ছুৰট: ৰাজস্থানৰ প্ৰতিষ্ঠা দিৱসত গুজৰাটত বিশ্ব ৰেকৰ্ড গঢ়িলে নৃত্য়ৰে । ২০২৩ চনৰ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে একেলগে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিহু প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ পিছত এইবাৰ গুজৰাটত পৰম্পৰাগত ঘুমৰ নৃত্যৰে বিশ্ব ৰেকৰ্ড গঢ়িলে ।
ছুৰট চহৰত বাস কৰা ৰাজস্থানী সম্প্ৰদায়ে ৰাজস্থান প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । এই উপলক্ষে ১১ হাজাৰ ৰাজস্থানী মহিলাই ঘুমৰ নৃত্য় প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় । জয়পুৰত ৬০০০ মহিলাই একেলগে ঘুমৰ নৃত্য় প্ৰদৰ্শন কৰি গঢ়া অভিলেখ এইবাৰ ১১ হাজাৰ নাচনীয়ে ভংগ কৰিলে ।

ঘুমৰ নৃত্যৰে বিশ্ব অভিলেখ:
ছুৰটৰ গড্ডাৰা অঞ্চলত ৰাজস্থানৰ প্ৰতিষ্ঠা দিৱস উৎসৱৰ সময়ত এক অভিনৱ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় । গড্ডাৰাৰ মৰুধৰ মাৰ্কেটত ১১ হাজাৰ মহিলাই একেলগে ৰাজস্থানৰ পৰম্পৰাগত ঘুমৰ নৃত্যত অংশগ্ৰহণ কৰে । এই ঐতিহাসিক মুহূৰ্তত গিনিজ বুকৰ বিষয়াসকলো উপস্থিত থাকে ।

ৰাজস্থান প্ৰতিষ্ঠা দিৱসৰ দীপাৱলী:
ছুৰটত আছে বৃহৎসংখ্যক ৰাজস্থানী লোকৰ ঘৰ । তেওঁলোকে প্ৰতিবছৰে ৰাজস্থান দিৱস উদযাপন কৰে । এইবাৰ তেওঁলোকে জয়পুৰৰ ৬০০০ মহিলাই ঘুমৰ নৃত্যৰে কৰা ৰেকৰ্ড ভংগ কৰে । একেলগে ১১ হাজাৰ ৰাজস্থানী মহিলাই প্ৰদৰ্শন কৰা ঘুমৰ নৃত্য খুবেই আকৰ্ষণীয় হৈছিল ।

শতাধিক ব্যক্তি ঐতিহাসিক ক্ষণৰ সাক্ষী:
এই অনুষ্ঠানত ৰাজস্থানৰ কালবেলীয়া লোকনৃত্যৰ বিশেষজ্ঞ আছা সপেৰা উপস্থিতি থাকে । এই উপলক্ষে বলীউডৰ গায়কসকলো উপস্থিত আছিল । চৈত্রী নৱৰাত্ৰীৰ আৰম্ভণিতে ১১ হাজাৰ মহিলাই একেলগে গঙ্গা আৰতিও কৰে । বাৰাণসীৰ গঙ্গা ঘাটৰ পৰা বিশেষভাৱে ১১ জন পণ্ডিত আহে । মুখ্যমন্ত্রী নৰেন্দ্র মোদীৰ জল বচাও সংকল্প অভিযানৰ অধীনত প্ৰায় ২ লাখ মানুহে পানী সংৰক্ষণৰ সংকল্প গ্ৰহণ কৰে ।