অসম

assam

Earphones Side Effects : আনৰ Earphones ব্যৱহাৰ কৰি শ্ৰৱণ শক্তি হেৰুৱালে এজন যুৱকে, আপুনিও বেলেগৰ Earphones ব্যৱহাৰ কৰে নেকি ?

By

Published : Jun 4, 2023, 2:23 PM IST

Harmful Effects Of Listening Music With others Earphone

WHOৰ তথ্য অনুসৰি Earphones বা হেডফোনৰ অত্যধিক ব্যৱহাৰে সমগ্ৰ বিশ্বৰ প্ৰায় ১০০ কোটি যুৱকৰ শ্ৰৱণ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে । আনে ব্যৱহাৰ কৰা ইয়াৰফোন ব্যৱহাৰ কৰাটো বিপদজনক হ’ব পাৰে ।

বৰ্তমান যুগুত সকলোৱে ইয়াৰফোন ব্যৱহাৰ কৰে ৷ সেয়া সম্পূৰ্ণ স্বাভাৱিক কথা ৷ কিন্তু আপুনি বেলেগে ব্যৱহাৰ কৰা ইয়াৰফোন ব্যৱহাৰ কৰে নেকি ? যদি আপুনি বেলেগৰ Earphones ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ । উত্তৰ প্ৰদেশৰ গোৰখপুৰত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা (UP headphone case) । য’ত বেলেগ এজন ব্যক্তিৰ Earphones ব্যৱহাৰ কৰা এজন ১৮ বছৰীয়া যুৱক নুশুনা হ’ল কাণেৰে ৷ হয়, আচৰিত যেন লাগিলেও, এয়া সঁচা ৷ কিয়নো চিকিৎসকে নিজেই নিশ্চিত কৰিছে এই কথা (Disadvantages of headphones)।

আচলতে বেলেগৰ ইয়াৰফোন ব্যৱহাৰ কৰা যুৱকজনৰ কাণত ইনফেকশ্বন হৈছিল আৰু লাহে লাহে তেওঁৰ শ্ৰৱণ শক্তি বন্ধ হৈ পৰে । সমস্যা বাঢ়ি অহাত যুৱকজনক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত দুবাৰকৈ অস্ত্ৰোপচাৰ কৰাৰ পিচতো কোনো ভাল ফলাফল লাভ নকৰিলে। ইয়াৰ পিচত পৰিয়ালবৰ্গই তেওঁক দিল্লীলৈ লৈ যায় (Bluetooth headphones side effects)। য’ত ইমপ্লাণ্ট কৰি যুৱকজনৰ স্বাভাৱিক শ্ৰৱণ ক্ষমতা ঘূৰাই অনা হয় ৷ কিন্তু এইখিনিতে প্ৰশ্ন হয় যে আনৰ ইয়াৰফোন ব্যৱহাৰ কৰাটো সঁচাকৈয়ে এটা সমস্যা হ’ব পাৰে নেকি ?

গোৰখপুৰৰ সম্পূৰ্ণ ঘটনাৰ সবিশেষ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই যুৱকজনে প্ৰতিদিনে প্ৰায় ৮-১০ ঘণ্টা ধৰি ইয়াৰফোন ব্যৱহাৰ কৰিছিল (Wearing headphones 8 hours a day)। প্ৰথম অৱস্থাত তেওঁৰ কাণত বিষৰ সমস্যা হৈছিল । ভুক্তভোগীয়ে বন্ধুসকলৰ ইয়াৰফোনো ব্যৱহাৰ কৰিছিল, যাৰ বাবে তেওঁৰ সমস্যা আৰু অধিক বৃদ্ধি পাইছিল । যুৱকজনৰ চিকিৎসা কৰা চিকিৎসকে কয় যে Earphones ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ কাণত সংক্ৰমণ ঘটিছিল । ইয়াৰ পিচতো তেওঁৰ Earphonesৰ প্ৰতি থকা আকৰ্ষণ কমি যোৱা নাছিল ৷ যাৰ ফলত যুৱকজনে একেবাৰেই শুনিব পৰা নাছিল । কাণত বেক্টেৰিয়া বৃদ্ধি হোৱাৰ বাবে শ্ৰৱণ ক্ষমতা যথেষ্ট কমি যায় আৰু তাৰ পিচত যুৱকজন চিকিৎসকৰ ওচৰ পায়গৈ । য’ত তেওঁৰ চিকিৎসাৰ খৰচ হৈছে প্ৰায় ডেৰ লাখ টকা ।

স্বাস্থ্য বিশেষজ্ঞই কি কয়

আচলতে আমাৰ কাণৰ ভিতৰত এখন পৰ্দা আছে । যাক কাণৰ ঢোল বুলি কোৱা হয় (Can excessive use of earphones cause headaches)। কোনোবাই যেতিয়া দীৰ্ঘদিন ইয়াৰফোন বা হেডফোন ব্যৱহাৰ কৰে বা অতিক চাউণ্ডত গান শুনি থাকে তেতিয়া ইয়াৰ কম্পনৰ চাপৰ সৈতে খুন্দা মাৰে কাণৰ ড্ৰামত । ইয়াৰ বাবেই বহুতো সমস্যা হ’বলৈ আৰম্ভ কৰে । WHOৰ তথ্য অনুসৰি ইয়াৰফোন বা হেডফোনৰ অত্যধিক ব্যৱহাৰে সমগ্ৰ বিশ্বৰ প্ৰায় ১০০ কোটি যুৱকৰ শ্ৰৱণ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে ।

কিমান সময় ইয়াৰফোন ব্যৱহাৰ কৰিব লাগে

এক অধ্যয়নৰ মতে, কোনোবাই যদি দুঘণ্টাৰো অধিক সময় ৯০ ডেচিবেলতকৈ অধিক গীত শুনে তেন্তে তেওঁ কেৱল শ্ৰৱণ শক্তি হেৰুওৱাই নহয়, আন বহু সমস্যাও হ’ব পাৰে (Is it bad to use earphones everyday)। আমাৰ কাণে ৯০ ডেচিবেল পৰ্যন্ত শুনিব পাৰে । আমি যেতিয়া অধিক চাউণ্ড দি গান শুনো তেতিয়া ই ৪০-৫০ ডেচিবেল পৰ্যন্ত হ’ব পাৰে । দূৰৈৰ শব্দ ইয়াতকৈ কম শুনা যায় ।

বিশেষজ্ঞসকলৰ মতে উচ্চস্বৰত গান শুনাটোৱে হৃদযন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে (Wireless earbuds side effects)। গৱেষণাত দাবী কৰা হৈছে যে উচ্চস্বৰত গীত শুনিলে হৃদস্পন্দন অতি উচ্চ হৈ পৰে । এনে ক্ষেত্ৰত হৃদস্পন্দন স্বাভাৱিক গতিতকৈ বেছি হয় । যাৰ বাবে তেওঁৰ ক্ষতি হ’ব পাৰে । ইয়াৰফোনৰ পৰা বিদ্যুৎচুম্বকীয় তৰংগ ওলায়, যাৰ ফলত মগজুৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰে (Side effects of headphones on brain)।

লগতে পঢ়ক:Digital Detox: ফোনৰ অত্য়ধিক ব্যৱহাৰৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ কামত আহিব এইসমূহ পদ্ধতি

ABOUT THE AUTHOR

...view details