ৰাখে হৰি মাৰে কোনে ?
এটি অবিশ্বাস্য কাহিনী । মাত্ৰ ৫০০ গ্ৰাম ওজনৰ এটি নৱজাতকে তিনি মাহ জীৱন-মৃত্যুৰে যুঁজি লাভ কৰিলে সফলতা । আনন্দিত চিকিৎসক, আনন্দিত মাতৃ ।

Published : December 21, 2024 at 1:56 PM IST
হায়দৰাবাদ: যদি নেদেখাজনে বিচাৰে তেতিয়া যেন সকলো সম্ভৱ । বহু অবিশ্বাস্য ঘটনাই যেন ঘটি যায় নেদেখাজনৰ ইচ্ছাত । তেনে এক ঘটনাই পোহৰলৈ আহিছে এইবাৰ হায়দৰাবাদত । যেন এক জীয়াই থকাৰ এক হৃদয়স্পৰ্শী কাহিনী ! মাত্ৰ ৫০০ গ্ৰাম ওজনৰ জন্ম হোৱা এক নৱজাতকে এক অবিশ্বাস্যভাৱে আৰোগ্য লাভ কৰিছে । যাৰ ফলত আনন্দিত হৈ পৰিছে এছ আৰ নগৰৰ সৌম্য চিকিৎসালয়ৰ চিকিৎসক তথা কৰ্চাৰীসকল ।
জানিব পৰা মতে আই ডি পি এলৰ পৰা অহা ২৬ সপ্তাহৰ গৰ্ভৱতী প্ৰসুতিগৰাকীয়ে প্ৰসৱ বেদনা অনুভৱ কৰাৰ পিছত ৩০ জুলাইত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তাৰ পিছতে প্ৰসুতিগৰাকীয়ে জন্ম দিয়ে মাত্ৰ ৫০০ গ্ৰামৰ এটি কন্যা সন্তান । লগে লগে চিন্তিত হৈ পৰিছিল চিকিৎসকসকল । মাত্ৰ ৫০০ গ্ৰাম ওজনৰে জন্ম হোৱা কেঁচুৱাটোক লগে লগে নিবিড় যত্নৰ মাজেৰে ৰখা হৈছিল ।
তাইৰ চিকিৎসা কৰা নিওনেটোলজিষ্ট ডাঃ কে. ৰবিশংকৰে কয়,"এনে কম ওজনৰ শিশুবোৰ খুব কমেই জীয়াই থাকে । কিন্তু আমি ইয়াক আমাৰ সকলো দিছিলোঁ । কেঁচুৱাটোক নিৰন্তৰ যত্ন লোৱাৰ বাবে এন আই চি ইউত তিনিমাহ ৰখা হৈছিল । নৱজাতকটিৰ অৱস্থা উন্নত হোৱাৰ পিছত ডেৰ মাহৰ বাবে সাধাৰণ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছিল ।"
চিকিৎসকে জনোৱা অনুসৰি কেঁচুৱাটোৰ ওজন ক্ৰমান্বয়ে বৃদ্ধি হৈছিল, 1.950 কিলোগ্ৰামলৈ বৃদ্ধি পাইছিল ওজন আৰু অৱশেষত আনন্দিত মনৰে মাতৃৰ সৈতে ঘৰলৈ যাবলৈ দিয়া হৈছিল । এয়া প্ৰসুতিগৰাকীৰ দ্বিতীয় সন্তান । ইয়াৰ পূৰ্বে তেওঁ যমজ ল'ৰা সন্তান জন্ম দিছিল ।

