অসম

assam

Crime in Jamugurihat: জামুগুৰিহাটত মহিলাক বান্ধি ডকাইতে লুটিলে সোণৰ অলংকাৰ

By

Published : Jun 4, 2023, 1:36 PM IST

Updated : Jun 4, 2023, 2:17 PM IST

চতিয়া, ৪জুন:জামুগুৰিহাটত শনিবাৰে নিশা সংঘটিত হয় এক ডকাইতিৰ ঘটনা (Robbery in Jamugurihat)। জামুগুৰিহাটৰ হাজৰিকাচুক গাঁৱৰ জান হাজৰিকা নামৰ মহিলাগৰাকীৰ গৃহত সন্ধ্যা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷ ৬০ৰ উৰ্দ্ধৰ মহিলাগৰাকীক ৰচিৰে বান্ধি, মুখত সোপা দি চোকা অস্ত্ৰ দেখুৱাই লুটি নিয়ে সোণৰ আ-অলংকাৰ ৷ ৩ জনীয়া ডকাইতৰ দলটোৱে বিচাৰিছিল গাড়ী বিক্ৰী কৰা টকা (Robbery in Hazarikachuk of Jamugurihat) ৷

উল্লেখ্য যে, জামুগুৰি থানাৰ নিকটৱৰ্তী হাজৰিকা চুক গাঁৱৰ জান হাজৰিকা নামৰ মহিলাগৰাকীৰ ঘৰৰ পৰা ঘটনাৰ আগদিনা অৰ্থাৎ শুকুৰবাৰৰ দিনা কনিষ্ঠ পুত্ৰ আকাশ হাজৰিকাই বিক্ৰী কৰিছিল এখন বাহন । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । স্মৰ্তব্য যে ৯ দিন পূৰ্বে অঞ্চলটোৰ সৰুভগীয়া গাঁৱতো ডকাইতৰ দলে এনেদৰে এগৰাকী মহিলাক মুখত সোপা দি সংঘটিত কৰিছিল ডকাইতি কাণ্ড ৷

এই অঞ্চলটোত এইদৰে সঘনাই হৈ থকা চুৰি, ডকাইতিৰ ঘটনাই সম্প্ৰতি সৰ্বসাধাৰণ ৰাইজক চিন্তিত কৰিছে ।

লগতে পঢ়ক:Road Accident in Tezpur: তেজপুৰৰ ডেকাৰগাঁৱত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এছ এছ বিৰ জোৱান

Last Updated :Jun 4, 2023, 2:17 PM IST

ABOUT THE AUTHOR

...view details