এতিয়াহে বিপদমুক্ত, নিস্ক্ৰিয় কৰা হ'ল ১৮ টাকৈ মৰ্টাৰ বোমা
অৰুণাচল প্ৰদেশত বিপদজ্জনক অস্ত্ৰ-শস্ত্ৰ নিষ্ক্ৰিয় । স্পেয়াৰহেড বিভাগৰ বিস্ফোৰক নিষ্কাশন দলে নিস্ক্ৰিয় কৰে এই মৰ্টাৰ বোমা ।

Published : August 29, 2025 at 8:45 PM IST
তেজপুৰ: পূব অৰুণাচল প্ৰদেশৰ চিয়াং জিলাত উদ্ধাৰ হৈছে পৰিত্যক্ত বহু পুৰণি অব্যৱহৃত মৰ্টাৰ বোমা । এক সম্ভাব্য সংকটৰ প্ৰতি দ্ৰুত আৰু পেছাদাৰী সঁহাৰি জনাই ভাৰতীয় সেনাৰ স্পেয়াৰহেড বিভাগৰ বিস্ফোৰিত অৰ্ডানেন্স নিষ্কাশন দলে সফলতাৰে উদ্ধাৰ কৰে আৰু তাৰ পিছত ছিয়াং জিলাৰ মানিগঙত ১৫ টা সেৱাহীন ৮১ মি:মি: মৰ্টাৰ বোমা নিৰাপদে নিষ্ক্ৰিয় কৰি পেলায় ।
গুৱাহাটীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফ্টেনেণ্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱাতে জনাই যে অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগিতা আৰু সমন্বয়ত এই অভিযান চলাইছিল । একেলগে মুঠ ১৮ টা মৰ্টাৰ বোমা নিষ্ক্ৰিয় কৰে আৰু এইসমূহ কোন সময়ৰ তাৰ কোনো সঠিক তথ্য সেনাৰ তৰফৰ পৰা জনোৱা হোৱা নাই ।

পূব অৰুণাচল প্ৰদেশৰ ভূমি খননৰ সময়ত সাধাৰণ নাগৰিকে সঘনাই অহা-যোৱা কৰা অঞ্চলত এই স্পৰ্শকাতৰ আৰু বিপজ্জনক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল, যিয়ে স্থানীয় জনগোষ্ঠীৰ সুৰক্ষাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছিল ।
ৰাৱাতে জনাই যে পলম নকৰাকৈয়ে তাৎক্ষণিক সঁহাৰি জনাই বিশেষ নিষ্কাশন দলটোৱে উদ্ধাৰ হোৱা স্থানৰ পৰা কিছু দূৰলৈকে সিঁচৰতি হৈ থকা আৰু ঠাইতে নিখুঁতভাৱে নিষ্ক্ৰিয় কৰাৰ অভিযান চলাইছিল, যাৰ ফলত নিৰ্ধাৰিত পদ্ধতি অনুসৰি সম্ভাব্য ভাবুকি ফলপ্ৰসূভাৱে বিফল কৰিবলৈ সফল হয় ।

প্ৰতিকূল পৰিস্থিতিৰ বতৰ আৰু প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতো দলটোৱে পৰম পেচাদাৰিতা আৰু সুৰক্ষা প্ৰট’কলৰ কঠোৰ আনুগত্যৰে নিষ্কাশন অভিযান চলাইছিল । স্থানীয় জনসাধাৰণ বা চাৰিওফালৰ পৰিৱেশৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ আৰু ক্ষতি হ'ব পৰা সম্ভাব্য বিপদৰ নিশ্চিত কৰি সমগ্ৰ অভিযান চলোৱা হৈছিল ।

এই সফল অভিযানে সাধাৰণ নাগৰিকৰ বাবে এক উল্লেখযোগ্য বিপদ দূৰ কৰাই নহয়, দেশৰ অতি দুৰ্গম আৰু কঠিন অঞ্চলতো ভাৰতীয় সেনাৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি অটল দায়বদ্ধতাক শক্তিশালী কৰি তুলিলে । অসামৰিক কৰ্তৃপক্ষৰ সৈতে ভাৰতীয় সেনাৰ সমন্বয় আৰু অভিযান ক্ষিপ্ৰতাৰে সম্পন্ন কৰাটোৱে জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত সামৰিক আৰু স্থানীয় প্ৰশাসনৰ মাজত থকা সহযোগিতাৰ উদাহৰণ দাঙি ধৰে । স্থানীয় জনগোষ্ঠী আৰু ৰাজ্যিক কৰ্তৃপক্ষই স্থানীয় জনগোষ্ঠীটোৰ সুৰক্ষা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ভাৰতীয় সেনাবাহিনীৰ তৎকালীন আৰু নিৰ্ণায়ক পদক্ষেপৰ বাবে গভীৰ শলাগ লৈছে বুলি জানিব দিয়ে ৰাৱাতে ।

