হিমালয়ত স্বচ্ছতাৰ সজাগতা: জেমিথাঙত ২৪ জনীয়া বাইক ৰাইডাৰ্ছৰ দল
অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ জেমিথাঙত উপস্থিত এ বি চি বাইকাৰ্ছ ক্লাবৰ দল ।

Published : March 30, 2025 at 7:17 PM IST
জেমিথাং: বাইকাৰ্ছসকলৰ বাবে অসমত প্ৰত্যাহ্বান কি ? সম্প্ৰতি অসমত বাইকাৰ্ছৰ বাবে কিছুমান বিশেষ প্রত্যাহ্বান অহাৰ সময়তে একাংশ বাইকাৰ্ছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছে । তাৰে এক উৎকৃষ্ট উদাহৰণ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ এ বি চি বাইকাৰ্ছ ক্লাব । পশ্চিম অৰুণাচল প্ৰদেশৰ শেষ প্ৰান্তত জেমিথাঙত উপস্থিত হোৱা ক্লাবটোৰ বাইকাৰ্ছৰ দলে গ্ৰহণ কৰিছে স্বচ্ছতাৰ লগতে হিমালয়ৰ প্ৰকৃতিৰ সুৰক্ষাৰ বাবে সজাগতাৰ অভিযান ।
সম্প্রতি বাইকাৰ্ছ ক্লাবৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত । ভাৰত-চীন সীমান্তত দুঃসাহসিক ক্ৰীড়াৰ দৰেই সম্প্ৰতি একাংশ যুৱক-যুৱতীয়ে দেশজুৰি আৰম্ভ কৰা এই বাইকাৰ্ছ ক্লাবে দেশৰ শেষ প্ৰান্তত জনপ্ৰিয়তা অৰ্জন কৰিছে ৷
এই সন্দৰ্ভত বাইকাৰ্ছ ক্লাবৰ সদস্য ড৹ থমিছিং নংজুয়ে কয়, "উত্তৰ-পূৰ্বাঞ্চলৰ লগতে কলকাতাৰ ৰাইডাৰসকলে আহি আমাৰ সৈতে ভালুকপুঙত একত্ৰিত হৈছে । উদ্দেশ্য এটাই যে হিমালয়ৰ সুৰক্ষা আৰু স্বচ্ছতাৰ বিষয়ে প্ৰচাৰ ।"
ইফালে শ্বিলঙৰ ৰাইডাৰ চেতন মেৰাই কয়, "শ্বিলং তথা অৰুণাচল প্ৰদেশতো গঠন হৈছে বাইকাৰ্ছ ক্লাব ৷ শ্বিলঙৰ এ বি চি বাইকাৰ্ছ ক্লাবৰ সদস্যসকলে দেশৰ বিভিন্ন প্ৰান্তত সজাগতামূলক ভ্ৰমণসূচী সম্পন্ন কৰাৰ পিছত সম্প্ৰতি হিমালয়ৰ কাষৰীয়া ৰাজ্যসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাণীৰে ৮০০ কিলোমিটাৰ মটৰ চাইকেল ভ্ৰমণসূচী ৰূপায়ণ কৰিছে ৷ ইয়াৰ অংশ হিচাপে অৰুণাচল প্ৰদেশৰ জেমিথাঙত উপস্থিত হোৱা শ্বিলঙৰ বাইকাৰ্ছসকলক সহযোগিতা আগবঢ়াই এই যাত্ৰাত একত্ৰিত হৈছে অৰুণাচলৰ আৰ ই বাইকাৰ্ছ ক্লাবৰ সদস্য-সদস্যাসকলো ।"
গোৰ্ছাম কোৰা উৎসৱৰ লগত সংগতি ৰাখি গিৰিৰাজ হিমালয়ৰ আৱৰ্জনা ব্যৱস্থাপনাক গুৰুত্ব আৰোপ কৰি হিমালয়ক পৰিষ্কাৰ কৰি ৰখা তথা বিপদমুক্ত এক পৰিৱেশ ৰক্ষাৰ আহ্বান জনাই জনসচেতনতা গঢ়াত গুৰুত্ব আৰোপ কৰা ২৪ জনীয়া বাইকাৰ্ছৰ দলটোক দেশৰ সেনাৰ তৰফৰ পৰাও সম্বৰ্ধনা জনোৱা হয় ৷ দীঘলীয়া আৰু দুৰ্গম অঞ্চল ভ্ৰমণ কৰা অভিজ্ঞ বাইকাৰ্ছসকলে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে অৱলম্বন কৰিবলগীয়া সাৱধানতাৰ কথাও উল্লেখ কৰে । এই সন্দৰ্ভত ৰাইডাৰ চেতনে কয়, "দুৰ্ঘটনা যদিও ইচ্ছাকৃত নহয়, তথাপিও এইক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো জৰুৰী ৷ অসমৰ পথত গৰু-ছাগলীৰ বিচৰণ এক ডাঙৰ প্ৰত্যাহ্বান । সেয়ে মটৰ চাইকেল চলোৱাৰ সময়ত হেলমেট পৰিধান কৰাৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা ল'ব লাগে ।"
উল্লেখ্য যে শ্বিলঙৰ লগতে অৰুণাচল প্ৰদেশৰ ৰয়িং, ইটানগৰ, নামচাইকে ধৰি বিভিন্ন অঞ্চলৰ বাইকাৰ্ছে অংশ লয় এই অভিযানত ৷ হিমালয়ৰে সংযোগ থকা অঞ্চল স্পৰ্শ কৰি অসমৰ গুৱাহাটী, তেজপুৰ হৈ অৰুণাচলত প্ৰৱেশ কৰা দলটোত আছে কেইবাগৰাকী মহিলা বাইকাৰ্ছ ৷ এই বাইকাৰ্ছসকল সৰ্বভাৰতীয় বাইকাৰ্ছ ক্লাবৰ সৈতেও সংযুক্ত হৈ আছে ৷

