অসম

assam

Warm situation in Dibrugarh : দুলীয়াজান ক্লাৱত অনুষ্ঠিত হোৱা প্ৰাক্তন আছু সতীৰ্থ সন্মিলনক লৈ উত্তপ্ত পৰিস্থিতি

By

Published : Jun 4, 2023, 12:31 PM IST

ডিব্ৰুগড়, 4 জুন :বৰ্তমান আছু আৰু প্ৰাক্তন আছুৰ সংঘাত পুনৰ মূৰ দাঙি উঠিছে । দেওবাৰে দুলীয়াজান ক্লাৱত অনুষ্ঠিত হোৱা প্ৰাক্তন আছু সতীৰ্থ সন্মিলনক লৈ সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি । দুলীয়াজান ক্লাৱত অনুষ্ঠিত হোৱা প্ৰাক্তন সতীৰ্থ সন্মিলনত বৰ্তমানৰ আছুৱে বাধা প্ৰদানৰ চেষ্টা কৰে (Conflict between present AASU and EX AASU leaders)। এইলৈ দেওবাৰে দুলীয়াজানত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

আনকি আৰক্ষীৰ সৈতেও আছুৰ ডিব্ৰুগড় জিলা সমিতিৰ মাজত সৃষ্টি হয় কিছু বাক-বিতণ্ডাৰ । ফলত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হয় । যি কোনো মূহুৰ্ততে আৰক্ষীয়ে আটক কৰিব পাৰে আছুৰ শতাধিক কৰ্মীক (Warm situation in Dibrugarh) ।

উল্লেখ্য যে, ডিব্ৰুগড়ত পূৰ্বেও এই পৰিৱেশ দেখিবলৈ পোৱা গৈছিল কেইটামান মাহৰ পূৰ্বে । ডিব্ৰুগড়ৰ সদৰত প্ৰাক্তন আছু একাংশ সদস্যই সন্মিলন পাতিবলৈ চেষ্টা চলোৱাত সংঘাত সৃষ্টি হৈছিল । আজি সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে দুলীয়াজানত ৷

লগতে পঢ়ক :Illegal weapons seized in Nagaon : অবৈধ মাৰণাস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত দুই কুখ্যাত অপৰাধী

ABOUT THE AUTHOR

...view details