বিশ্বাস কৰিবনে ? এজনী গাইৰ পেটৰ পৰা ওলাল ৫০ কিলো প্লাষ্টিক
পথৰ কাষত এজনী গাইগৰুৱে চটফটাই আছিল । স্থানীয় লোকে খবৰ দিলে পশু হেল্পলাইনক । তাৰ পাছত ওলাল এয়া । পঢ়ক প্ৰতিবেদন ।

Published : September 10, 2025 at 6:58 PM IST
ব্ৰহ্মপুৰ: ওড়িশাৰ গঞ্জাম জিলাৰ ব্ৰহ্মপুৰ চহৰত সোমবাৰে এজনী গাইগৰুৰ পেটৰ পৰা উলিওৱা হয় ৫০ কিঃগ্ৰাঃৰ প্লাষ্টিকৰ আৱৰ্জনা । নিমাখিত জীৱৰ পেটৰ পৰা প্লাষ্টিকৰ সামগ্ৰী, যিসমূহ সাধাৰণ জনতাৰ দ্বাৰা ব্যৱহাৰ কৰা হয় । এই সামগ্ৰী ওলোৱাৰ পিছত হাহাকাৰ লাগিল সমগ্ৰ অঞ্চলত । এই ঘটনা নতুন নহয়, প্ৰায়েই হৈ থাকে, গতিকে প্ৰাশাসনে ইয়াৰ ওপৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে ।
জানিব পৰা গৈছে যে চহৰখনত শেহতীয়া কিছুদিন ধৰি এজনী গাইগৰু ৰোগত ভুগি আছিল । যেতিয়া স্থানীয় লোকে গাইজনীক বড়াচাহী ঘাইপথত চটফটাই থকা দেখিছিল তেতিয়া পশু সহায়ক সংস্থাৰ হেল্পলাইন নম্বৰ-১৯৬২ ত যোগাযোগ কৰে । খবৰ পোৱা মাত্ৰকে পশু চিকিৎসালয়ৰ কৰ্মচাৰীসকল উক্ত স্থানত উপস্থিত হয় । গাইজনীৰ চিকিৎসা কৰে আৰু বেজী দিয়ে, কিন্তু স্বাস্থ্যৰ কোনো উন্নতি নহ'ল । ইয়াৰ পিছত চহৰখনত হোৱা ধাৰাসাৰ বৰষুণ আৰু ঠাণ্ডাত কঁপি থকা দেখি স্থানীয় লোকে এগৰাকী স্থানীয় নগৰ সেৱক সঞ্জিত পাণিগ্ৰাহিক খবৰ দিয়ে । খবৰ পোৱা মাত্ৰকে পশুপ্ৰেমী ললাতেন্দু চৌধুৰীও উপস্থিত হয় উক্ত স্থানত আৰু উন্নত চিকিৎসাৰ বাবে জিলা চিকিৎসক অঞ্জন দাসক ঘটনা সন্দৰ্ভত খবৰ দিয়ে ।

অৱশেষত গাইজনীক সময় থাকোতেই উদ্ধাৰ কৰি পশু চিকিৎসালয়লৈ লৈ যোৱা হয় । তাত চিকিৎসকে দেখা পাই যে গাইজনীৰ পেটত বিষ হৈ আছে, গতিকে ডাঃ সত্য নাৰায়ণ কৰে প্ৰথমে গাইজনীয়ে অস্ত্ৰোপচাৰ কৰে, যি এতিয়া সুস্থ হৈ আছে । পশুপ্ৰেমী ললাতেন্দু চৌধুৰীয়ে ই টিভি ভাৰতক কয় যে অষ্ট্ৰোপচাৰৰ পিছত পেটৰ পৰা প্ৰথমে প্ৰায় ১০ কিলো আৰু পিছত ৪০ কিলো মুঠ ৫০ কিলো প্লাষ্টিকৰ সামগ্ৰী উলিওৱা হয় । এতিয়া গাইজনী সুস্থ ।
দুগৰাকী চিকিৎসক আৰু ৬ গৰাকী কৰ্মচাৰীয়ে কৰে অস্ত্ৰোপচাৰ:
চিকিৎসক কৰে ই টিভি ভাৰতক কয় যে এই অস্ত্ৰোপচাৰত দুগৰাকী চিকিৎসক আৰু ৬ গৰাকী কৰ্মচাৰী জড়িত আছিল । এই শল্য অস্ত্ৰোপচাৰত মুখ্য ৰূপত পশু চিকিৎসালয়ৰ কৰ্মচাৰী হৰিচন্দ্ৰ নায়ক, ৰামচন্দ্ৰ চাহুসহ কেইবাজনো কৰ্মচাৰী তথা পশুপ্ৰেমীয়ে সহযোগ কৰে ।

ব্ৰহ্মপুৰ চহৰত গাইৰ পেটৰ পৰা পলিথিন ওলোৱা এনে ঘটনা কোনো নতুন কথা নহয় । কোৱা হয় যে ইয়াৰ পূৰ্বেও এজনী গাইৰ পেটৰ পৰা পলিথিন উলিওৱা হৈছিল । যোৱাটো বৰ্ষৰ জুলাই মাহতো এনে ধৰণৰেই আৰু এজনী গাইৰ পেটৰ পৰা পলিথিন উলিওৱা হৈছিল । এইদৰে, ২০২৩ তো এজনী গাইৰ পেটৰ পৰা পলিথিন ওলোৱাৰ বিষয়ে পশুপ্ৰেমী লালতেন্দু চৌধুৰীয়ে জানিবলৈ দিয়ে ।
ব্ৰহ্মপুৰ চহৰত গাইৰ পেটৰ পৰা ইমান বিশাল পৰিমাণে পলিথিন ওলোৱা ঘটনাৰ বিষয়ত মহানগৰ নিগমৰ উপায়ুক্ত আশীৰ্বাদ বেহৰাই কয় যে আগন্তুক দিনত এই অভিযান বিস্তাৰ কৰাৰ আঁচনি লোৱা হ'ব । এই বিষয়ত অতিশীঘ্ৰে এক বৈঠক আয়োজন কৰা হ'ব আৰু পদক্ষেপ গ্ৰহণ কৰা হ'ব । তেওঁ কয় যে, পলিথন ব্যৱহাৰ কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।

