এনকাউণ্টাৰত নিহত পি এল এফ আইৰ মুৰব্বী; নক্সালবাদীটোৰ নামত আছিল ১৫ লাখ টকাৰ পুৰস্কাৰ
আৰক্ষীৰ এনকাউণ্টাৰত নিহত পি এল এফ আইৰ চুপ্ৰেমো মাৰ্টিন কেৰকেটা । মাৰ্টিনৰ ওপৰত ১৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ঝাৰখণ্ড আৰক্ষীয়ে ।

Published : August 6, 2025 at 9:54 AM IST
ৰাঁচী : পিপলছ লিবাৰেশ্যন ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এল এফ আইৰ এক বৃহৎ বিপৰ্যয় । পি এল এফ আইৰ চুপ্ৰেমো মাৰ্টিন কেৰকেটাক গুমলা আৰক্ষীয়ে এনকাউণ্টাৰত মৃত্যু হৈছে । ঝাৰখণ্ড আৰক্ষীয়ে মাৰ্টিনৰ ওপৰত ১৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল । গুমলাৰ কামদাৰাত গুমলাৰ আৰক্ষী অধীক্ষক হৰিছ বিন জামা আৰু তেওঁৰ দলৰ সৈতে হোৱা এনকাউণ্টাৰত মাৰ্টিন নিহত হয় ।
এজন ব্যৱসায়ীৰ পৰা উপঢৌকন ল’বলৈ আহিছিল
গুমলা আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি মাৰ্টিনে এজন ব্যৱসায়ীৰ পৰা উপঢৌকন সংগ্ৰহ কৰিবলৈ দলৰ সদস্য সৈতে কামদাৰাত উপস্থিত হৈছিল ৷ গুমলা আৰক্ষী অধীক্ষকে এই তথ্য লাভ কৰে আৰু তথ্যৰ ভিত্তিত আৰক্ষী অধীক্ষকগৰাকীয়ে এটা দল গঠন কৰি মাৰ্টিনক ঘেৰাও কৰে ।
আৰক্ষীক তেওঁৰ ফালে অহা দেখি মাৰ্টিনে আৰক্ষীৰ ওপৰত গুলীচালনা কৰে, যাৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে ৷ এই গুলীচালনাত মাৰ্টিনৰ মৃত্যু হয় । মাৰ্টিনৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে । এই এনকাউণ্টাৰত কেৱল গুমলা আৰক্ষীৰ দলটোহে জড়িত আছিল ।
দীনেশ গোপৰ পিছত মাৰ্টিনে কমাণ্ডৰ দায়িত্ব লয়
উল্লেখযোগ্য যে NIA আৰু ঝাৰখণ্ড আৰক্ষীৰ যৌথ প্ৰচেষ্টাৰ অন্তত নেপালৰ পৰা গ্ৰেপ্তাৰ হৈছিল পি এল এফ আইৰ চুপ্ৰেমো দিনেশ গোপ । দীনেশ গোপ জেললৈ যোৱাৰ পিছত মাৰ্টিনক সংগঠনটোৰ চুপ্ৰেম’ হিচাপে নিযুক্তি দিয়া হয় । দীনেশ গোপৰ ওপৰতো ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হয় । দীনেশ গোপক গ্ৰেপ্তাৰ কৰাৰ পিছত মাৰ্টিনে পি এল এফ আইৰ সমগ্ৰ কমাণ্ড চম্ভালি আছিল আৰু বিভিন্ন ঠাইত অপৰাধ সংঘটিত কৰি পি এল এফ আইৰ নামত ভয়ৰ সৃষ্টি কৰিছিল । ধন দাবীৰ অধিকাংশ অপৰাধ সংঘটিত কৰিছিল মাৰ্টিনে ।

