অসম

assam

Eviction notice form Railway Department: উচ্ছেদৰ জাননীয়ে হাহাকাৰ লগাইছে ১৭ টাকৈ পৰিয়ালত

By

Published : Jun 4, 2023, 12:18 PM IST

Railway department issues eviction notice to 17 families in Dibrugarh

ডিব্ৰুগড়ৰ খোৱাং চেৰেপাখাটিত ১৭ টাকৈ পৰিয়াললৈ ৰে'ল বিভাগৰ উচ্ছেদৰ জাননী(Eviction notice form Railway Department) । সময় বান্ধি দিলে ১৫ টা দিনৰ । উচ্ছেদ জাৰি কৰা পৰিয়ালকেইটাৰ মাজত হাহাকাৰময় পৰিস্থিতি । কোনোপধ্যে ঘৰ স্থানান্তৰিত নকৰাৰ হুংকাৰ ৰাইজৰ ।

ডিব্ৰুগড়,৪ জুন: ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ খোৱাং চেৰেপাখাটিৰ ১৭ টাকৈ পৰিয়ালক তিনিচুকীয়াস্থিত এন এফ ৰে'ল বিভাগে প্ৰদান কৰা উচ্ছেদৰ জাননীক লৈ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ৰাইজৰ মাজত (Eviction notice to 17 families in Dibrugarh) । টিংখাং সমষ্টিৰ অন্তৰ্গত ৰঙালাও বজাৰ সমীপৰ ৰে'ল লাইনৰ কাষত থকা পৰিয়ালকেইটাক আগন্তুক ১৫ দিনৰ ভিতৰত আঁ‌তৰি যাবলৈ দিয়া জাননীক লৈ পৰিয়ালকেইটাৰ মাজত এক প্ৰকাৰৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে (Eviction notice form Railway Department) ।

ৰে'ল আলিৰ কাষত ৰে'ল বিভাগে সীমা বান্ধি দিয়া পকী প'ষ্টৰ বাহিৰত পৰিয়ালকেইটাই বছৰ বছৰ ধৰি বসবাস কৰি আহিছে । এই ১৭ টা পৰিয়ালৰ ভিতৰত দুটামান পৰিয়ালে চৰকাৰৰ পৰা মাটি পট্টা লাভ কৰি খাজনাও নিয়মিতভাৱে পৰিশোধ কৰি আহিছে । তাৰ পিছতো ৰে'ল বিভাগে দিয়া উচ্ছেদৰ জাননীক লৈ হতচকিত হৈ পৰিছে পৰিয়ালকেইটা (Railway department issues eviction notice) ।

লগতে পঢ়ক:Odisha Train accident : ১০০ অচিনাক্ত মৃতদেহ ৰখা হ'ব এইমছ ভুৱনেশ্বৰত

ইফালে উচ্ছেদৰ জাননী অহাৰ পিছতে পৰিয়ালকেইটা ক্ষোভিত হৈ পৰিছে । ৰে'ল বিভাগৰ সীমাৰ বাহিৰত ঘৰ সাজি বছৰ বছৰ ধৰি তেওঁলোক বসবাস কৰি আহিছে । ইয়াৰে দুটামান পৰিয়ালে পকীঘৰো নিৰ্মাণ কৰিছে । তেনেস্থলত হঠাৎ ৰে'ল বিভাগে সীমা বৃদ্ধি কৰি পৰিয়ালকেইটাক উচ্ছেদ কৰিব বিচৰা কাৰ্যক তেওঁলোকে কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে ।

ইফালে উচ্ছেদ জাৰি কৰা পৰিয়ালকেইটাৰ কাষত উপস্থিত হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা নগৰ সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ নেতৃত্বই পৰিয়ালকেইটাৰ উচ্ছেদৰ জাননীক মানি নোলোৱাৰ হুংকাৰ দিছে । দুয়োটা সংগঠনৰ নেতৃত্বই পৰিয়ালকেইটাৰ কাষত থাকি প্ৰয়োজনত আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে ।

লগতে পঢ়ক:Triple train crash in Odisha : আহত যাত্ৰীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ ওড়িশা চৰকাৰৰ

TAGGED:

ABOUT THE AUTHOR

...view details