অসম

assam

Mechanical failure in flight : গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বিমানত যান্ত্ৰিক বিজুতি; বৰঝাৰত জৰুৰী অৱতৰণ

By

Published : Jun 4, 2023, 1:38 PM IST

গুৱাহাটী, 4 জুন : ‘‘মোৰ জীৱনত এনেকুৱা ঘটনা হোৱাই নাই ৷ মই 1999 ৰ পৰা ৰাজনৈতিক দলৰ লগত আছো ৷ এবাৰ বেংগালুৰুৰ পৰা আহি থাকোতে দিল্লীত ৰখাব নোৱাৰি ৰাজস্থানত অৱতৰণ কৰিলে ৷ এইবাৰ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈ থাকোতে ডিব্ৰুগড়ত অৱতৰণ কৰাব নোৱাৰি পুনৰ গুৱাহাটী আনি গুৱাহাটীতে অৱতৰণ কৰা হ’ল ৷ এই বিষয়ে মই বিভাগীয় মন্ত্ৰীৰ সৈতে কথা পাতিম ৷’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য সাংসদ ৰামেশ্বৰ তেলীয়ে ৷

উল্লেখ্য যে, দেওবাৰে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বিমানত ঘটে যান্ত্ৰিক বিজুতি (Flight from Guwahati to Dibrugarh) ৷ যান্ত্ৰিক বিজুতিৰ বাবে উৰণৰ 10-12 মিনিটৰ পাচতেই পুনৰ বৰঝাৰতে আৱতৰণ কৰা হ’ল বিমানখন (IndiGo flight emergency landing in Guwahati)৷ বিমানখনত আছিল সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন আৰু তেৰছ গোৱালা ৷

লগতে পঢ়ক :Illegal weapons seized in Nagaon : অবৈধ মাৰণাস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত দুই কুখ্যাত অপৰাধী

ABOUT THE AUTHOR

...view details