অসম

assam

Odisha train accident : দুৰ্ঘটনাস্থলীত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, উদ্ধাৰকাৰীক প্ৰশংসা

By

Published : Jun 4, 2023, 1:29 PM IST

Odisha train accident

উদ্ধাৰ অভিযানত জড়িতসকলক প্ৰশংসা কৰে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে (Adhir Ranjan Chowdhury reaches accident spot)। বুধবাৰৰ ভিতৰত ট্ৰেক মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত চৰকাৰৰ । উদ্ধাৰ অভিযানত ভাৰতীয় বায়ু সেনাইও সহযোগিতা আগবঢ়াইছিল ।

নেশ্যনেল ডেস্ক,৪ জুন :ওড়িশাৰ বালাছোৰৰ ৰে'ল দুৰ্ঘটনাস্থলীত উপস্থিত প্ৰাক্তন ৰাজ্যিক ৰে'ল মন্ত্ৰী তথা কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী । উপস্থিত হৈয়ে দুৰ্ঘটনাৰ পাছত উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়োৱা দলবোৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে নেতাগৰাকীয়ে (Adhir Ranjan Chowdhury praises rescue team)। অধীৰ ৰঞ্জন চৌধুৰীৰ মতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে তেওঁক আৰু এআইচিচিৰ ভাৰপ্ৰাপ্ত এ চেল্লা কুমাৰক পৰিস্থিতিৰ বুজ ল'বলৈ ওড়িশাৰ ৰে'ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে ।

তেওঁ উল্লেখ কৰা মতে উদ্ধাৰকাৰী দলবোৰে সকলো ফালৰ পৰা উদ্ধাৰৰ চেষ্টা চলাইছে (Rescue operation in train accident spot) । কিন্তু এই ধৰণৰ দুৰ্ঘটনা প্ৰতিহত কৰা বা পুনৰুদ্ধাৰৰ বাবে পূৰ্বৰে পৰা প্ৰশাসন সাজু হৈ থাকিব লাগিছিল বুলিও তেওঁ দাবী কৰে । এনেধৰণৰ সজাগতা পূৰ্বৰে পৰা লোৱা হ'লে দেশবাসীয়ে আজি এনে দুৰ্ঘটনা নেদেখিলেহেঁতেন বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে, বালাছোৰ ৰে'ল দুৰ্ঘটনাস্থলীত পুনৰুদ্ধাৰৰ কামৰ পৰ্যালোচনা কৰা ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ইলেক্ট্ৰনিক ইণ্টাৰলকিঙৰ পৰিৱৰ্তনৰ ফলত ২৮৮ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল (Railway minister on cause of train accident)। অশ্বিনী বৈষ্ণৱে কয় যে ৰে'ল সুৰক্ষা আয়ুক্তই বিষয়টো অনুসন্ধান কৰি আছে আৰু ঘটনাটোৰ কাৰণ আৰু ইয়াৰ বাবে দায়ী লোকসকলক চিনাক্ত কৰি থকা হৈছে ।

ৰে'ল মন্ত্ৰীয়ে লগতে কয় যে এই মুহূৰ্তত পুনৰুদ্ধাৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে আৰু বুধবাৰে পুৱালৈ এই কাম সম্পূৰ্ণ হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে উক্ত স্থান পৰিদৰ্শন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেই ট্ৰেকটো আজিৰ ভিতৰত মুকলি কৰাৰ চেষ্টা চলোৱা হ'ব (Restoration work at Balasore train collision site)।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে দুৰ্ঘটনাস্থলীৰ পৰা মৃতদেহবোৰ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে । চৰকাৰৰ লক্ষ্য হৈছে বুধবাৰলৈ পুনৰুদ্ধাৰৰ কাম শেষ কৰা যাতে সেই ট্ৰেকত ৰে'লৰ পুনৰ চলাচল আৰম্ভ কৰিব পৰা যায় । ইফালে ভাৰতীয় বায়ু সেনাই মৃতদেহ আৰু আহতসকলক স্থানান্তৰ কৰাৰ বাবে এমআই-১৭ হেলিকপ্টাৰ মোতায়েন কৰিছিল । ইষ্টাৰ্ণ কমাণ্ডৰ মতে ভাৰতীয় বায়ুসেনাই অসামৰিক প্ৰশাসন আৰু ভাৰতীয় ৰে'লৱেৰ সৈতে উদ্ধাৰ প্ৰচেষ্টাত সমন্বয় ৰক্ষা কৰিছে ।

দুৰ্ঘটনাটোৰ প্ৰাথমিক প্ৰতিবেদনত কোৱা হৈছে যে তিনিখন ৰে'ল দুৰ্ঘটনাত পতিত হৈছিল । সেই তিনিখন ৰে'ল আছিল বেংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছ, ক'ৰ'মণ্ডল এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে'ল । শুকুৰবাৰে সন্ধিয়া হোৱা দুৰ্ঘটনাটোত দুয়োখন যাত্ৰীবাহী ৰে'লৰ প্ৰায় ১৭ টা ডবা লাইনচ্যুত হয় আৰু ডবাবোৰৰ যথেষ্ট ক্ষতি হয় ।

লগতে পঢ়ক :PM Modi visit Bahanaga train accident spot : দুৰ্ঘটনাস্থলী পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

TAGGED:

ABOUT THE AUTHOR

...view details