ETV Bharat / bharat

হীৰাৰ দৰে জিলিকি উঠিব পৰা ভাৰতৰ এখন ৰাজ্য, য'ত মজুত আছে দহটা প্ৰজন্মই খাব পৰা ধন - 6000KG DIAMOND IN CHHATARPUR

ভাৰতত আছে এছিয়াৰ সৰ্ববৃহৎ হীৰা সংৰক্ষিত বনাঞ্চল । য'ত বৰ্তমান মজুত হৈ আছে কেবা হাজাৰ কোটি টকাৰ হীৰা ।

6000KG DIAMOND IN CHHATARPUR
হীৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 5, 2025 at 6:25 PM IST

5 Min Read

চাতাৰপুৰ: হীৰা, এবিধ অতি মূল্যবান ধাতু । এই ধাতুবিধৰ এটা টুকুৰা ক্ৰয় কৰিবলৈ প্ৰয়োজন হয় কেবালাখ টকা । পিছে আপুনি বাৰু কেতিয়াবা ভাবেনে এই হীৰাৰ যদি খনি আপোনাৰ ঘৰতে বা ওচৰতে থাকিলহেতেন, তেন্তে আপুনি কি কৰিলেহেতেন ! নিশ্চয় ই আপোনাৰ ভাগ্য সলনি কৰি দিলেহেতেল, নহয় জানো ?

আজি আমি ক’বলৈ লৈছো এই মূল্যবান হীৰাৰ এখন সাম্ৰাজ্যৰ কথা । এই সাম্ৰাজ্যখন চাবলৈ হ'লে আপুনি যাব লাগিব মধ্যপ্ৰদেশলৈ । আচলতে মধ্যপ্ৰদেশৰ পৰা ১০০ কিলোমিটাৰ নিলগৰ বাক্সৱাহাৰ অৰণ্যত আৱিষ্কাৰ কৰা হৈছে এই হীৰাৰ খনি ।

২৫ বছৰ পূৰ্বে বন্দৰ হীৰা প্ৰকল্পৰ অধীনত বাক্সৱাহাৰ বনাঞ্চলত এটা জৰীপ আৰম্ভ কৰা হৈছিল, য’ত দাবী কৰা হৈছিল যে মাটিৰ তলত ৩ কোটি কেৰেটতকৈ অধিক (প্ৰায় ৬০০০ কিলোগ্ৰাম) হীৰা জমা হৈ আছে । সেই সময়ত এই হীৰাৰ আনুমানিক মূল্য ৫৫ হাজাৰ কোটি টকা বুলি অনুমান কৰা হৈছিল, যিটো বৰ্তমান প্ৰায় ৬০ৰ পৰা ৭০ হাজাৰ কোটি টকা ।

এই ধনৰাশি যদি মাটিৰ পৰা উলিয়াই অনা হয়, তেন্তে মধ্যপ্ৰদেশৰ ভাগ্য সলনি হৈ গ’লহেঁতেন । দেশৰ এই বৃহৎ সম্পদৰ বিষয়ে সবিশেষ জানো আহক ।

Madhya Pradesh's fortune will shine with diamonds, 6000 kg diamond will give 60-70 thousand crores.
হীৰাৰ ভাণ্ডাৰ থকা ঠাইডোখৰ (ETV Bharat)
  • সৰ্ববৃহৎ হীৰা মজুতৰ কাহিনী কি ?

আচলতে এই জৰীপ মধ্যপ্ৰদেশৰ বাক্সৱাহাৰ বনাঞ্চলত অষ্ট্ৰেলিয়াৰ ৰিঅ’ টিণ্টো কোম্পানীয়ে কৰিছিল । ২০০০ চনৰ পৰা ২০০৫ চনৰ ভিতৰত সমগ্ৰ বাক্সৱাহা বনাঞ্চলৰ জৰীপ চলাইছিল খনন কোম্পানী ৰিঅ’ টিণ্টোৱে । এদিন জৰীপকাৰী দলটোৱে কিম্বাৰলাইট শিলৰ বিশাল শিল দেখি আনন্দত আত্মহাৰা হৈ পৰিছিল । কিয়নো এই কিম্বাৰলাইট শিলবোৰতে পোৱা যায় হীৰা ।

  • তেতিয়া হীৰাৰ আনুমানিক মূল্য আছিল ৫৫ হাজাৰ কোটি

২৫ বছৰ পূৰ্বে ৰিঅ’ টিণ্টো কোম্পানীয়ে ইয়াত হীৰা থকাৰ কথাটো আৱিষ্কাৰ কৰিছিল । ইয়াত কোম্পানীটোৱে বৃহৎ পৰিমাণৰ কিম্বাৰলাইট শিল পাইছিল । মাটিৰ তলত ৫৫ হাজাৰ কোটি টকা পৰ্যন্ত মূল্যৰ হীৰা থাকিব পাৰে বুলি দাবী কৰা হৈছিল ।

লগতে দাবী কৰা হৈছিল যে অৰণ্যত মাটিৰ তলত ৩.৫ কোটি কেৰেটতকৈ অধিক (প্ৰায় ৬০০০ কিলোগ্ৰাম) হীৰা আছে । কিন্তু ইয়াক আৱিষ্কাৰ কৰা কোম্পানীটোৱে ২০১৭ চনত এই প্ৰকল্পৰ পৰা পিছুৱাই যায়, তাৰ পিছত চৰকাৰে বাক্সৱাহাৰ অৰণ্যখন নিলাম কৰি হীৰা উলিয়ায় ।

এই প্ৰকল্পটো ২০১৯ চনত আদিত্য বিৰলা গ্ৰুপৰ এচেল মাইনিং কোম্পানীক লিজত দিয়া হৈছিল যদিও উচ্চ ন্যায়ালয়ে এই প্ৰক্ৰিয়া স্থগিত ৰাখিছিল ।

  • খন্দাৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

চাতাৰপুৰ জিলাৰ বাক্সৱাহা হীৰা খনিটো ২০১৯ চনত নিলাম হৈছিল । আদিত্য বিৰলা গ্ৰুপৰ এচেল মাইনিং কোম্পানীয়ে ৫০ বছৰৰ বাবে লীজত লৈছিল । কোম্পানীটোৱে প্ৰায় ৩৬৪ হেক্টৰ মাটি লাভ কৰে । কিন্তু খনন আৰম্ভ হোৱাৰ আগতেই পৰিৱেশবিদ আৰু সামাজিক সংগঠনসমূহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল ।

এই বনাঞ্চলৰ ৬২.৬৪ হেক্টৰ মাটি হীৰা উলিওৱাৰ বাবে চিহ্নিত কৰা বুলি কোৱা হৈছিল যদিও কোম্পানীয়ে ৩৮২.১৩১ হেক্টৰ বনাঞ্চলৰ দাবী জনাইছিল, যাতে বাকী মাটিখিনি খননৰ সময়ত খনিৰ ধ্বংসাৱশেষ পেলোৱাৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় । এইবোৰৰ মাজতে উচ্চ ন্যায়ালয়ে এই খননকাৰ্য স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

  • ই এছিয়াৰ সৰ্ববৃহৎ হীৰা খনি হৈ পৰিলহেঁতেন

খনিজ বিষয়া অমিত মিশ্ৰৰ মতে, "বক্সৱাহাৰ বনাঞ্চলত বন্দৰ ডাইমণ্ড নামৰ এটা ব্লক সৃষ্টি হৈছিল, যিটো ৰিঅ' টিণ্টো কোম্পানীয়ে অন্বেষণ কৰিছিল যদিও কোম্পানীটোৱে সেইটো এৰি থৈ গৈছিল । সেই সময়ত তেওঁলোকে অৰণ্যৰ পৰা অতি বৃহৎ এলেকা বিচাৰিছিল, যিটো কিবা কাৰণত দিয়া হোৱা নাছিল । তাৰ পিছত ৩৬৪ হেক্টৰ সৰু এলেকা এটা সৃষ্টি কৰা হৈছিল । যদি বক্সৱাহাৰৰ খনিবোৰ কাৰ্যক্ষম হ'লহেঁতেন, তেন্তে ই এছিয়াৰ আটাইতকৈ ডাঙৰ খনি হৈ পৰিলেহেতেন, সেই সময়ত ৫৫ হাজাৰ কোটি টকাৰ হীৰাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল ।"

  • লাখ লাখ গছ কাটি পেলোৱাৰ উৰাবাতৰি ওলাইছিল

খনিজ বিষয়াগৰাকীয়ে আৰু কয়, "যেতিয়া ৩৬৪ হেক্টৰ মাটিৰ পট্টা দিয়া হৈছিল, তেতিয়া গোটেই অঞ্চলটো খনন কৰি লাখ লাখ গছ কাটিব বুলি উৰাবাতৰি বিয়পি পৰিছিল । এয়া মাথোঁ এটা উৰাবাতৰি আছিল । এতিয়া খননৰ আধুনিক কৌশল আহিছে, সৰ্বাধিক ফুটবল খেলপথাৰৰ সমান মাটিত খনন কৰা হয়, ইয়াৰ বাবেই বহু গছ কটা নাযায় আৰু বন্যপ্ৰাণীৰো কোনো ক্ষতি নহয় । কটা গছৰ সংখ্যাতকৈ ১০ গুণ বেছি গছ ৰোপণ কৰা হয় আৰু সেইবোৰৰ সঠিক যত্ন লোৱা হয় ।"

লগতে পঢ়ক : আৰম্ভ হ'ব জাতিগত গণনা আৰু লোকপিয়ল: চৰকাৰৰ ঘোষণা

লগতে পঢ়ক : বৃক্ষৰোপণ অভিযান: চেনাব উপত্যকা সেউজীয়া হোৱাৰ আঁৰত থকা মানুহজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.