ETV Bharat / bharat

হীৰা চমকাই থাকোতেই জীৱন আধ্যা পৰিব খুজিছিল ১১৮ কৰ্মচাৰীৰ

হীৰা পলিশ্ব কৰা কাৰখানাৰ ভিতৰত খোৱাপানীৰ ফিল্টাৰত কোনোবাই মিহলি কৰিলে বিষাক্ত দ্ৰব্য ।

Workers undergoing treatment at the hospital
বিষাক্ত দ্ৰব্য মিহলি পানী খাই অসুস্থ বহু লোক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 6:04 PM IST

2 Min Read
Choose ETV Bharat

চুৰাট: গুজৰাটৰ চুৰাটৰ এটা হীৰা পলিশ্ব কৰা কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ গণহত্যাৰ অপচেষ্টাৰ ঘটনা । কাৰখানাৰ ভিতৰত থকা ফিল্টাৰৰ পৰা বিষাক্ত পানী খোৱাৰ পিছতে প্ৰায় ১১৮ গৰাকী শ্ৰমিক অসুস্থ হৈ পৰে । আৰক্ষীয়ে জনোৱা মতে শ্ৰমিকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনাটো বুধবাৰে পুৱা চহৰখনৰ কাপোদ্ৰা অঞ্চলত থকা অনভ জেমছ নামৰ প্ৰতিষ্ঠানত সংঘটিত হয় বুলি আৰক্ষীয়ে জনাইছে । আৰক্ষীৰ মতে শ্ৰমিকসকলে ৯ এপ্ৰিলৰ পুৱা ৮ বজাত আন দিনাৰ দৰেই দিনটো আৰম্ভ কৰিছিল । পুৱা প্ৰায় ৯.৩০ মান বজাত নিকুঞ্জ নামৰ এজন কৰ্মচাৰীয়ে পানীৰ ফিল্টাৰৰ পৰা দুৰ্গন্ধ ওলোৱাৰ অভিযোগ কৰি মেনেজাৰ হৰিশ লক্ষ্মীৰ ওচৰলৈ যায় । ফিল্টাৰটো পৰীক্ষা কৰাৰ পিছত ভিতৰত 'চেলফছ' নামৰ এক বিষাক্ত কীটনাশক দ্ৰব্যৰ পেকেট উদ্ধাৰ হয় ।

বিষাক্ত দ্ৰব্য মিহলি পানী খাই অসুস্থ ১০০ৰো অধিক লোক

কিন্তু ইতিমধ্যে শ শ কৰ্মচাৰীয়ে ফিল্টাৰৰ এই বিষাক্ত পানী গ্ৰহণ কৰিছিল । যাৰ বাবে লাহে লাহে প্ৰায় ১১৮ গৰাকী শ্ৰমিক অসুস্থ হৈ পৰে । পিছত জৰুৰীকালীনভাৱে কৰ্মচাৰীসকলক হাস্পতালত ভৰ্তি কৰোৱা হয় । তাৰ ভিতৰত ১১২ গৰাকী কৰ্মচাৰীক সোনকালে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় । কিন্তু ৬ গৰাকী কৰ্মচাৰী এতিয়াও চিকিৎসাধীন হৈ আছে ।

তাৰ ভিতৰত ৰবি প্ৰজাপতি, জয়দীপ বৰায়া আৰু কানু ৱালা নামৰ শ্ৰমিককেইজন কিৰণ চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি হৈ আছে । আনহাতে প্ৰকাশ টেংক, মহেশ প্ৰজাপতি আৰু ভেলজী যাদৱ নামৰ শ্ৰমিককেইজন জেনেৰেল ৱাৰ্ডত চিকিৎসাধীন হৈ আছে ।

চুৰাট আৰক্ষীয়ে নিশ্চিত কৰিছে যে এয়া কোনো দুৰ্ঘটনা নহয় । ইচ্ছাকৃতভাৱে কৰা হৈছিল । উপ-আৰক্ষী আয়ুক্ত আলোক কুমাৰে কয়, "যিজনে চেলফছ মিহলি কৰিছিল তেওঁৰ উদ্দেশ্য অতি ভয়ংকৰ আছিল । এয়া গণহত্যাৰ অপচেষ্টাৰ ঘটনা ।" তেওঁ উল্লেখ কৰা মতে নিৰ্দিষ্ট ধাৰাৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে । বিষয়টোৰ তদন্তৰ বাবে চাৰিটা বিশেষ দল গঠন কৰা হৈছে ।" আৰক্ষীয়ে চিচি টিভি ফুটেজো পৰীক্ষা কৰিছে । কিন্তু ফিল্টাৰটো কেমেৰাৰ পৰিসৰৰ বাহিৰত আছিল । যাৰ বাবে অপৰাধীৰ চিনাক্তকৰণ জটিল হৈ পৰিছে । অৱশ্যে আৰক্ষীয়ে সন্দেহ কৰিছে যে এই ঘটনাত একাধিক লোক জড়িত থাকিব পাৰে । আৰক্ষীয়ে বিভিন্নজনক সোধা-পোছাও কৰি আছে ।

লগতে পঢ়ক :হস্তী-মানৱৰ সংঘাত ৰোধৰ বাবে ত্ৰিপুৰাৰ বহুমুখী কৌশল গ্ৰহণ - MAN ELEPHANT CONFLICT