ETV Bharat / bharat

শ্ৰীলংকাৰ জলসীমাত প্ৰৱেশ; ১২ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ

Sri Lanka Navy: শ্ৰীলংকা নৌসেনাৰ জালত ১২ ভাৰতীয় মাছমৰীয়া । অবৈধভাৱে জলসীমাত প্ৰৱেশ কৰা অভিযোগত নৌসেনাই গ্ৰেপ্তাৰ কৰে মাছমৰীয়াসকলক ।

Sri Lanka Navy
শ্ৰীলংকাৰ জলসীমাত প্ৰৱেশ;১২ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ (Representative Image (ETV Bharat))
author img

By PTI

Published : October 27, 2024 at 2:28 PM IST

2 Min Read
Choose ETV Bharat

কলম্বো : বিভিন্ন সময়ত মাছমৰীয়াসকলে মৎস্য চিকাৰৰ বাবে গৈ সামুদ্ৰিক সীমা অতিক্ৰম কৰে । ফলস্বৰূপে কেতিয়াবা যদি ভাৰতীয় নৌসেনাই শ্ৰীলংকাৰ মাছমৰীয়াক গ্ৰেপ্তাৰ কৰে কেতিয়াবা আকৌ শ্ৰীলংকা নৌসেনাৰ হাতত গ্ৰেপ্তাৰ হয় ভাৰতীয় মাছমৰীয়া । এইবাৰ পুনৰ শ্ৰীলংকাৰ নৌসেনাই দেওবাৰে ১২ গৰাকী ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰে আৰু শ্ৰীলংকাৰ জলসীমাত প্ৰৱেশ কৰাৰ অভিযোগত তেওঁলোকৰ নাও জব্দ কৰে । এই ১২ গৰাকী মাছমৰীয়াৰ সৈতে দ্বীপৰাষ্ট্ৰত এতিয়ালৈ গ্ৰেপ্তাৰ হোৱা ভাৰতীয় নাগৰিকৰ সংখ্যা হ'লগৈ ৪৬২ গৰাকী ।

শ্ৰীলংকা নৌসেনাৰ স্পষ্টীকৰণ

শ্ৰীলংকা নৌসেনাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে উত্তৰ প্ৰান্তৰ জাফনাৰ পইণ্ট পেড্ৰোৰ উপকূলত মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকৰ নাও জব্দ কৰা হৈছে । প্ৰেছ বিজ্ঞপ্তি অনুসৰি ধৃত ১২ গৰাকী মাছমৰীয়াক কাঞ্চেশন্থুৰাই হাৰ্বাৰলৈ লৈ যোৱা হৈছে আৰু পৰৱৰ্তী পদক্ষেপৰ বাবে মাইলাদি মীন পৰিদৰ্শকক হস্তান্তৰ কৰা হ'ব ।

বিবৃতিটোত কোৱা হৈছে যে শ্ৰীলংকাৰ নৌসেনাই ২০২৪ চনত এতিয়ালৈকে দ্বীপৰাষ্ট্ৰখনৰ জলসীমাত প্ৰৱেশ কৰাৰ অভিযোগত ৬২ খন ভাৰতীয় নাও আৰু ৪৬২ গৰাকী ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু আইনী ব্যৱস্থা গ্ৰহণৰ বাবে কৰ্তৃপক্ষৰ হাতত গতাই দিছে ।

জলসীমাক লৈ বিতৰ্ক

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্কত মাছমৰীয়াৰ বিষয়টো এক বিতৰ্কিত বিষয় । আনকি লংকাৰ নৌসেনাৰ জোৱানসকলে পালক ষ্ট্ৰেইটত ভাৰতীয় মাছমৰীয়াসকলৰ ওপৰত পূৰ্বে গুলীচালনাও কৰিছে আৰু শ্ৰীলংকাৰ জলসীমাত অবৈধভাৱে প্ৰৱেশ কৰাৰ কেইবাটাও কথিত ঘটনাত নাও জব্দ কৰিছে । শ্ৰীলংকাৰ মীন মন্ত্ৰালয়ে ঘোষণা কৰিছে যে চুবুৰীয়া দেশৰ মাজত পুনৰাবৃত্তি হোৱা এনে সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ মঙলবাৰে ৰাষ্ট্ৰখনত ১২ জনীয়া এটা ভাৰতীয় দল উপস্থিত হ'ব ।

তামিলনাডুক শ্ৰীলংকাৰ পৰা পৃথক কৰা পালক ষ্ট্ৰেইট হৈছে দুয়োখন দেশৰ মাছমৰীয়াসকলৰ বাবে এক সমৃদ্ধ মৎস্য চিকাৰৰ গুৰুত্বপূৰ্ণ স্থান । দুয়োখন দেশৰ মাছমৰীয়াসকলে অজানিতে এই জলসীমাত প্ৰৱেশ কৰে । যাৰ ফলত তেওঁলোক নৌসেনাৰ হাতত গ্ৰেপ্তাৰ হয় ।

লগতে পঢ়ক:দীপাৱলীৰ পূৰ্বে ভয়ংকৰ প্ৰদূষণৰ কবলত ৰাজধানী দিল্লী