উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণত নিহত ১৪; স্থগিত কেদাৰনাথ যাত্ৰা - Uttarakhand flood situation
Heavy Rains in Uttarakhand : উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে । যাৰ ফলত ব্যাপক ক্ষতিৰ সনমুখীন হৈছে । ডেৰাডুন, হৰিদ্বাৰ আৰু তেহৰিকে ধৰি কেইবাখনো জিলা ক্ষতিগ্ৰস্ত হৈছে । ভূমিস্খলনৰ বাবে কেদাৰনাথ যাত্ৰা স্থগিত ৰখা হৈছে । উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে বায়ুসেনাৰ হেলিকপ্টাৰ ।

Published : August 2, 2024 at 10:43 AM IST
নিউজ ডেস্ক, ২ আগষ্ট : উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত ১৪ জন লোকৰ মৃত্যু হোৱাৰ উপৰি আন ১০ জন আহত হৈছে । আনহাতে, ভূমিস্খলনৰ ফলত এটা ঘৰ খহি পৰে । ইফালে ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো নদীৰ জলপৃষ্ঠ ওফন্দি উঠাৰ লগতে বান পৰিস্থিতিৰ সৃষ্টি হৈছে । বৃহস্পতিবাৰে চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ ।
আনহাতে, প্ৰতিকূল বতৰৰ বাবে কেদাৰনাথ যাত্ৰা স্থগিত ৰখা হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত বহু ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । আনহাতে, ঘোৰাপাৰাভ, লিনচোলি, বাদি লিনচোলি আৰু ভীমবালিত যাত্ৰাপথটো শিল পৰি বন্ধ হৈ আছে ৷
এক চৰকাৰী বিবৃতিত উত্তৰাখণ্ড চৰকাৰে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ বুজ লৈ ৰাজ্যখনত উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ভাৰতীয় বায়ুসেনাৰ দুখন হেলিকপ্টাৰ, এখন চিনুক আৰু এখন এমআই ১৭ প্ৰেৰণ কৰিছে ।
ইয়াৰ উপৰি তিনিখন বিমান টাৰ্বাইন ইন্ধন টেংকাৰো প্ৰেৰণ কৰা হৈছে । আনহাতে, প্ৰধানমন্ত্ৰী কাৰ্যালয়ে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিছে । ইফালে বিজেপি সভাপতি জে পি নাড্ডায়ো পৰিস্থিতিৰ পৰ্যালোচনা কৰা বুলি বিবৃতিটোত কোৱা হৈছে ।
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি, নালেজাৰৰ হালদৱানীত এটা শিশু পানীৰে পূৰ্ণ এটা নলাত উটি যায় । শিশুটিৰ সন্ধানত অনুসন্ধান অভিযান চলি আছে । উল্লেখ্য যে বুধবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গৌৰীকুণ্ড-কেদাৰনাথ ট্ৰেক পথৰ ভীমবালিত এটা পথ ছিগি যায় আৰু পাহাৰৰ পৰা ডাঙৰ শিল নামি আহি পথ অৱৰোধ কৰে ।
আৰক্ষীয়ে জনোৱা অনুসৰি, এতিয়ালৈকে লিনচোলি আৰু ভীমবালিৰ পৰা হেলিকপ্টাৰত ৪২৫ জন তীৰ্থযাত্ৰীক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । আনহাতে ১,১০০ গৰাকী তীৰ্থযাত্ৰী উদ্ধাৰকাৰী দলৰ সহায়ত বিভিন্ন স্থানৰ পৰা খোজকাঢ়ি সোণপ্ৰয়াগত উপস্থিত হৈছে ।
চৰকাৰী তথ্য মতে, বুধবাৰে সন্ধিয়াৰ পৰা হোৱা বৰষুণ আৰু তাৰ পৰৱৰ্তী ঘটনাত ১৪ জন লোকৰ মৃত্যু হৈছে । ইয়াৰে ভিতৰত ডেৰাডুনত চাৰিজন, হৰিদ্বাৰত ছয়জন, তেহৰিত তিনিজন আৰু চামোলীত এজন লোকৰ মৃত্যু হৈছে ।

