অসম

assam

Massive cranes Posted : উৰিষ্যা ৰে’ল দুৰ্ঘটনাস্থলীত দ্ৰুতগতিত চলিছে ট্ৰেকৰ পুনৰুদ্ধাৰৰ কাম

By

Published : Jun 4, 2023, 12:11 PM IST

Updated : Jun 4, 2023, 2:19 PM IST

Massive cranes Posted

ওড়িশাৰ ট্ৰিপল ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ ৷ এই দুৰ্ঘটনাৰ তৃতীয় দিনাও পূৰ্ণগতিত চলি আছে ট্ৰেক পুনৰুদ্ধাৰৰ কাম (Restoration works at Odisha train accident site)৷ 1000 ৰ অধিক শ্ৰমিকে দিন-ৰাতি একাকাৰ কৰিছে ৰে’লৱে ট্ৰেকৰ কাম (Railway officials on Odisha crash) ৷

নেশ্যনেল ডেস্ক, 4 জুন :ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ পাচত জোৰদাৰ গতিত চলিছে ৰে’ল পথ নিৰ্মাণৰ কাম (Odisha Train accident) ৷ ক্ষতিগ্ৰস্ত ডবা আঁতৰাই পুনৰ ৰে’ল ট্ৰেক নিৰ্মাণৰ কাম দিনে নিশাই চলি আছে (Restoration works at Odisha train accident site) ৷ বালাচোৰত দুখন এক্সপ্ৰেছ ৰে’ল আৰু এখন মালবাহী ৰে’ল দুৰ্ঘটনাত পতিত হৈছিল, য'ত শ শ লোক নিহত আৰু সহস্ৰাধিক লোকৰ আহত হৈছিল ।

ইফালে ৰে'লৱে বিভাগৰ টুইটাৰত সদৰী কৰা অনুসৰি 7 খনৰো অধিক বৃহৎ বৃহৎ ক্ৰেন, দুখন সহায়কাৰী ৰে’ল নিৰ্মাণ কামত নিয়োজিত কৰা হৈছে । ৰে’ল মন্ত্ৰীয়ে টুইট কৰা অনুসৰি 1000 ৰ অধিক শ্ৰমিকে দিন ৰাতিক একাকাৰ কৰি পুনৰ মেৰামতিৰ কাম চলি থকা বুলি টুইটযোগে সদৰী কৰিছে (1000 workers doing restoration Day Night) ৷

শুকুৰবাৰৰ ক’ৰ’মণ্ডল আৰু বেংগালুৰু-হাওৰা এক্সপ্ৰেছ ৰে'লৰ দুৰ্ঘটনাত বৰ্তমানলৈকে 288 জন যাত্ৰী নিহত আৰু 1000 ৰো অধিক লোক আহত হৈছে । শনিবাৰে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi viste incident place) ৷ সমগ্ৰ দৃশ্য দেখি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এই দুৰ্ঘটনাটো বৰ্ণনা কৰিবলৈ কোনো শব্দ বিচাৰি পোৱা নাই’’ ৷

লগতে পঢ়ক :Triple train crash in Odisha : মৃতদেহ চিনাক্তকৰণত আহিছে বাধা, DNA ৰ জৰিয়তে মৃতদেহ চিনাক্ত কৰা হ’ব

কালিকা লগা শুকুৰবাৰে সংঘটিত হোৱা ট্ৰিপল ৰে’ল দুৰ্ঘটনাৰ বাবে দায়ী কোন ! এয়া মানুহৰ ভুল নে কাৰিকৰী বিজুতিৰ বাবে ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ’ল ! এই দুৰ্ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে কেইবাখনো প্ৰাথমিক প্ৰতিবেদন প্ৰকাশ পাইছে ৷ প্ৰাথমিক প্ৰতিবেদন অনুসৰি সংকেত ভুল আছিল বাবে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা ৷ কিন্তু এই প্ৰতিবেদন কেৱল মাত্ৰ প্ৰাথমিক তথ্যহে ৷ প্ৰকৃত তথ্যলৈ অপেক্ষা কৰিব লাগিব দেশবাসীয়ে ৷

বালাচোৰ ৰে’ল দুৰ্ঘটনাটোৰ সময়ত 2000 ৰো অধিক যাত্ৰীয়ে ক’ৰ’মণ্ডল আৰু বেংগালুৰু-হাওৰা এক্সপ্ৰেছ যাত্ৰা কৰি আছিল । এই দুৰ্ঘটনাত সামান্যভাৱে আঘাতপ্ৰাপ্ত প্ৰায় 790 জনৰো অধিকক যাত্ৰীক ইতিমধ্যে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে (790 Injured Passenger discharged) ৷ সমগ্ৰ ঘটনাৰ দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলিও সকিয়নী প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

লগতে পঢ়ক :Triple train crash in Odisha : আহত যাত্ৰীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ ওড়িশা চৰকাৰৰ

Last Updated :Jun 4, 2023, 2:19 PM IST

ABOUT THE AUTHOR

...view details