ETV Bharat / bharat

মণিপুৰত সেনাৰে ভয়ংকৰ সংঘৰ্ষত নিহত ১০ উগ্ৰপন্থী - 10 MILITANTS KILLED IN MANIPUR

ৰাষ্ট্ৰপতি শাসনৰ অধীনত থকা মণিপুৰত সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ অব্যাহত ৷

militants killed in manipur
মণিপুৰত সেনাৰে ভয়ংকৰ সংঘৰ্ষত নিহত ১০ উগ্ৰপন্থী (ANI)
author img

By ANI

Published : May 15, 2025 at 7:52 AM IST

2 Min Read

চাণ্ডেল: মণিপুৰ এতিয়াও শান্ত হোৱা নাই ৷ ভাৰতীয় সেনাই চলোৱা এক অভিযানত নিহত হৈছে ১০ জনকৈ উগ্ৰপন্থী ৷ এই ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ চাণ্ডেল জিলাত ৷

বুধবাৰে বিয়লিৰ ভাগত আছাম ৰাইফলছৰ এটা দলৰ সৈতে সংঘৰ্ষ সংঘটিত হয় এই দলটোৰ ৷ এই বৃহৎ অভিযানৰ কথা সদৰী কৰিছে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে ৷

দুয়োপক্ষৰ মাজত চলা প্ৰচণ্ড গুলীয়াগুলীত ধৰাসায়ী হয় দহটাকৈ উগ্ৰপন্থী ৷ সংঘৰ্ষ বৰ্তমানেও অব্যাহত আছে বুলি প্ৰকাশ কৰা হৈছে ইষ্টাৰ্ণ কমাণ্ডৰ ফালৰ পৰা ৷ Xৰ এটা পোষ্টত এই সংঘৰ্ষ সন্দৰ্ভত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে কয়- "চাণ্ডেল জিলাৰ খেংজৈ তেহছিলৰ ছামতাল গাঁৱত সশস্ত্ৰ উগ্ৰপন্থীৰ দল এটা ঘূৰাফূৰা কৰি থকা বুলি বিশেষ চোৰাংচোৱাৰ ফালৰ পৰা খবৰ লাভ কৰা হৈছিল ৷ সেই অঞ্চলটো ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী ৷ লগে লগে আছাম ৰাইফলছৰ সেনাই সমগ্ৰ অঞ্চলটোত ১৪ মে'ত অভিযান তীব্ৰতৰ কৰি তোলে ৷"

সেনা বাহিনীৰ ফালৰ পৰা আৰু কোৱা হয় যে এই অভিযানৰ ফলত 10 টাকৈ উগ্ৰপন্থী নিহত হৈছে ৷ Xৰ পোষ্টটোত স্পষ্ট কৰি দিয়া হয়- "সন্দেহযুক্ত উগ্ৰপন্থীৰ দলটোৱে সেনা বাহিনীৰ দলটোৰ ওপৰত ধাৰাবাহিক গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে ৷ ফলত উভয় পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ এই সংঘৰ্ষত 10 জনকৈ উগ্ৰপন্থী নিহত হোৱাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হয় সেনাৰ দলটোৱে ৷" উল্লেখ্য যে গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰত সম্প্ৰতি ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈ আছে ৷

লগতে পঢ়ক: নক্সালৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান: ধৰাশায়ী ৩১, বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.