অবিশ্বাস্য ! বিমানৰ লেণ্ডিং গিয়েৰৰ ভিতৰত সোমাই কাবুলৰ পৰা দিল্লীলৈ আহিল ১৩ বছৰীয়া কিশোৰ
সোধা-পোছাৰ অন্তত জানিব পৰা গৈছে যে কিশোৰজন আফগানিস্তানৰ কুণ্ডুজৰ বাসিন্দা ।

Published : September 23, 2025 at 7:14 PM IST
নতুন দিল্লী: দিল্লী বিমানবন্দৰত এক অতি ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে । দেওবাৰে পুৱা এটি ১৩ বছৰীয়া কিশোৰক কাবুলৰ পৰা দিল্লীলৈ অহা কাম এয়াৰৰ এখন বিমানত লেণ্ডিং গিয়েৰ বাকচত লুকাই অহা অৱস্থাত উদ্ধাৰ কৰা হয় । এই ঘটনাটো ২১ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১১.১০ বজামানত পোহৰলৈ আহে বুলি জানিব পৰা গৈছে ।
দেওবাৰে কাম এয়াৰলাইনছৰ আৰ কিউ-৪৪০১ নম্বৰ বিমানখনে দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত সুৰক্ষা কৰ্মচাৰীসকলে বিমানখনৰ ওচৰত এটি কিশোৰে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰে । সুৰক্ষা কৰ্মীসকলৰ সোধা-পোছাত গম পোৱা যায় যে তেওঁ আফগানিস্তানৰ কুণ্ডুজ চহৰৰ বাসিন্দা । তেওঁ বিনা টিকটত বিমানখনৰ লেণ্ডিং গিয়েৰৰ অংশটোত লুকাই আহিছিল । বিষয়াসকলৰ পৰা জানিব পৰা মতে, যিহেতু তেওঁ নাবালক, সেয়ে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা নহয় ।
এই ঘটনাটোৰ পিছত কিশোৰটোক ততাতৈয়াকৈ সংশ্লিষ্ট এজেন্সীৰ ওচৰলৈ সোধা-পোছাৰ বাবে নিয়া হয় । প্ৰয়োজনীয় সকলো প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত সেইদিনাই দুপৰীয়া তেওঁক কাম এয়াৰলাইনছৰ বিমানত (আৰ কিউ-৪৪০২) কাবুললৈ ঘূৰাই পঠোৱা হয় ।
উল্লেখ্য যে কাম এয়াৰৰ আৰ কিউ-৪৪০১ নম্বৰৰ বিমানখনে কাবুলৰ পৰা দিল্লী যাত্ৰা ৯৪ মিনিটত সম্পূৰ্ণ কৰিছিল । সেই সময়তে এটি আফগান কিশোৰে বিমানখনৰ পিছফালৰ চকাৰ ওপৰত বনোৱা অংশটোত মনে মনে বহি আছিল । ভাৰতীয় সময় অনুসৰি বিমানখন পুৱা ৮.৪৬ বজাত কাবুলৰ পৰা উৰা মাৰিছিল আৰু ১০.২০ বজাত দিল্লী বিমানবন্দৰৰ ৩ নং টাৰ্মিনেলত অৱতৰণ কৰিছিল ।
সুৰক্ষা এজেন্সীৰ সোধা-পোছাৰ সময়ত কিশোৰটোৱে প্ৰকাশ কৰা অনুসৰি কাবুল বিমানবন্দৰত তেওঁ যাত্ৰীসকলৰ সৈতে পিছে পিছে তেওঁ গাড়ী চলাই ৰাণৱেৰ ভিতৰত প্ৰৱেশ কৰিছিল । সুযোগৰ সদ্ব্যৱহাৰ কৰি তেওঁ বিমানখনত উঠে আৰু উৰণৰ ঠিক পূৰ্বে হুইল ৱেলত গৈ লুকাই পৰে ।
এই সন্দৰ্ভত বিমান পৰিবহণ বিশেষজ্ঞ কেপ্টেইন মোহন ৰংগনাথনে কয়, "বিমানৰ হুইল ৱেলত বহি যাত্ৰা কৰাটো প্ৰায় অসম্ভৱ । যেতিয়াই বিমানখনে উৰিব লয় তেতিয়া অক্সিজেন তীব্ৰগতিত হ্ৰাস হ'বলৈ ধৰে আৰু তাপমাত্ৰা শূন্যতকৈ তললৈ গুচি যায় ।"
বিশেষজ্ঞগৰাকীয়ে লগতে কয় যে চকাৰ মাজত সোমোৱাৰ ফলত কোনো ব্যক্তিয়ে চকাৰ ভিতৰত সোমাই প্ৰাণো হেৰুৱাব পাৰে । টেকঅফৰ পিছত যেতিয়া চকা ভিতৰলৈ সোমাই যায় তেতিয়া সেই স্থানটুকুৰা সম্পূৰ্ণভাৱে বন্ধ হৈ যায় । তেনেক্ষেত্ৰত কিশোৰটিয়ে ভিতৰত কোনো চুকত সোমাই থাকি কিছু সময়ৰ বাবে জীয়াই আছিল ।

