অসম

assam

Assam govt in debt : দ্বিধাহীনভাৱে পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে

By

Published : Jun 4, 2023, 2:23 PM IST

Assam govt took another loan

আৰ্থিক সংকটৰে মোকাবিলা কৰিবৰ বাবে চৰকাৰখনে প্রতি মাহতে ঋণৰ ওপৰত ভৰসা কৰিবলগীয়া হৈছে । পুনৰ ঋণ লোৱাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ (Debt burden on Assam government) । নতুনকৈ এহেজাৰ কোটি টকাৰ ঋণ ল'বৰ বাবে বিত্ত বিভাগৰ আয়ুক্ত-সচিবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত ইতিমধ্যে দাখিল কৰিছে প্ৰস্তাৱ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে ইতিমধ্যে লোৱা ঋণৰ পৰিমাণ হৈছে ৪৪,৫০৮ কোটি টকা ।

গুৱাহাটী, ৪ জুন :কোনো কথালৈ আৰু কাৰোলৈ কেৰেপ নকৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কোনো ধৰণৰ দ্বিধাবোধ নোহোৱাকৈ ঋণৰ ওপৰত ঋণ লৈ আহিছে । বিভিন্ন দল-সংগঠনৰ ব্যাপক সমালোচনাৰ পাচতো চৰকাৰখনে অব্যাহত ৰাখিছে ঋণ লোৱাৰ প্ৰক্ৰিয়া (Debt burden on Assam government) । চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ যেন অভিলেখ সৃষ্টি কৰিব বিচাৰিছে । ঋণৰ ওপৰতে নিৰ্ভৰ হ'বলগীয়া হৈছে ৰাজ্যৰ বিত্তবিভাগ (Assam govt took another loan) ।

এটা কথা নিশ্চিত যে ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা সুস্থিৰ নহয় । হিতাধিকাৰীৰ সংখ্যা যিমানেই বৃদ্ধি নকৰক কিয় আৰু নতুন নিযুক্তিৰে ৰাজনৈতিক চমক সৃষ্টিৰ প্ৰয়াস নকৰক কিয় ৰাজ্য চৰকাৰ ভিতৰি বিত্তীয় সংকটৰ গৰাহত পৰিছে । যাৰ মোকাবিলা কৰিবৰ বাবেই চৰকাৰখনে প্রতি মাহতে ঋণৰ ওপৰত ভৰসা কৰিবলগীয়া হৈছে । পুনৰ ঋণ লোৱাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ । ৬ জুন তাৰিখে নতুনকৈ এহেজাৰ কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে ।

বিত্ত বিভাগৰ আয়ুক্ত-সচিব জয়ন্ত নাৰ্লিকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত ইতিমধ্যে সেই প্ৰস্তাৱ দাখিল কৰিছে । লক্ষণীয় বিষয় যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো মাহ অৰ্থাৎ এপ্ৰিলত ৰাজ্য চৰকাৰে এহেজাৰ কোটি টকাৰ ঋণ লোৱাৰ পিচত বিগত মাহত তিনি হেজাৰ কোটি টকাৰ ঋণ লৈছিল । তথ্য মতে, এই মাহতো চৰকাৰে তিনি হেজাৰ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

বিগত মাহলৈকে সামৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ ৪৪ হেজাৰ ৫০৮ কোটি টকা হৈছে । এনেদৰে প্ৰতি মাহত ঋণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাৰ পৰা এই কথা স্পষ্ট যে চৰকাৰখন জোৰা-টাপলি মাৰি চলি আছে । উল্লেখ্য যে, বিগত বিত্তীয় বৰ্ষত কেন্দ্রই বিভিন্ন আঁচনিৰ বিপৰীতে ৩০ হেজাৰ কোটি টকা অসমক মোকলাই দিয়া নাই ।

লগতে পঢ়ক :Assam govt in debt : উদং ৰাজ্কোষ! পুনৰ ঋণ ল’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে

‘‘ডাৱল ইঞ্চিন’’ৰ কথা কোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কিন্তু প্ৰাপ্য ধন কেন্দ্ৰৰ পৰা হেঁচা প্ৰয়োগ কৰি মোকলাই আনিব পৰা নাই । বৰং ইয়াৰ বিপৰীতে সর্বসাধাৰণ ৰাইজক কৰ-কাটলৰ বোজাৰে চেপি-খুন্দি মাৰিবলৈ চৰকাৰী বিভাগসমূহক পূৰ্বৰ তুলনাত দুগুণ পৰিমাণৰ ৰাজহ সংগ্ৰহৰ বাবে হেঁচা দিছে ।

লগতে ঋণৰ ওপৰত ঋণ লৈ ৰাজ্যখনক সংকটৰ দিশে ঠেলি দিছে । উল্লেখ্য যে, চৰকাৰে ছটা বিভাগক অতিৰিক্তভাৱে ৩৬ হাজাৰ কোটি টকা সংগ্ৰহৰ বাবে টাৰ্গেট দিছে । এনেদৰেই এতিয়া চৰকাৰে ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দি আৰু ঋণ লৈ ৰাজ্য চলাই আছে । পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালত ৪৮,৮০১ কোটি টকা ঋণ লোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়ালৈকে ৪৪ হেজাৰ ৫০৮ কোটি টকা ঋণ লৈছে ।

লক্ষণীয় বিষয় যে, চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ কোনো ধৰণৰ উৎপাদনমূলত কামত খৰচ কৰা নাই । আনকি ঋণৰ ওপৰত ঋণ লৈ উন্নয়নৰ ঢাক-ঢোল বজোৱা অসম চৰকাৰে ঋণৰ সুদ মাৰিবলৈকে ঋণ ল'বলগীয়া হৈছে । ইফালে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক চমুকৈ কেগৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদনতো ৰাজ্যখনৰ ঋণৰ বোজাৰ প্ৰসংগ উল্লেখ কৰা হৈছে ।

কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে আগত বছৰসমূহত ৰাজহুৱা ঋণৰ মূলধন হ্রাস দূৰৈৰ কথা, সুত পৰিশোধৰ ওপৰত চাপ বৃদ্ধি হ’ব । কেগৰ প্রতিবেদনত স্পষ্ট কৰি দিয়া হৈছে যে মূলধন গঠন আৰু বিকাশ অবিহনে ঋণৰ পৰিমাণ বৃদ্ধি ৰাজ্যখনৰ ভৱিষ্যৎ প্রজন্মৰ বাবে এক অভাৱনীয় বোজা হৈ পৰিব ।

লগতে পঢ়ক :Mechanical failure in flight : গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বিমানত যান্ত্ৰিক বিজুতি; বৰঝাৰত জৰুৰী অৱতৰণ

ABOUT THE AUTHOR

...view details