ETV Bharat / bharat

পত্নী-কন্যাক হত্যা: এফালৰ পৰা ঘপিয়াই গ'ল ৯ জনকৈ লোকক

অৰুণাচল প্ৰদেশৰ চেপাত লোমহৰ্ষক হত্যাকাণ্ড । জধেমধে ৯ জন লোকক চোকা দাৰে আক্ৰমণ এজন লোকৰ । ৩ জনৰ মৃত্যু, ৬ জন আহত ।

3 killed, 6 injured in attack by one person at Chepa in Arunachal Pradesh
এফালৰ পৰা ঘঁপিয়াই গ'ল ৯ জনকৈ লোকক ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 14, 2024 at 8:45 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: এক লোমহৰ্ষক হত্যাকাণ্ড । অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চেপাত এজন ৪০ বছৰীয়া ব্যক্তিয়ে জধেমধে ৯ জন লোকক বৃহস্পতিবাৰে চোকা দাৰে আক্ৰমণ কৰে ।

আৰক্ষীৰ তথ্য অনুসৰি ৩ জন লোকৰ ইতিমধ্যে মৃত্যু হয় আৰু ৬ জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে । চেপাৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড ।

এফালৰ পৰা ঘঁপিয়াই গ'ল ৯ জনকৈ লোকক ! (ETV Bharat Assam)

জানিব পৰা মতে বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত নিকাম সংবিয়া নামৰ লোকজনে চিকিৎসালয়ত প্ৰৱেশ কৰি দাৰে এফালৰ পৰা ঘপিয়াই যায় । চেপাৰ আৰক্ষী অধীক্ষক কে সিকমে ই টিভি ভাৰতক কয়, "প্ৰায় ৪০ বছৰীয়া লোকজনে চৰকাৰী চিকিৎসালয়ত প্ৰৱেশ কৰি প্ৰথমে চিকিৎসাধীন হৈ থকা তেওঁ ভনীয়েকক দাৰে ঘপিয়াই । ইয়াৰ পিছত সন্মুখত থকা সকলোকে লক্ষ্য কৰি উপৰ্যুপৰি দাৰে আক্ৰমণ কৰে ।"

তেওঁ কয়, "এই আক্ৰমণত সদৰ আৰক্ষী বিষয়া মিনলি গেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক উন্নত চিকিৎসাৰ বাবে ইটানগৰলৈ প্ৰেৰণ কৰা হৈছে । আৰক্ষী বিষয়া মিনলি গেই চিকিৎসালয়খনৰ লোকক আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ যাওঁতে তেওঁৰ এখন হাত দাৰ ঘাপত ওলমি যায় ।"

মৃত্যু হোৱা লোক তিনিজনৰ ভিতৰত আছে ঘাতকৰ দুবছৰীয়া কন্যা নাকীয়া সংবিয়া আৰু এগৰাকী মহিলা পাষা ৱেললি । আনহাতে আনগৰাকী ঘাতকৰ পত্নী তাদে সংবিয়া । উল্লেখযোগ্য যে এই নাৰকীয় ঘটনাই সমগ্ৰ চেপা চহৰখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি ঘটনা সংঘটিত হোৱাৰ পাছতে ঘাতক নিকাম সংবিয়াক গ্ৰেপ্তাৰ কৰি এক গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক: চাহৰ বিকল্প ! তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নব্য ধাৰণালৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

অসমত কদৰ বাঢ়িছে ইলেক্ট্রিক বাহনৰ: চাৰ্জিং ষ্টেচনৰ প্ৰস্তাৱ ফাইলতে আৱদ্ধ