পালৱাল: হাৰিয়ানাৰ পালৱালত অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷ চি আই ডিৰ গোপন তথ্য অনুসৰি জিলাখনৰ হাতীন থানাৰ আৰক্ষীয়ে এটা ইটাভাতাত কৰ্মৰত ৫৯ জন অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে ।
ধৃত আটাইকেইজনেই বিগত ১৫-২০ দিন ধৰি ইটা ভাটাত কাম কৰি আছিল । আৰক্ষীয়ে সকলোকে নিজৰ জিম্মাত লৈ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছে । তদন্তত জড়িত থকা আৰক্ষী বিষয়াই এনেদৰে কয় ‘‘শীঘ্ৰে তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব ।’’
ধৃতসকলৰ ভিতৰত আছে ২১ টা শিশু
শুকুৰবাৰে পালৱালৰ হাথিন মহকুমাৰ উটাৱাদত অৱস্থিত বালাজী আৰু কৃষ্ণ ইটাভাতাৰ পৰা ৫৯ জন অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয় । চি আই ডি (চোৰাংচোৱা বিভাগ পালৱাল) ৰ তথ্যৰ ভিত্তিত জিলা আৰক্ষীৰ দলটোৱে অভিযান চলোৱাৰ পিছত ধৃত ব্যক্তিসকলক নিজৰ জিম্মাত লয় ।
জেৰাৰ সময়ত অবৈধ বাংলাদেশী লোককেইজনৰ সৈতে একাংশ বাংলাদেশী নথি-পত্ৰ জব্দ কৰে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত তেওঁলোকক ডিটেনচন চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰা হয় । দলটোত ২০ জন পুৰুষ আৰু ১৮ গৰাকী মহিলা আৰু ১৩ জন ল’ৰা আৰু ৮ গৰাকী ছোৱালীকে ধৰি ২১ টা শিশু ।
চি আই ডিৰ তথ্যৰ ভিত্তিত গ্ৰহণ কৰা ব্যৱস্থা
কিছুদিন পূৰ্বে উটাৱাদত অৱস্থিত বালাজী ভাটাত আৰু কৃষ্ণ ভাটাত বাংলাদেশী নাগৰিকে কাম কৰি থকাৰ তথ্য লাভ কৰিছিল চি আই ডিয়ে । ইয়াৰ পিছতে চি আই ডি আৰু স্থানীয় আৰক্ষীয়ে অভিযান চলাই এই অবৈধ বাংলাদেশীক কৰায়ত্ত কৰে ৷
জেৰাৰ সময়ত আটাইকেইজনেই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বুলি স্বীকাৰ কৰে । বৰ্তমান আৰক্ষী এই সমগ্ৰ বিষয়টোৰ তদন্তত ব্যস্ত হৈ পৰিছে । ধৃত আটাইকেইজনৰ পৰা উদ্ধাৰ কৰা হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ ।
১৫-২০ দিন ধৰি কৰি আছিল কাম
জেৰাৰ সময়ত জানিব পৰা গৈছে যে, ১৫-২০ দিন আগতে অবৈধ বাংলাদেশী নাগৰিকসকল ভাৰতলৈ আহি হাৰিয়ানাৰ এই ইটাভাতাত কাম কৰাৰ লগতে বাস কৰি আহিছিল ৷
চি আই ডিয়ে এই বিষয়ে তথ্য লাভ কৰাৰ পিছত ইটা ভাটা দুটাত উপস্থিত হৈ অভিযান আৰম্ভ কৰে ৷ সম্প্ৰতি আটাইকেইজন অবৈধ বাংলাদেশী নাগৰিকক ৰখা হৈছে ডিটেনচন কেম্পত ৷
লগতে পঢ়ক: ৩০ জনতকৈও অধিক বাংলাদেশী কেনেকৈ প্ৰৱেশ কৰিছিল ? আৰম্ভ আৰক্ষীৰ তদন্ত