এলেকাৰ নিৰাপত্তাৰ তদাৰক কৰিব । সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই কথা নিশ্চিত কৰে আৰক্ষী অধীক্ষক বিনিতা আগৰৱালাই ।

যান-বাহন ব্যৱস্থাপনা

ভক্ত আৰু পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত সুপৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ যাতে মন্দিৰ অঞ্চলৰ লগতে ইয়াৰ আশে-পাশে যান-জঁট কম হয় ।

উৎসৱৰ সাংস্কৃতিক তাৎপৰ্য

স্নান যাত্ৰা সাংস্কৃতিকভাৱে উল্লেখযোগ্য এক অনুষ্ঠান ৷ প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তক এই অনুষ্ঠানে আকৰ্ষিত কৰে । অনুষ্ঠানটোৰ পবিত্ৰতা আৰু সুৰক্ষা বজাই ৰখাৰ ক্ষেত্ৰত এনে শক্তিশালী সুৰক্ষা প্ৰট’কল অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক: কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি; জৰুৰীকালীন প্ৰস্তুতিৰ আহ্বান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.